ETV Bharat / bharat

সুখবৰ : নৱবৰ্ষৰ পহিলা দিনটোতে চিলিণ্ডাৰৰ মূল্য হ্ৰাস

author img

By

Published : Jan 1, 2022, 11:39 AM IST

Updated : Jan 1, 2022, 12:14 PM IST

indian oil rate of lpg commercial lpg cylinder cheaper by 100 rupees
নৱবৰ্ষৰ পহিলা দিনটোতে চিলিণ্ডাৰৰ মূল্য হ্ৰাস

নতুন বছৰত দেশবাসীলৈ উপহাৰ তেল বিপণন কোম্পানীৰ । প্ৰতিটো বাণিজ্যিক এলপিজি চিলিণ্ডাৰত ১০০ টকাকৈ হ্ৰাস (Commercial lpg cylinder price reduced) । পহিলা জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম ৷

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ সময়তে ২০২২ চনৰ প্ৰথম দিনটোতে আহিল সুখবৰ । ইণ্ডিয়ান অইলে হ্ৰাস কৰিছে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য (Commercial lpg cylinder price reduced) । অৱশ্যে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈয়ে আছে ।

ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে, ২০২২ চনৰ ১ জানুৱাৰীত দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২ টকা হ্ৰাস কৰা হৈছে (LPG Cylinder Price 1st January 2022) ।

ৰাজধানী দিল্লীত বৰ্তমান ১৯ কিল'গ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ১৯৯৮.৫ টকা । চেন্নাইত গ্ৰাহকে বাণিজ্যিক এল পি জি চিলিণ্ডাৰ ২১৩১ টকাত আৰু মুম্বাইত ১৯৪৮.৫০ টকা দৰত লাভ কৰিব । নতুন বছৰত কলকাতাত ২০৭৬ টকাত উপলব্ধ হ'ব ১৯ কিল'গ্ৰাম ওজনৰ প্ৰতিটো গেছ চিলিণ্ডাৰ ।

উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ আৰম্ভণিতে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১০০ টকা বৃদ্ধি কৰা হৈছিল । আনহাতে, ১৪.২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যৰ ক্ষেত্ৰত কোন হ্ৰাস-বৃদ্ধি হোৱা নাই । ঘৰুৱা চিলিণ্ডাৰৰ মূল্য যোৱা বছৰৰ অক্টোবৰ মাহত বৃদ্ধি কৰা হৈছিল ।

ইণ্ডিয়ান অইলৰ মতে, নতুন বছৰত দিল্লী আৰু মুম্বাইত ১৪.২ কিল'গ্ৰাম ওজনৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ৯০০ টকা । কলকাতাবাসীয়ে প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ বাবদ পৰিশোধ কৰিব লাগিব ৯২৬ টকা । চেন্নাইত প্ৰতিটো ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ চিলিণ্ডাৰ ৯১৬ টকাত বিক্ৰী কৰা হৈছে ।

অৱশ্যে, বিহাৰৰ ৰাজধানী পাটনাত বৰ্তমান ৰন্ধন গেছৰ মূল্য যথেষ্ট বৃদ্ধি হৈ আছে । পাটনাত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হৈছে ৯৯৮ টকা । আহমেদাবাদত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৯০৭ টকা আৰু ভূপালত এই দৰ হৈছে ৯০৬ টকা ।

লগতে পঢ়ক: নৱবৰ্ষৰ উপহাৰ লৈ চৰাইদেউৰ ৰাজপথত উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰ

Last Updated :Jan 1, 2022, 12:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.