ত্ৰিপুৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ

author img

By

Published : Sep 4, 2021, 10:58 AM IST

Brazil Cultural Festival

ব্ৰাজিল আৰু ত্ৰিপুৰাৰ লোকসকলৰ মাজত সামাজিক, সাংস্কৃতিক, ভাষিক মূল্যবোধৰ আদান-প্ৰদানৰ উদ্দেশ্যে আয়োজন কৰা হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ । এই বিষয়ে আলোচনাৰ বাবে ইতিমধ্যে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ সদস্যসকলৰ প্ৰতিনিধি দলে ব্ৰাজিলৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিছে ।

আগৰতলা, ৪ ছেপ্তেম্বৰ : প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত অনুষ্ঠিত হ'ব ব্ৰাজিল সাংস্কৃতিক মহোৎসৱ (Brazil Cultural Festival ) । ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদে (TTAADC) নৱেম্বৰ মাহত আয়োজন কৰিব এই মহোৎসৱৰ । সামাজিক, সাংস্কৃতিক, ভাষিক মূল্যবোধৰ আদান-প্ৰদানৰ উদ্দেশ্য আগত ৰাখি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ত্ৰিপুৰাৰ লোক সংস্কৃতি প্ৰদৰ্শনৰ উদ্দেশ্যে ভাৰতত থকা ব্ৰাজিল দূতাবাসৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হ'ব ।

টিটিএএডিচিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য কমল কালৈ মাদেৰে (Executive Member Kamal Kaloi mader) এই কথা ঘোষণা কৰে । ব্ৰাজিলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ লগতে বিভিন্ন দিশৰ ওপৰত টিটিএএডিচিৰ সদস্যৰ এটা প্ৰতিনিধি দলে ভাৰতত থকা ব্ৰাজিলৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিছিল । এই সাক্ষাতৰ পাছতে মহোৎসৱৰ কথা ঘোষণা কৰা হয় ।

খুমুলৱঙত ত্ৰিপুৰা জনজাতীয় লোক সংগীত মহাবিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ভাষণ দি কাৰ্যবাহী সদস্য কমল কালৈয়ে কয় যে, নৱেম্বৰ মাহত টিটিএএডিচিয়ে ত্ৰিপুৰাৰ লোকসকলক ব্ৰাজিলৰ সংস্কৃতিৰ বিষয়ে অৱগত কৰিবলৈ আৰু ত্ৰিপুৰাৰ সংস্কৃতি কিমান সমৃদ্ধ সেয়া জনাবলৈ ব্ৰাজিল সাংস্কৃতিক মহোৎসৱৰ আয়োজন কৰিব । উৎসৱটো আয়োজন কৰাৰ মুখ্য উদ্দেশ্য হৈছে সাংস্কৃতিক মূল্যবোধৰ আদান-প্ৰদান ।

কাৰ্যবাহী সদস্যগৰাকীয়ে লগতে ঘোষণা কৰে যে অতি শীঘ্ৰে ৩৩ টা উপ আঞ্চলিক অঞ্চলত লোক সংগীত কেন্দ্ৰ মুকলি কৰা হ'ব ৷ তদুপৰি সাংস্কৃতিক ক্ষেত্ৰখনত জড়িত লোকসকলক লৈ সাংস্কৃতিক পৰামৰ্শদাতা সমিতি গঠন কৰা হ'ব । অনুষ্ঠানটোত উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য পূৰ্ণ চন্দ্ৰ জামাতিয়াই (Purna Chandra Jamatia) কয় যে প্ৰদ্যুত কিশোৰ মণিক্য দেৱবৰ্মনৰ নেতৃত্বত নতুন পৰিষদে বিশ্বজুৰি ত্ৰিপুৰাৰ সংস্কৃতিৰ প্ৰচাৰত গুৰুত্ব দিছে । তেওঁ জনোৱা সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ বাবে ব্ৰাজিলিয়ান আৰু ইজৰাইলী দূতসকলকো সাক্ষাৎ কৰিছে পৰিষদে ।

লগতে পঢ়ক : ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.