ETV Bharat / bharat

ভাৰতে উপক্ৰম হৈছে, যদিও সমস্যা এতিয়াও আছেঃ ডাঃ এম বি কুৰুভা

author img

By

Published : Jan 28, 2021, 9:01 PM IST

দেশত সংঘটিত হোৱা অতিকে বেয়া স্বাস্থ্য আৰু অৰ্থনৈতিক সমস্যাৰ পৰা লাভে লাভে উপক্ৰম হোৱাৰ দিশে আগবাঢ়িছে ভাৰত ৷ কোভিড-19ত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ মাত্ৰা হ্ৰাস আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কোভিড প্ৰতিষেধক প্ৰদানে দেশৰ অৰ্থনীতিৰ পুনৰোদ্ধাৰৰ এক ইংগিত প্ৰদান কৰিছে ৷

India is recovering: Challenges Still exists : Dr MB Kuruva
ভাৰতে উপক্ৰম হৈছে যদিও সমস্যা এতিয়াও আছেঃ ডাঃ এম বি কুৰুভা

নিউজ ডেস্ক, 28 জানুৱাৰী : দেশত সংঘটিত হোৱা অতিকে বেয়া স্বাস্থ্য আৰু অৰ্থনৈতিক সমস্যাৰ পৰা লাভে লাভে উপক্ৰম হোৱাৰ দিশে আগবাঢ়িছে ভাৰত ৷ কোভিড-19ত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যাৰ মাত্ৰা হ্ৰাস আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ কোভিড প্ৰতিষেধক প্ৰদানে দেশৰ অৰ্থনীতিৰ পুনৰোদ্ধাৰৰ এক ইংগিত প্ৰদান কৰিছে ৷ দৰাচলতে অৰ্থনৈতিক বিকাশৰ তালিকাসমূহেও উন্নয়নকে নিৰ্দেশ কৰিছে ৷ উদাহৰণস্বৰূপে, 2020ৰ ডিচেম্বৰলৈ নিৰ্মাণকাৰ্য শক্তিশালীভাৱে চলি থকা, নতুনকৈ নিৰ্মাণৰ বাবে ব্যৱসায়ত পুনৰ মনোনিৱেশ কৰা ৷ ঋতুগতভাৱে প্ৰস্তুত কৰা নিৰ্মাণকাৰ্যৰ ক্ৰয় ব্যৱস্থাপনা সূচকাংক নৱেম্বৰ মাহৰ 56.3ৰ তুলনাত ডিচেম্বৰত 56.4 হৈছিল ৷ আনহাতে 2019ৰ তুলনাত 2020ৰ ডিচেম্বৰত দেশত 14 শতাংশ অধিক বাহন বিক্ৰী হৈছিল ৷ চেনছেক্সে প্ৰথমবাৰৰ বাবে 50,000 পইন্ট পাৰ কৰিছিল 21 জানুৱাৰী, 2021ত ৷ এয়া প্ৰায় 70 শতাংশ বৃদ্ধি আছিল, 2020ৰ এপ্ৰিলৰ লকডাউনৰ তুলনাত ৷

ইয়াৰ সমান্তৰালকৈ কেন্দ্ৰীয় ৰিজাৰ্ভ বেংকে ইয়াৰ শেহতীয়া মাহিলী প্ৰতিবেদনত ইয়াক V আকাৰত আগবঢ়া বুলি কৈছে ৷ ওপৰত কোৱা সূচকাংক আৰু বজাৰে প্ৰদান কৰা ফলাফল ক্ৰমাগতভাৱে উৰ্ধগামী হৈ আছে ৷ অৱশ্যে 2020ৰ প্ৰথম অংশত দেশৰ অৰ্থনীতি 23.9 শতাংশ অৱনমিত হৈছিল যিটো স্বাধীনতাৰ পিচত প্ৰথমটো হ্ৰাস আছিল ৷ যিসময়ত এনেকুৱা ধনাত্মক খবৰে দেশৰ অৰ্থনীতিৰ ফলাফলক আদৰণি জনাইছে, ইয়ে নীতি প্ৰস্তুতকৰ্তাসকলক তেওঁলোকৰ উন্নয়নৰ গতিক স্তব্ধ কৰি তুলিব পৰা শক্তিৰ বিৰুদ্ধে চলাই থকা যুঁজখনক সামৰি লোৱা নাই ৷ তাৰমানে এই উন্নয়নৰ গতিয়ে উন্নয়ন নীতি প্ৰস্তুতকৰ্তাসকলক প্ৰতিনিধিত্ব কৰা নাই ৷ যিসময়ত দেশৰ বিত্তমন্ত্ৰীয়ে কোভিডৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিবলৈ আগবাঢ়িছে তেনে সময়ত এইক্ষেত্ৰত আমি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজি লোৱাটো সময়োপযোগী হ’ব ৷

