ETV Bharat / bharat

প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছে : আৰএছএছ নেতা

author img

By

Published : Jan 18, 2021, 9:42 PM IST

কৰ‘ণা ভাইৰাছক বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিবলৈ চীনত তৈয়াৰ কৰা হৈছে ৷ এই দাবী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ ৷

'India made vaccines to save humanity from Chinese-made virus'
প্ৰতিষেধক প্ৰস্তুত কৰি ভাৰতে চীনা ভাইৰাছৰ পৰা মানৱতাক ৰক্ষা কৰিছেঃ আৰএছএছ নেতা

নিউজ ডেস্ক, 18 জানুৱাৰী : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ চমুকৈ আৰ এছ এছৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰে দাবী কৰে যে, কৰ‘ণা ভাইৰাছক বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিবলৈ চীনত তৈয়াৰ কৰা হৈছে ৷ কিন্তু ভাৰতে মানৱতাক ৰক্ষা কৰাৰ স্বাৰ্থত প্ৰতিষেধক প্ৰস্তুত কৰি তাৰ যোগ্য প্ৰত্যুত্তৰ দিছে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত জ্যেষ্ঠ আৰ এছ এছ নেতাগৰাকীয়ে কয় যে, " এই ভাইৰাছ কোনো প্ৰাকৃতিক সৃষ্টি নহয় ৷ ইয়াক মানুহে প্ৰস্তুত কৰিছে ৷ 2019 বৰ্ষৰ চেপ্টেম্বৰ-অক্টোবৰ মাহত চীনে এই ভাইৰাছ প্ৰস্তুত কৰি বিশ্বজুৰি বিয়পাই দিছে ৷ আজি সমগ্ৰ বিশ্বই ভাৰতে প্ৰস্তুত কৰা কৰ‘ণাৰ প্ৰতিষেধকৰ বাবে ভাৰতৰ প্ৰশংসা কৰিছে ৷ "

তদপুৰি তেখেতে ভাৰতে প্ৰস্তুত কৰা ক‘ৰণাৰ প্ৰতিষেধকক লৈ সন্দেহ কৰাৰ বাবে বিৰোধী দল সমূহকো সমালোচনা কৰে ৷ ইন্দ্ৰেশ কুমাৰে লগতে কয় যে, ভাৰতে সফল ভাৱে বিভিন্ন কৌশল অৱলম্বন কৰি ভাৰতত কৰ‘ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতে কৰ‘ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ সংখ্যা 1.2 শতাংশ আৰু কৰ‘ণাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ সংখ্যা 97 শতাংশতকৈ অধিক কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: ‘তাণ্ডৱ’ বিতৰ্ক : তদন্তৰ বাবে মুম্বাইত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.