ETV Bharat / bharat

জটিল কূটনৈতিক পৰিস্থিতিত গোলকীয় সংঘাতৰ সম্ভাৱ্য মধ্যস্থতাকাৰী হৈছে ভাৰত : ৰুচিৰা কম্বোজ

author img

By ETV Bharat Assamese Team

Published : Nov 26, 2023, 1:27 PM IST

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত এক বিশেষ ভাষণত কয় যে শেহতীয়া বছৰবোৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে বিভিন্ন ৰাষ্ট্ৰত আলোচনা আৰু বুজাবুজি বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছে ।

Kamboj on Indias ability to navigate complex diplomatic
জটিল কূটনৈতিক পৰিস্থিতিত গোলকীয় সংঘাতৰ সম্ভাৱ্য মধ্যস্থতাকাৰী হৈছে ভাৰত

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ : ভাৰতৰ কৌশলগত স্থিতিয়ে গঠনমূলকভাৱে বিভিন্ন শক্তি খণ্ডৰ সৈতে জড়িত হ'বলৈ সক্ষম হৈছে । জটিল কূটনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ সামৰ্থই দেশখনক আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ সম্ভাৱ্য মধ্যস্থতাকাৰী হিচাপে প্ৰদৰ্শন কৰে । এই মন্তব্য ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজৰ ।

ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত ৰুচিৰা কম্বোজে কয় যে দ্ৰুত পৰিৱৰ্তন আৰু জটিল প্ৰত্যাহ্বানৰ যুগত ভাৰত কেৱল অপৰিসীম বৈচিত্ৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ৰাষ্ট্ৰ হিচাপেই নহয়, আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰ হিচাপেও আত্মপ্ৰকাশ কৰিছে । কম্বোজৰ মতে ভাৰতে সহযোগিতা, শান্তি আৰু পাৰস্পৰিক সন্মানৰ নীতিক পুনৰুজ্জীৱিত কৰিছে ।

কম্বোজে যোৱা সপ্তাহত কলম্বিয়া বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইণ্টাৰনেচনেল এণ্ড পাব্লিক এফেয়াৰ্ছত আয়োজিত 'ইণ্ডিয়া ইন দ্যা ইমাৰ্জিং গ্লোবেল অৰ্ডাৰ' শীৰ্ষক এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰে । ভাষণ প্ৰসংগত কম্বোজে কয় যে ভাৰতে বিশ্বৰ মধ্যস্থতাকাৰী আৰু মীমাংসাকাৰী হিচাপে দেশখনক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

তেওঁৰ মতে, শেহতীয়া বছৰবোৰত আন্তৰ্জাতিক সম্প্ৰদায়ে বিভিন্ন ৰাষ্ট্ৰত আলোচনা আৰু বুজাবুজি বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী প্ৰত্যক্ষ কৰিছে । তদুপৰি, ভাৰতে বন্ধুত্বপূৰ্ণ ইতিহাসৰ সৈতে কৌশলগত স্থিতিৰ জৰিয়তে বিভিন্ন শক্তি খণ্ডৰ সৈতে গঠনমূলকভাৱে জড়িত হ'বলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

কম্বোজৰ মতে ভাৰতে দেখুৱাইছে যে ভিন্ন মতাদৰ্শ আৰু শাসনৰ আৰ্হি থকা দেশসমূহৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কেনেকৈ বজাই ৰাখিব লাগে । জটিল কূটনৈতিক বন্ধুত্ব গঢ়ি তোলাৰ এই সামৰ্থ্যই ভাৰতক আন্তঃৰাষ্ট্ৰীয় সংঘাতৰ এক সম্ভাৱ্য মধ্যস্থতাকাৰী হিচাপে প্ৰদৰ্শন কৰে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে কম্বোজে ।

উল্লেখ্য যে, এই সন্মিলনত বিশেষজ্ঞ, শিক্ষাৰ্থী, অৰ্থনীতিবিদ আৰু শিক্ষাবিদসকলে অংশগ্ৰহণ কৰে । কম্বোজে লগতে কয় যে ছেপ্টেম্বৰত দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলন আৰু নতুন দিল্লী নেতাৰ ঘোষণাপত্ৰৰ সৰ্বসন্মত অনুমোদনে দেশৰ এক জটিল ভূ-ৰাজনৈতিক দৃশ্যপট প্ৰস্তুত কৰাৰ সামৰ্থ প্ৰদৰ্শন কৰে ।

সম্প্ৰতি সমগ্ৰ বিশ্বতে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান আছে । শেহতীয়া ইজৰাইল-হামাছ সংঘৰ্ষ আৰু দীৰ্ঘদিনীয়া ইউক্ৰেইন যুদ্ধৰ ফলত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ দৰে গোলকীয় সংস্থাসমূহ ব্যাপক প্ৰত্যাহ্বানৰ মোকাবিলা কৰাত বিফল হৈছে । এনে এক পৰিস্থিতিৰ মাজতে ৰুচিৰা কম্বোজৰ এই মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা নীতি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ অৰবিন্দ পানাগাৰিয়াই তেওঁৰ মন্তব্যত ভাৰতৰ বিকাশৰ গতিপথ আৰু শীঘ্ৰেই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে । তেওঁ উল্লেখ কৰে যে ২০১৪ চনত ভাৰত হৈছে বিশ্বৰ দশম বৃহত্তম অৰ্থনীতি আৰু যোৱা দশকত ই ৫ম সৰ্ববৃহৎ অৰ্থীনীতিলৈ উন্নীত হৈছে ।

কিন্তু এয়া অহা ৩ বছৰৰ ভিতৰত সলনি হ'ব । ২০২৬ চনৰ শেষৰ ফালে ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ব বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে ২০২২ চনলৈকে জাপান তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি আছিল যাৰ জিডিপি ৪.২ ট্ৰিলিয়ন আমেৰিকান ডলাৰ আৰু জাৰ্মানী হৈছে ৪.১ ট্ৰিলিয়ন আমেৰিকান ডলাৰৰ জিডিপিৰ সৈতে চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতি । পানাগাৰিয়াই কয় যে ২০২৩ চনত জাপানৰ জিডিপি হ্ৰাস হোৱাৰ সম্ভাৱনা আছে আৰু ২০২৬ চনৰ শেষত জাৰ্মানীৰ জিডিপি সৰ্বাধিক ৪.৯৫ ট্ৰিলিয়ন আমেৰিকান ডলাৰ হ'ব ।

লগতে পঢ়ক : নতুন দিল্লীত স্থায়ীভাৱে বন্ধ হ'ল আফগানিস্তানৰ দূতাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.