ETV Bharat / bharat

IPL 2023: কোন হ'ব দিল্লী কেপিটেলছৰ অধিনায়ক

author img

By

Published : Jan 1, 2023, 5:31 PM IST

Discussion on Captain of Delhi Capitals
ঋষভ পন্ত

আই পি এল ২০২৩ত দিল্লী কেপিটেলছৰ পৰৱৰ্তী অধিনায়ক কোন হ'ব তাকে লৈ চলিছে চৰ্চা । ঋষভ পন্ট দুৰ্ঘটনাত পতিত হোৱাৰ পিছত এতিয়া দলটোৱে নতুন অধিনায়কৰ সন্ধান কৰিছে । এই তালিকাত আছে ডেভিদ ৱাৰ্ণাৰ (David Warner in IPL 2023) ।

নেশ্য়নেল ডেস্ক, ১ জানুৱাৰী: উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট দুৰ্ঘটনাত পতিত হোৱাৰ পিছত আই পি এল ২০২৩ত দিল্লী কেপিটেলছৰ অধিনায়ক কোন হ'ব সেই বিষয়ে ব্য়াপক চৰ্চা হৈছে (Discussion on Captain of Delhi Capitals) । উল্লেখ্য় যে শুকুৰবাৰে উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট দুৰ্ঘটনাত পতিত হৈছিল । তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ডেৰাডুনৰ মেক্স চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (IPL 2023)। তেওঁৰ অৱস্থা উন্নত হৈছে যদিও দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব কোনে ল'ব তাকে লৈ সকলো উদ্বিগ্ন হৈ পৰিছে ।

উইকেটকীপাৰ বেটছমেন ঋষভ পন্ট দলত নাথাকিলে দিল্লীয়ে কেৱল উইকেটকীপাৰ বেটছমেন হিচাপেই নহয়, অধিনায়ক হিচাপেও আন কাৰোবাক দায়িত্ব দিব লাগিব । প্ৰথম আই পি এল খিতাপৰ সন্ধানত থকা দিল্লী কেপিটেলছ দলটোৱে পন্টৰ আঘাতৰ ফলত এক প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে (Rishabh Pant accident)। কিয়নো পন্টে দলটোৰ অধিনায়কৰ দায়িত্ব চম্ভালাৰ উপৰি উইকেটকীপাৰ হিচাপেও দায়িত্ব পালন কৰি আহিছে । আই পি এললৈকে তেওঁ ফিট হোৱাটো সম্ভৱ নহয় বাবেই এই চৰ্চা হৈছে ।

উল্লেখ্য় যে আই পি এল ২০২৩ ৰ পৰৱৰ্তী ছিজন মাৰ্চ-জুনত অনুষ্ঠিত হ'ব । পন্টৰ অনুপস্থিতিৰ বাবে দিল্লীয়ে কেৱল উইকেটকীপাৰ বেটছমেন হিচাপেই নহয়, অধিনায়ক হিচাপেও আন কাৰোবাক দায়িত্ব দিব লাগিব । এনে হ'লে ডেভিদ ৱাৰ্ণাৰে আই পি এলত দিল্লীৰ অধিনায়কত্ব গ্ৰহণ কৰিব (David Warner) । তেওঁৰ আই পি এলত হায়দৰাবাদৰ অধিনায়কত্ব কৰাৰ অভিজ্ঞতাও আছে । ইপিনে,মনীষ পাণ্ডেও অধিনায়কত্বৰ বিকল্প যদিও তেওঁ এইবাৰহে দলটোত যোগদান কৰিছে । সেয়েহে তেওঁ অধিনায়ক হোৱাৰ সম্ভাৱনা কম ।

উল্লেখ্য, উইকেটৰক্ষক বেটছমেনজনে ৩৩ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৪৩.৬৭ গড়ে ২২৭১ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে পাঁচটা টেষ্ট শতক আছে । তেওঁৰ সৰ্বোচ্চ ৰাণ হৈছে অপৰাজিত 159 । আনহাতে, পণ্টৰ নামৰ বিপৰীতে ১১৯ টা কেচ আৰু ১৪ টা ষ্টাম্পিং আছে ।ইয়াৰ উপৰি এদিনীয়াত তেওঁ 30 খন মেচত 34.60 গড়ে 865 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰে ভিতৰত 106.65 ষ্ট্ৰাইক ৰেটেৰে পাঁচটা অৰ্ধশতক আৰু এটা শতক তেওঁৰ নামত আছে । উইকেটৰ পিছফালে থাকি এদিনীয়াত পণ্টে 26 টা কেচ আয়ত্ত কৰাৰ বিপৰীতে এটা ষ্টাম্পিং কৰিছে । আনহাতে, 66 খন টি-20ত উইকেটৰক্ষক বেটছমেনগৰাকীয়ে 22.43 গড়ে 987 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে 126.37 ষ্ট্ৰাইক ৰেটেৰে তিনিটা অৰ্ধশতক আছে ।

লগতে পঢ়ক: Rishabh Pant Accident: ঋষভ পণ্টক বিমানেৰে দিল্লীলৈ নিয়াৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.