ETV Bharat / bharat

আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

author img

By

Published : Jan 2, 2021, 7:56 AM IST

আজি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-19ৰ টীকাকৰণৰ বাবে ড্ৰাই ৰান সম্পন্ন কৰা হ'ব । পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ আৰু প্ৰত্যাহ্বানবোৰ আগতীয়াকৈ চিনাক্ত কৰিবলৈ এই ড্ৰাই ৰানৰ ব্যৱস্থা কৰা হৈছে ৷

Covid vaccine dry run
আজি দেশত ক’ভিড প্ৰতিষেধকৰ দ্বিতীয় পৰ্যায়ৰ ড্ৰাই ৰান

নেশ্যনেল ডেস্ক,2 জানুৱাৰী : ক’ভিড-19ৰ টীকাকৰণৰ পৰিকল্পনা আৰু ইয়াৰ কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণৰ বাবে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে আজি সম্পন্ন কৰিব ড্ৰাই ৰানৰ ৷ মহাৰাষ্ট্ৰ আৰু কেৰালাৰ ৰাজধানীৰ বাহিৰে অন্য মুখ্য চহৰবোৰত ড্ৰাই ৰানৰ সময়সূচী নিৰ্ধাৰণ কৰাৰ সম্ভাৱনা আছে ।

ড্ৰাই ৰান সম্পন্ন কৰাৰ মূল উদ্দেশ্য হৈছে মুকলি পৰিৱেশত ক'-উইন এপ্লিকেশ্যন ব্যৱহাৰৰ বাবে পৰিচালনৰ সম্ভাৱনীয়তা মূল্যায়ণ কৰা । ইয়াৰ দ্বাৰা পৰিকল্পনা আৰু কাৰ্যকৰীকৰণৰ মাজৰ সংযোগ পৰীক্ষণ কৰাৰ লগতে প্ৰত্যাহ্বানবোৰ আগতীয়াকৈ চিনাক্ত কৰিব পৰা যাব ।

প্ৰতিষেধক প্ৰৱৰ্তনৰ পৰিকল্পনা বিগত বৰ্ষৰ 20 ডিচেম্বৰত মন্ত্ৰণালয়ে জাৰি কৰা কাৰ্যকৰী নিৰ্দেশনা অনুসৰি কৰা হ’ব। তিনিটা স্থানৰ প্ৰতিটো স্থানৰ বাবে সংশ্লিষ্ট চিকিৎসা বিষয়াই 25 গৰাকী পৰীক্ষাৰ স্বাস্থ্য কৰ্মী চিনাক্ত কৰিব ৷

ইয়াৰ বাবে ৰাষ্ট্ৰীয় প্ৰশিক্ষণত 2,360 গৰাকী অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে আৰু 719 খন জিলাত জিলা পৰ্যায়ৰ প্ৰশিক্ষণত 57,000ৰো অধিক অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়া হৈছে । ৰাজ্যসমূহে যিকোনো প্ৰতিষেধক বা ছফ্টৱেৰ সম্পৰ্কীয় প্ৰশ্নৰ বাবে হেল্প নম্বৰ 104 (1075 নম্বৰো ব্যৱহাৰ কৰা হ’ব) প্ৰয়োজ্য কৰা হৈছে ।

ইফালে শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে দিল্লীৰ চৰকাৰী বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ টীকাকৰণৰ এই অভিযানটো নিৰ্বাচনী প্ৰস্তুতিৰ দৰে একেই বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 28 আৰু 29 ডিচেম্বৰত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলা, গুজৰাটৰ ৰাজকোট আৰু গান্ধীনগৰ জিলা, পঞ্জাৱৰ লুধিৱানা আৰু শ্বহীদ ভগত সিং নগৰ, অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত ক’ভিড-19 টিকাকৰণৰ ড্ৰাই ৰান সম্পন্ন কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰে প্ৰথম পৰ্যায়ৰ প্ৰতিষেধক প্ৰদানত প্ৰায় 30 কোটি লোকক অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰিছিল ৷

লগতে পঢ়ক : ৰাজস্থানৰ নাগাওৰ জিলাত উদ্ধাৰ 53 টাকৈ মৃত আৰু 26 টা আহত ময়ূৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.