দেশত কোভিডৰ প্ৰকোপৰ পিচতে দেখা দিয়া প্ৰথমটো প্ৰত্যাহ্বান হৈছে আয়ৰ অসামঞ্জস্যহীনতা দিনক দিনে বৃদ্ধি আৰু বহল হৈ যোৱা ৷ এয়া সমাজৰ প্ৰতিটো অংশৰ ওপৰত মহামাৰীয়ে পেলোৱা প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত ব্যৰ্থ হোৱাৰ ফলত আয়ৰ এই অসামঞ্জস্যহীনতা দেখিবলৈ পোৱা গৈছে ৷ শ্ৰমিকসকলে কৰ্ম হেৰুওৱাৰ বিপৰীতে তেওঁলোকৰ জমাসমূহ খৰচ হৈ পৰে যদিও একেসময়তে এটা শ্ৰেণীয়ে অধিক ধনী পৰা দেখিবলৈ পোৱা গৈছে ৷ এয়া শেহতীয়াকৈ Oxfam নামৰ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদনত স্পষ্টভাৱে পৰিলক্ষিত হৈছে ৷ প্ৰতিবেদনত বিগত 10 মাহত ভাৰতৰ লাখপতিসকলৰ সম্পত্তি বৃহৎ হাৰে 35 শতাংশলৈ বৃদ্ধি পাইছে ৷ এই প্ৰতিবেদন অনুসৰি, প্ৰথম 100 গৰাকী লাখপতিৰ বৃদ্ধি হোৱা সম্পত্তিৰে সমগ্ৰ দেশতে MGNREGA আঁচনিখন আগন্তুক 10 বছৰলৈ চলাই নিব পৰা যাব ৷ অন্যহাতে কৰ্পৰেটৰ আয় বৃদ্ধিয়ে নিয়োগৰ ক্ষেত্ৰতো কোনো উন্নয়ন সাধন কৰিব পৰা নাই ৷ এয়া হৈছে নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলক এতিয়াও কৰ্মত যোগদান কৰিব দিয়া হোৱা নাই আৰু বহু প্ৰতিষ্ঠানত এতিয়াও কৰ্মচাৰীসকলে কম দৰহাৰত কাম কৰি আছে ৷ ইয়ে অৰ্থনৈতিক বিকাশ আৰু বহনক্ষমতা নিশ্চিত কৰা সামগ্ৰিক চাহিদা বিকাশৰ হাৰত ক্ষীপ্ৰ প্ৰভাৱ পেলাব ৷

