ETV Bharat / bharat

India VS Ireland 2nd T20: 22 গ’জত সিঙৰ দপদপনি, বুমৰাহ বাহিনীৰ সহজ জয়

author img

By

Published : Aug 21, 2023, 4:27 PM IST

India VS Ireland 2nd T20
22 গ’জত সিঙৰ দপদপনি

ভাৰত বনাম আয়াৰলেণ্ডৰ দ্বিতীয়খন মেচত ভাৰতৰ সহজ জয় ৷ 33 ৰানত আয়াৰলেণ্ডক পৰাস্ত কৰি 2-0 অগ্ৰগতি লাভ ভাৰতৰ ৷ মেন অব দ্যা মেচৰ খিতাপ লাভ যুৱ খেলুৱৈ ৰিংকু সিঙৰ ৷

নিউজ ডেস্ক,21 আগষ্ট: ভাৰত-আয়াৰলেণ্ডৰ পাঁচখনীয়া T-20ৰ চিৰিজৰ দ্বিতীয়খন মেচত ভাৰতৰ জয় ৷ যশপ্ৰীত বুমৰাহ বাহিনীয়ে 33 ৰানত ঘৰুৱা দলক পৰাস্ত কৰি ভাৰতে শৃংখলাটোৰ 2-0 ত অগ্ৰগতি লাভ কৰে ৷ ইফালে প্ৰথমখন মেচ বৰষুণৰ বাবে আধাতে সমৰিব লগা হৈছিল যদিও ডাকৱৰ্থ লুইচ ষ্টাৰ্ণ (DLS) পদ্ধতিৰে 2 ৰানত ভাৰতে বিজয় সাব্যস্ত কিৰিছিল ৷ ৷

দেওবাৰে শৃংখলাৰ দ্বিতীয়খন মেচত টচত জিকি আয়াৰলেণ্ডে ভাৰতক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায় ৷ প্ৰথমে বেট ধৰিবলৈ আহি অপেনাৰ যশস্বী জয়ছোৱালে 11 টা বল খেলি মাত্ৰ 18 ৰান সংগ্ৰহ কৰে ৷ আনহাতে সহ-অধিনায়ক ৰিতুৰাজ গায়কোৱাড়ে 43 টা বলত ফ’ৰ ছটা আৰু ছিক্স এটা কোৱাই 58 ৰান সংগ্ৰহ কৰে ৷ ইফালে বাওঁহতীয়া বেটচমেন ৰিংকু সিঙে তিনিটা ছিক্স, দুটা ফ’ৰ কোৱাই বিস্ফোৰক 21 টা বলত 38 ৰান সংগ্ৰহ কৰে ৷ পুনৰ 22 গছত সিং ইজ কিঙৰ ৰূপ দেখুৱালে যুৱ খেলুৱৈ ৰিংকুৱে ৷ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 আভাৰত 5 টা উইকেট হেৰুৱাই ভাৰতে 185 ৰানৰ লক্ষ্য বান্ধি দিয়ে আয়াৰলেণ্ডক ৷

দ্যা ভিলেজ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনৰ দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় বলাৰ সন্মুখত তিষ্ঠি থাকিব পৰা নাছিল ৷ বিশেষকৈ অধিনায়ক যশপ্ৰীত বুমৰাহৰ আক্ৰমনাত্মক বলিং, প্ৰসিদ্ধ কৃষ্ণৰ বলত দিশহাৰা হৈ পৰে ঘৰুৱা দলটো ৷ ভাৰতে বান্ধি দিয়া লক্ষ্য অনুসৰণ কৰি নিৰ্ধাৰিত 20 অভাৰত আয়াৰলেণ্ডে 8 টা উইকেট হেৰুৱাই মাত্ৰ 152 ৰান সংগ্ৰহ কৰে ৷ আয়াৰলেণ্ডৰ হৈ অপেনাৰ এণ্ড্ৰু বালবাৰ্নীয়ে 51 টা বলত 72 ৰান সংগ্ৰহ কৰে ৷ ভাৰতৰ হৈ অধিনায়ক বুমৰাই 4 অভাৰত 15 ৰান দি 2 টা উইকেট লাভ কৰে ৷ আনহাতে প্ৰসিদ্ধ কৃষ্ণই 4 অভাৰত 29 ৰান খৰচ কৰি 2 টা উইকেট লাভ কৰে ৷

লগতে পঢ়ক:Asia Cup 2023 : এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতীয় দলৰ প্ৰস্তুতি তুংগত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.