ETV Bharat / bharat

Power Minister Report : ২০২২-২৩ বৰ্ষত ভাৰতক ১ লক্ষাধিক নিযুত ইউনিট বিদ্যুতৰ প্ৰয়োজন

author img

By

Published : Jul 28, 2022, 7:10 PM IST

কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে লোকসভাত এক লিখিত প্ৰশ্নৰ উত্তৰত কয় যে বিদ্যুৎ মন্ত্ৰালয়ে বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ বিদ্যুৎ প্ৰকল্পসমূহক তেওঁলোকৰ বিদ্যুৎ প্ৰকল্পত পৰ্যাপ্ত কয়লা ৰক্ষণাবেক্ষণ কৰিবলৈ পৰামৰ্শ দিছে (Union Power Minister RK Singh advised power plants) ।

Power Minister
Power Minister

নিউজ ডেস্ক, ২৮ জুলাই : কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে বৃহস্পতিবাৰে লোকসভাত কয় (Union Power Minister RK Singh said in Lok Sabha) যে ২০২২-২৩ বৰ্ষৰ বাবে ভাৰতৰ বিদ্যুতৰ প্ৰয়োজনীয়তা ১,৫০৫,১৯৮ নিযুত ইউনিট (MU) হ'ব বুলি অনুমান কৰা হৈছে । কেন্দ্ৰীয় বিদ্যুৎ কৰ্তৃপক্ষই (Central Electricity Authority) ২০২২-২৩ বৰ্ষৰ বাবে বিদ্যুতৰ যোগান আৰু চাহিদাৰ মূল্যাঙ্কন কৰিছে ।

সিঙে এক লিখিত উত্তৰত কয়, "চিইএৰ (CEA) দ্বাৰা প্ৰকাশিত লোড জেনেৰেচন বেলেন্স প্ৰতিবেদন (load generation balance report) 2022-23 অনুসৰি, 2022-23 বৰ্ষৰ বাবে দেশত মূল্যাঙ্কিত শক্তি উপলব্ধতা 1549,597 এমইউৰ বিপৰীতে সৰ্বভাৰতীয় শক্তিৰ প্ৰয়োজনীয়তা 1,505,198 নিযুত ইউনিট বুলি মূল্যায়ন কৰা হৈছে ।"

তেওঁ আৰু কয় যে শক্তি মন্ত্ৰালয়ে বিদ্যুৎ প্ৰকল্পসমূহক বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ সেইবোৰ বিদ্যুৎ প্ৰকল্পত পৰ্যাপ্ত কয়লা ৰক্ষণাবেক্ষণ কৰিবলৈ পৰামৰ্শ দিছে (Ministry of Power advised to maintain adequate coal) । সিঙে কয়, "কয়লা যোগান আৰু বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে কয়লাৰ মধ্যম আৰু দীৰ্ঘম্যাদী প্ৰয়োজনীয়তা পূৰণ কৰাটো নিশ্চিত কৰিবলৈ এখন সচিব পৰ্যায়ৰ আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হৈছে ।"

আন্তঃমন্ত্ৰালয় সমিতিখনত ৰে'ল বোৰ্ডৰ অধ্যক্ষ (Chairman of Railway Board), কয়লা মন্ত্ৰালয়ৰ সচিব (secretary Ministry of Coal), পৰিৱেশ আৰু বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব (secretary Ministry of Environment and Forest and Climate Change) সদস্য আৰু শক্তি মন্ত্ৰালয়ৰ সচিব (secretary Ministry of Power) আহ্বায়ক হিচাপে অন্তৰ্ভুক্ত আছে ।

সিঙে এক পৃথক উত্তৰত কয় যে বিত্তীয় সেৱা বিভাগে (department of financial services) ২০১৭ চনত মুঠ ৪০,১৩০ মেগাৱাট ক্ষমতাৰ ৩৪ টা কয়লা-আধাৰিত তাপবিদ্যুৎ প্ৰকল্প চিনাক্ত কৰিছে । তেওঁ লগতে কয়, "ইয়াৰ ভিতৰত ৩২ টা প্ৰকল্প ব্যক্তিগত খণ্ডৰ আছিল যাৰ মুঠ ক্ষমতা ৩৮,৫৪০ মেগাৱাট আৰু ২টা প্ৰকল্প ৰাজহুৱা খণ্ডৰ আছিল যাৰ মুঠ ক্ষমতা ১,৫৯০ মেগাৱাট ।"

সিঙে লগতে কয় যে মুঠ 8,690 মেগাৱাট ক্ষমতাৰ আঠটা প্ৰকল্প পৰিচালনাৰ পৰিৱৰ্তনৰ জৰিয়তে সমাধান কৰা হৈছে আৰু এই সকলোবোৰ প্ৰকল্প ব্যক্তিগত খণ্ডৰ কোম্পানীবোৰে অধিগ্ৰহণ কৰিছে । তেওঁ লগতে জনায় যে ছত্তীশগড়, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা আৰু মহাৰাষ্ট্ৰকে ধৰি পাঁচখন ৰাজ্যত ১০,৫৩০ মেগাৱাটৰ এনে ১০ টা প্ৰকল্পও স্থাপন কৰা হৈছে ।

লগতে পঢ়ক :Population Control Bill: জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়কৰ ক্ষেত্ৰত অসম এক উদাহৰণ হোৱা উচিত: ডঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.