দ্বিতীয়তে হৈছে গ্ৰাম্য অঞ্চলত 2014-15 আৰু 2018-19ৰ ভিতৰত কৃষিখণ্ডৰ নিম্ন বিকাশৰ হাৰৰ ফলত স্তব্ধ হৈ পৰিছে শ্ৰমৰ মূল্য ৷ গ্ৰাম্য ভাৰতৰ প্ৰায় 43 শতাংশ কৰ্মীৰ শ্ৰম স্তব্ধ হৈ পৰাৰ ফলত দেশৰ সামগ্ৰিক চাহিদাটো নিম্নগামী প্ৰভাৱ পেলাইছে ৷ ইয়ে পৰৱৰ্তী সময়ত উদ্যোগিক সামগ্ৰীৰ চাহিদাৰ লগতে উৎপাদনত নিম্নগামী প্ৰভাৱ পেলাইছে, যাক মহানগৰ অঞ্চলৰ উদ্যোগৰ লগতে MSMEসমূহত উৎপাদন কৰা হয় ৷ ফলস্বৰূপে উন্নয়নৰ লগতে আয়ৰ ৰেখাডাল নিম্নগামী হোৱাৰ লগতে লোকচান সন্মুখীন হ’বলগা হৈছে ৷ কোভিডে এই পৰিস্থিতি আৰু অধিক জটিল কৰি তোলে ৷ কৃষিখণ্ডৰ লগতে MSMEসমূহক প্ৰথমাৱস্থাত উদ্ধাৰ কৰিব লাগিব যিয়ে দেশৰ 80 শতাংশ শ্ৰম নিয়ন্ত্ৰণ কৰে ৷

আয়ৰ অসামঞ্জস্যতাৰ সৈতে মোকাবিলা কৰাৰ একমাত্ৰ উপায় হৈছে নিয়োগ সৃষ্টি কৰা ৷ আমি যি নিবনুৱা সমস্যাৰ সন্মুখীন হৈছো সেয়া কোভিড পৰিস্থিতিয়ে সৃষ্টি কৰা সমস্যা নহয় ৷ কোভিড পৰিস্থিতি অধিক জটিল হৈ পৰাৰ বাবে নিয়োগৰ সমস্যাই কিছু ক্ষতি কৰিছে ৷ এক ঘুৰণীয়া সমস্যাৰ বিপৰীতে এয়া এক গাঁথনিগত সমস্যা ৷ নিয়োগকৰ্তাই কৰ্মচাৰী আৰু নতুনকৈ নিযুক্তসকলৰ ক্ষেত্ৰত এক বিশেষ সময়ৰ বাবে শ্ৰমৰ বাবে অতিৰিক্ত ৰেহাই প্ৰদান কৰিলে নিবনুৱা সমস্যাৰ নাশ কৰাৰ লগতে আয় বৃদ্ধিটো সহায় কৰিব ৷ অসংগঠিত শ্ৰমিকসকলক সংগঠিত কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাটোও সমানে জৰুৰী ৷ দেশৰ প্ৰায় 97 শতাংশ কৰ্মই অসংগঠিত শ্ৰমিকসকলে নিয়ন্ত্ৰণ কৰে ৷ তেওঁলোকৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ কাম কৰি থকা হৈছে যদিও নগদ ধনৰ লেনদেন অতি শীঘ্ৰেই হোৱাটো অধিক জৰুৰী ৷ ইয়ে তেওঁলোকৰ জীৱনৰ লগতে আহিবলগা দিনত অৰ্থনীতিকো সুস্থ কৰি তুলিব ৷

দ্বিতীয়তে আমি MNREGS আৰু কৃষিখণ্ডৰ বাবে বৃহৎ হাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰা, যিয়ে গ্ৰাম্য চাহিদাক পুৰণ কৰি চাহিদাৰ বিকাশত সহায় কৰিব, যিটো আজিৰ সময়ত অতিকে প্ৰয়োজনীয় হিচাপে দেখা গৈছে ৷ 2020-21ত বিত্তীয় ঘাটি 6.2ৰ পৰা 6.5 শতাংশ হ’ব বুলি ধৰা হৈছে, তথাপিও চৰকাৰে বিনিয়োগৰ পৰা আঁতৰি আহিব নালাগে, যিহেতু আমি এক বিশেষ সমস্যাৰ মুখামুখি হৈছো, আৰু ইয়াক কেৱল বিশেষ নীতিৰ প্ৰয়োজন আছে ৷

প্ৰৱন্ধটোৰ লিখা কথাবোৰ লেখকৰ নিজা মন্তব্য ৷ লেখক HNB গাড়ৱাল কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বাণিজ্য প্ৰশাসন বিভাগৰ সহকাৰী অধ্যাপক ৷

লগতে পঢ়ক : টোলগেটত বাধ্যতামুলক ফাষ্টটেগ; অন্যথা দিব লাগিব দুগুণ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.