ETV Bharat / bharat

হত্যা, ধনদাবী আৰু মাৰাণাস্ত্ৰ সৰবৰাহৰ বাবে গেংষ্টাৰ লাখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী ঘোষণা ভাৰতৰ

author img

By ANI

Published : Dec 30, 2023, 10:45 AM IST

Gangster Lakhbir Singh Landa:কানাডাত বসবাস কৰা গেংষ্টাৰ লাখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী হিচাপে ঘোষণা ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ ৷ পঞ্জাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ বিভিন্ন গোটক অত্যাধুনিক অস্ত্ৰ, টকা যোগান ধাৰৰ অভিযোগ আছে লাণ্ডাৰ বিৰুদ্ধে ৷

india declares gangster lakhbir singh landa as terrorist
গেংষ্টাৰ লাখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী হিচাপে ঘোষণা গৃহ মন্ত্ৰালয়ৰ

নিউজ ডেস্ক, 30 ডিচেম্বৰ : ভাৰত-কানাডাৰ মাজত কূটনৈতিক ক্ষেত্ৰত হোৱা সংঘাতৰ সময়তে পুনৰ ভাৰতৰ গৃহমন্ত্ৰালয়ৰ তৰফৰ পৰা আন এক ঘোষণা ৷ কানাডাত থকা গেংষ্টাৰ লাখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে গৃহমন্ত্ৰালয়ে ৷ 34 বছৰীয়া গেংষ্টাৰ লাণ্ডা খলিস্তানি সংগঠন বব্বৰ খালচা ইণ্টাৰনেশ্যনেল চমুকৈ বি কে আইৰ সৈতেও জড়িত ।

গৃহ মন্ত্ৰালয়ৰ বিজ্ঞপ্তি অনুসৰি, নিৰঞ্জন সিং আৰু পৰমিন্দৰ কৌৰৰ পুত্ৰ লাখবীৰৰ ঘৰ ভাৰত-পাকিস্তানৰ সীমান্তৱৰ্তী পঞ্জাৱৰ তৰ্ণ তৰণ জিলাৰ ভি পি হৰিকেতত । বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীন 1967ৰ 37 ধাৰা আৰু 35ৰ উপ-ধাৰা 1 আৰু উপ-ধাৰা 2ৰ দফা (2) অধিনত কেন্দ্ৰীয় চৰকাৰে লাণ্ডাক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে ৷ উক্ত আইনৰ অধীনত সন্ত্ৰাসবাদীৰ লগতে জৰিত থকাৰ সন্দেহতহে চৰকাৰে এজন লোকক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিব পাৰে ৷

আনহাতে, বৰ্তমান কানাডাৰ এডমণ্টনত বসবাস কৰি থকা লাণ্ডা বব্বৰ খালচা ইণ্টাৰনেশ্যনেলৰ সদস্য। বব্বৰ খালচা ইণ্টাৰনেশ্যনেলক উক্ত আইনৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে গণ্য কৰি আহিছে ভাৰতে । ইফালে এম এইচ এৰ বিজ্ঞপ্তি অনুসৰি, গেংষ্টাৰ লাখবীৰ ভাৰতৰ পঞ্জাৱত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ বিভিন্ন গোটক অত্যাধুনিক অস্ত্ৰ, টকা আৰু বিস্ফোৰক সামগ্ৰী যোগান ধৰা, ধন দাবী আৰু কেইবাটাও হত্যাকাণ্ডৰ লগতো জড়িত আছিল ৷

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এন আই এয়ে পূৰ্বে উল্লেখ কৰিছিল যে, "2017 চনৰ পৰা কানাডাত বাস কৰি থকা গেংষ্টাৰ লাণ্ডাই 2022 চনত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয় আৰু পঞ্জাৱৰ চাৰহালী আৰক্ষী থানাত আক্ৰমণ চলোৱা ঘটনাৰ মূল নায়ক আছিল ৷’’

লগতে পঢ়ক : শনিবাৰে অযোধ্যাত ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.