ETV Bharat / bharat

ক'ভিড-১৯: ভাৰতত নতুনকৈ ১৮,৩৪৬ জন আক্ৰান্ত

author img

By

Published : Oct 5, 2021, 11:42 AM IST

ভাৰতত ক'ভিড-১৯(COVID-19)ত দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা পুনৰ ২০ হাজাৰতকৈ হ্ৰাস পাইছে । যোৱা ২৪ ঘণ্টাত দেশত ১৮,৩৪৬ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সোমবাৰৰ দিনটোত ২৬৩ গৰাকী ক'ভিড আক্ৰান্তই প্ৰাণ হেৰুৱাইছে ।

India COVID 19 tracker
ভাৰতত নতুনকৈ ১৮,৩৪৬ জন ক'ভিডত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৫ অক্টোবৰ: ভাৰতত এতিয়াও অব্যাহত আছে কালৰূপী ক'ভিডৰ ভয়াৱহতা । নিতৌ শতাধিক লোকে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাবলগীয়া হৈছে । মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত দেশত ১৮,৩৪৬ জন লোক নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে । নতুনকৈ আক্ৰান্ত হোৱা ৰোগীসহ দেশত বৰ্তমানলৈকে মুঠ ৩,৩৮,৫৩,০৪৮ জন লোক মহামাৰীৰ কবলত পৰিছে ।

আনহাতে, এতিয়ালৈকে দেশত ৪,৪৯,২৬০ জন লোকে ক'ভিড-১৯(COVID-19)ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । সোমবাৰৰ দিনটোত ২৬৩ গৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হৈছে । উল্লেখ্য যে, কেৰালাত এতিয়াও দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই । কেৰালাত যোৱা ২৪ ঘণ্টাত ৮,৮৫০ জন লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে আৰু ১৪৯ জনে প্ৰাণ হেৰুৱাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, সামগ্ৰিকভাৱে দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ২,৫২,৯০২ লৈ হ্ৰাস পাইছে । বিগত ২০১টা দিনৰ ভিতৰত এয়াই আটাইতকৈ কম সক্ৰিয় আক্ৰান্তৰ ঘটনা ।

ইফালে, ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৭.৯৩ শতাংশ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, ২০২০ চনৰ মাৰ্চ মাহৰ পিছত এয়াই আৰোগ্যৰ সৰ্বাধিক হাৰ । বৰ্তমান সমগ্ৰ দেশতে ক'ভিড-১৯ৰ টীকাকৰণ অভিযান অব্যাহত আছে । এতিয়ালৈকে ক'ভিড-১৯ প্ৰতিষেধকৰ ৯১.৫৪ কোটি পালি প্ৰদান কৰা হৈছে ।

মন্ত্ৰালয়ে জনোৱা মতে, বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰত এতিয়াও প্ৰতিষেধকৰ ৬,৭৩,০৭,২৪০তকৈ অধিক পালি মজুত আছে । বৰ্তমানলৈকে ৩,৩১,৫০,৮৮৬ জন লোক সুস্থ হৈ উঠিছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, ৪ অক্টোবৰ পৰ্যন্ত মুঠ ৫৭.৫৩ কোটি নমুনা পৰীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিতৰত সোমবাৰে ১১,৪১,৬৪২টা নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:ত্ৰিপুৰা বিজেপিত খহনীয়া আৰম্ভ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.