ETV Bharat / bharat

COVID-19 : দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 4, 2021, 11:36 AM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৪২,৬১৮ গৰাকী লোক । কেৰালাত এটা দিনত সৰ্বাধিক ১৩১ গৰাকী লোকে মহামাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে ।

India COVID
যোৱা ২৪ ঘণ্টাত কেৰালাত সৰ্বাধিক ২৯৩২২ গৰাকী লোক আক্ৰান্ত কৰণাত

নেশ্যনেল ডেস্ক, ৪ ছেপ্তেম্বৰ : ভাৰতীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৪২,৬১৮ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৩০ গৰাকী লোকৰ ৷ ইয়াৰ ভিতৰত কেৰালাত সৰ্বাধিক ২৯,৩২২ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ২৪ ঘণ্টাত ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩১ গৰাকী ।

ভাৰতীয় চিকিৎসা গৱেষণা প্ৰতিষ্ঠানে (ICMR) প্ৰকাশ কৰা তথ্য অনুসৰি ৩ আগষ্টলৈকে মুঠ ৫২,৮২,৪০,০৩৮ টা নমুনা পৰীক্ষা কৰা হৈছে ৷ ইয়াৰ ভিতৰত শুকুৰবাৰৰ দিনটোত পৰীক্ষা কৰা হৈছে ১৭,০৪,৯৭০ টা নমুনা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দেশত নতুনকৈ ৩৬,৩৮৫ গৰাকী লোক আৰোগ্য হোৱাৰ সমান্তৰালকৈ বৰ্তমানলৈ সৰ্বমুঠ ৩ কোটি ২১ লাখ ১ গৰাকী লোক এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে ।

লগতে পঢ়ক : ত্ৰিপুৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.