ETV Bharat / bharat

Harnaaz Sandhu crowned Miss Universe 2021 : 21 বছৰৰ মূৰত ভাৰতীয় সুন্দৰীৰ শিৰত মিছ ইউনিভাৰ্ছৰ খিতাপ

author img

By

Published : Dec 13, 2021, 9:52 AM IST

Indias Harnaaz Sandhu crowned Miss Universe 2021
Miss Universe ৰ মুকুট পিন্ধিলে হৰনাজ সন্ধুৱে

সুদীৰ্ঘ 21 বছৰৰ মূৰত আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল ভাৰতীয় সুন্দৰী ৷ ইজৰাইলত অনুষ্ঠিত Miss Universe প্ৰতিযোগিতাত বিজয়ীৰ হাঁহি মাৰিবলৈ সক্ষম হয় চণ্ডীগড়ৰ হৰনাজ সন্ধুৱে (Harnaaz Sandhu crowned Miss Universe 2021) ৷

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : বছৰৰ শেষত দেশবাসীলৈ সুখবৰ ৷ ইজৰাইলৰ ইলাতত অনুষ্ঠিত 2021 বৰ্ষৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত (Miss Universe competetion 2021) দেশক প্ৰতিনিধিত্ব কৰিছিল চণ্ডীগড়ৰ এগৰাকী সুন্দৰীয়ে ৷ এই প্ৰতিযোগিতাত বিজয়ীৰ হাঁহি মাৰি খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় চণ্ডীগড়ৰ যুৱতী হৰনাজ সন্ধুৱে (Harnaaz Sandhu crowned Miss Universe 2021) ৷

70 তম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাখনিৰ অন্তিম পৰ্যায়ত পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে হৰনাজে ৷ আন্তৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি Miss Universe Crown ঘৰলৈ অনা হৰনাজক ছ’চিয়েল মিডিয়াত শুভেচ্ছা যাঁচিছে অনেকে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে বলীউডৰ অভিনেত্ৰী সুস্মিতা সেনে 1994 চনত আৰু লাৰা দত্তই 2000 চনত Miss Universe ৰ বিজয়ীৰ মুকুট পৰিধান কৰি দেশলৈ সুনাম কঢ়িয়াইছিল ৷ উক্ত সফলতাৰ 21 বছৰৰ পিছত হৰনাজে এই খিতাপ দখল কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : RRR Official Trailer released: SS Rajamouli ৰ নতুন ছবি RRR ৰ ট্ৰেইলাৰে লগাইছে খলকনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.