ETV Bharat / bharat

ত্ৰিপুৰাত পুনৰ স্পষ্ট আভ্যন্তৰীণ সংঘাত

author img

By

Published : Oct 10, 2022, 3:55 PM IST

internal-conflict-again-in-tripura
ত্ৰিপুৰাত পুনৰ স্পষ্ট আভ্যন্তৰীণ সংঘাত

১৬ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতিত ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা সমবায় মন্ত্ৰী ৰাম প্ৰসাদ পলৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ পাছতে দলটোৰ কৰ্ম-কাণ্ডত হতাশা ব্যক্ত কৰিছে ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে (Senior Tripura BJP leader and Cooperative Minister Ram Prasad Paul) ৷

নেশ্যনেল ডেস্ক, 10 অক্টোবৰ: ত্ৰিপুৰা বিজেপিত পুনৰ দেখা দিছে আভ্যন্তৰীণ সংঘাতে ৷ সামাজিক মাধ্যমযোগে নিজৰ খেদ প্ৰকাশ কৰি ৰামপ্ৰসাদ পলে (Senior Tripura BJP leader and Cooperative Minister Ram Prasad Paul) প্ৰকাশ কৰে যে ত্ৰিপুৰাত বিজেপিৰ প্ৰথম ৰাজ্যব্যাপী সম্প্ৰসাৰণ আৰু মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছিল ১৯৯১ চনত ৷ একেটা বছৰতে উপ-নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী শ্যামহৰি শৰ্মাৰ বাবে ৰাজ্যিক বিজেপিয়ে চলাইছিল নিৰ্বাচনী প্ৰচাৰ ৷

তদুপৰি, ১৯৯২ চনত বিজেপিয়ে নিজা উদ্যোগত আহ্বান জনাইছিল ত্ৰিপুৰা বন্ধৰ ৷ ১৯৯৩ চনত প্ৰয়াত সমীৰ পালৰ নেতৃত্বত ৪০ জন প্ৰাৰ্থীৰ সৈতে ৰাজ্যখনত পোনপ্ৰথমবাৰৰ বাবে বিজেপিৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল । উক্ত অভিজ্ঞতাৰে সৈতে যিকোনো নিৰ্বাচনী প্ৰত্যাহ্বানক পৰাস্ত কৰাটো যথেষ্ট সম্ভৱ আছিল । উক্ত সময়ত আমি দুটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ বিৰুদ্ধে নিৰ্বাচনী ক্ষেত্ৰত যুঁজ দিবলগীয়া হৈছিল । সেই সময়ত বিজেপিৰ অৱস্থা আছিল বাঘৰ সন্মুখত দৌৰা শহাপহুৰ দৰে ৷

90 দশকৰ প্ৰথম সময়ছোৱাত ত্ৰিপুৰা ৰাজ্যই কেন্দ্ৰৰ গুৰুত্ব লাভ কৰিব পৰা নাছিল ৷ কলকাতা আৰু শিলচৰৰ কবিন্দ্ৰ পুৰকায়স্থই সদায় ৰাম প্ৰসাদ পলৰ বিষয়ে সোধা-পোছা কৰিছিল বুলি উল্লেখ কৰাৰ লগতে ১৯৯৬, ১৯৯৮, আৰু ১৯৯৯ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত জিষ্ণু দেৱ বৰ্মাই তিনিবাৰকৈ বিজেপিৰ প্ৰাৰ্থী আছিল আৰু নিৰ্বাচনৰ সময়ত বিভিন্ন জিলাৰ দায়িত্ব পালন কৰিছিল বুলি কয় । ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ২৭% ভোট ।

২০০৯ চনত ত্ৰিপুৰা জনজাতি এলেকা স্বায়ত্ব শাসিত জিলা পৰিষদ (Tripura Tribal Area Autonomous District Council ) নিৰ্বাচনৰ সময়ত পল তথা বৰ্তমানৰ ত্ৰিপুৰা বিজেপিৰ জ্যেষ্ঠ নেতা তথা সমবায় মন্ত্ৰীগৰাকীয়ে ভাৰপ্ৰাপ্ত নিৰ্বাচনী অধ্যক্ষৰ দৰে দায়িত্ব বহণ কৰি সকলো জিলা পৰিষদ এলেকাত বিজেপিৰ প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনৰ নেতৃত্ব দিয়াৰ বিষয়ে পোষ্টযোগে উল্লেখ কৰে ।

১৬ জনীয়া নিৰ্বাচনী পৰিচালনা সমিতিৰ পৰা দলে পলৰ নাম প্ৰত্যাহাৰ কৰাৰ পাছতে পলে দলটোৰ বিৰুদ্ধে বিষেদগাৰ প্ৰকাশ কৰিলেও বিজেপিৰ পৰা আৰু বহুত শিকিবলগীয়া আছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ এই পৰ্যন্ত তেওঁ যি শিকিলে সকলো বিজেপিৰ পৰাই শিকিলে আৰু অনাগত দিনটো এই ধাৰা অব্যাহত থাকিব বুলি সামাজিক মাধ্যমযোগে ব্যক্ত কৰে ৷

লগতে পঢ়ক: কংগ্ৰেছ দলত কোনোধৰণৰ অন্তঃকন্দল নাই: ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.