ETV Bharat / bharat

কাঠমাণ্ডুস্থিত ভাৰতৰ দূতাবাসত উদযাপন গণৰাজ্য দিৱস

author img

By

Published : Jan 26, 2021, 11:00 PM IST

Indian embassy in Kathmandu celebrates Republic Day
কাঠমাণ্ডুস্থিত ভাৰতৰ দূতাবাসত উদযাপন গণৰাজ্য দিৱস

গণৰাজ্য দিৱস উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ ভাৰতীয় দূতাবাসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত বিজয় মোহন কাৰ্টাই ৷

নিউজ ডেস্ক,26 জানুৱাৰী: মঙলবাৰে দেশজুৰি উদযাপন কৰা হৈছে 72 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱস উপলক্ষে চুবুৰীয়া ৰাষ্ট্ৰ কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰতৰ ৰাষ্ট্ৰদূত বিজয় মোহন কাৰ্টাই ৷ গণৰাজ্য দিৱসৰ ক্ষণতেই ৰাষ্ট্ৰদূত গৰাকীয়ে বীৰ নাৰী, যুদ্ধ বিধৱা আৰু যুদ্ধত নিহত সৈন্যসকলৰ পৰিয়ালৰ লোকৰ মাজত প্ৰায় 3.68 কোটি টকা বিতৰণ কৰে ৷

ইয়াৰ উপৰিও নেপালস্থিত ভাৰতৰ দূতাবাসৰ তৰফৰ পৰা নেপালৰ প্ৰায় 50 টা পুথিভঁড়াললৈ গ্ৰন্থ উপহাৰ প্ৰদান কৰা হয় ৷ ইয়াৰ পিছতেই ৰাষ্ট্ৰদূতগৰাকীয়ে ইণ্ডিয়া হাউচত এটি অনুষ্ঠান আয়োজিত কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নেপালৰ বৈদেশিক মন্ত্ৰী প্ৰদীপ কুমাৰ গ্যাৱালী ৷ আনহাতে, গণৰাজ্য দিৱসৰ দিনটোতে নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামবৰণ যাদৱে ভাৰত-নেপাল প্ৰাক্তন নেটৱৰ্ক ‘সম্পৰ্ক’ৰ উদ্বোধন কৰে ৷ ইয়াৰ লগতে www.samparkbharatnepal.com নামেৰে এটি ৱেবচাইটো মুকলি কৰে নেপালৰ প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে ৷

লগতে পঢ়ক-দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.