ETV Bharat / bharat

COVID-19 : দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

author img

By

Published : Sep 6, 2021, 12:52 PM IST

শনিবাৰৰ তুলনাত দেওবাৰৰ দিনটোত দেশত হ্ৰাস পালে ক'ভিডত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰা তথ্য মতে, বিগত ৩৮,৯৪৮ ঘণ্টাত দেশত নতুনকৈ ৩৮,৯৪৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হয় । ইয়াৰ বিপৰীতে দেওবাৰে আক্ৰান্ত হৈছিল 42,766 গৰাকীৰ ৷

India COVID-19 tracker: state-wise report
দেশত নতুনকৈ আক্ৰান্ত হ’ল কিমান ?

নেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰৰ দিনটোত ভাৰতত নতুনকৈ ৩৮,৯৪৮ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ২১৯ গৰাকীৰ ৷ ইয়াৰ লগতে ভাৰতৰ ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৩,৩০,২৭,৬২১ গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৪০,৭৫২ গৰাকীলৈ বৃদ্ধি পাইছে ।

কেৰালাত বিগত ২৪ ঘণ্টাত দেশৰ ভিতৰত সৰ্বাধিক ২৬,৭০১ গৰাকী ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ৭৪ গৰাকীৰ ৷ আনহাতে মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি বৰ্তমান দেশত 3,21,81,995 গৰাকী লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে সক্ৰিয় হৈ আছে ৪,০৪,৮৭৪ ঘটনা ৷ আৰোগ্যৰ হাৰ হৈছে ৯৭.৪৪ শতাংশ ।

  • " class="align-text-top noRightClick twitterSection" data="">

তদুপৰি দেশজুৰি টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত 68.75 কোটি লোকক ক’ভিড-19 ভেকচিনৰ পালি প্ৰদান কৰা হৈছে । ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (ICME) দেশত 5 ছেপ্তেম্বৰলৈকে 53,14,68,867 টা ক’ভিড নমুনা পৰীক্ষণ কৰা হৈছে । ইয়াৰ 14,10,649 টা নমুনা দেওবাৰে পৰীক্ষা কৰা হৈছিল ।

লগতে পঢ়ক : COVID SITUTION: আৰম্ভ বিদ্যালয়ৰ নিয়মিত পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.