ETV Bharat / bharat

IND vs IRE T20 WC: আয়াৰলেণ্ডক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

author img

By

Published : Feb 20, 2023, 10:49 PM IST

IND vs IRE T20 WC
আয়াৰলেণ্ডক হৰুৱাই ছেমিত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

মহিলা আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ ৷ আয়াৰলেণ্ডৰ বিৰুদ্ধে 5 ৰাণত জয়লাভ কৰিলে ভাৰতীয় দলটোৱে ৷ ভাৰতীয় দলৰ অধিনায়ক হৰমন প্ৰীত কৌৰ আন্তঃৰাষ্ট্ৰীয় মহিলা T20 ক্ৰিকেটত তিনিহাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাবে পৰিগণিত হয় (India vs Ireland match) ৷

স্পৰ্টছ ডেস্ক, 20 ফেব্ৰুৱাৰী: আয়াৰলেণ্ডক 5 ৰাণত পৰাস্ত কৰি মহিলা আন্তঃৰাষ্ট্ৰীয় T20 ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ ৷ সোমবাৰে অনুষ্ঠিত বৰ্ষাবিঘ্নিত খেলখনত DLS পদ্ধতিৰে ভাৰতক বিজয়ী ঘোষণা কৰা হয় ৷ নিউজিলেণ্ডৰ চেন্ট জৰ্জ পাৰ্কত অনুষ্ঠিত আজিৰ খেলখনত টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমন প্ৰীত কৌৰে (India vs Ireland match) ৷

প্ৰথমে বেটিং কৰিবলৈ অহা শেফালী বাৰ্মা আৰু স্মৃতি মান্ধানাই চমকপ্ৰদ প্ৰদৰ্শন আগঢ়ায় ৷ প্ৰথম উইকেটৰ যুটিত শেফালী আৰু মান্ধানাই সংগ্ৰহ কৰে 62 ৰাণ ৷ 9.3 অভাৰত শেফালীয়ে 24 ৰাণ কৰি পেভিলিয়নমুখী হয় ৷ তাৰ পাচতেই সুন্দৰ ফৰ্মত থকা মান্ধানাই দলক আগুৱাই লৈ যায় ৷ 56 টা বল খেলি 9 টা বাউণ্ডেৰী আৰু 3 টা অভাৰ বাউণ্ডেৰীৰে 87 ৰাণৰ এটা সুন্দৰ ইনিংছ উপহাৰ দিয়ে মান্ধানাই (India vs Ireland T20 World Cup) ৷

ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 6 টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম উইকেটৰ যুটিত শক্তিশালীভাৱে আগবঢ়া ভাৰতীয় দলৰ ৰাণ সংখ্যা অৱশ্যে শেফালী পেভিলিয়নমুখী হোৱাৰ পিচত কিছু স্থবিৰ হৈ পৰে ৷ অধিনায়ক হৰমন প্ৰীত কৌৰে 13 ৰাণ কৰি আউট হোৱাৰ পিচত ৰিচা ঘোষে কোনো ৰাণ নকৰাকৈয়ে আউট হয় ৷ মান্ধানাৰ সৈতে ৰড্ৰিগজে কিছু সময় থিতাপি লয় ৷ ৰ’ড্ৰিগজে 19 ৰাণৰ বৰঙণি যোগাই (India vs Ireland women T20 world cup updates) ৷ আজি খেলখনত 13 ৰাণ সংগ্ৰহ কৰা ভাৰতীয় দলৰ অধিনায়ক হৰমন প্ৰীত কৌৰ আন্তঃৰাষ্ট্ৰীয় মহিলা T20 ক্ৰিকেটত তিনিহাজাৰ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাবে পৰিগণিত হয় ৷

ইফালে 156 ৰাণৰ লক্ষ্য আগত লৈ খেল আৰম্ভ কৰা আয়াৰলেণ্ড দলে প্ৰথম অভাৰতে দুটা উইকেট হেৰুৱায় ৷ কিন্তু গাবি লিউইছ আৰু অধিনায়ক ডিলানীয়ে দলটোক স্থিতি প্ৰদান কৰে ৷ গেবিয়ে 32 আৰু ডিলানীয়ে 17 ৰাণ কৰি খেলি থকা অৱস্থাতে 8.2 অভাৰত বৰষুণ অহাত খেলখন বন্ধ হৈ পৰে ৷ সেই সময়ত আয়াৰলেণ্ডৰ ৰাণ আছিল 52 (India vs Ireland match report) ৷ অৱশেষত DLS পদ্ধতি অৱলম্বন কৰি ভাৰতক 5 ৰাণত বিজয়ী ঘোষণা কৰা হয় ৷ স্মৃতি মান্ধানাক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয় ৷

থোৰতে স্ক’ৰ ব’ৰ্ড:

নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 155 ৰাণ সংগ্ৰহ ভাৰতৰ ৷

শেফালী বাৰ্মা- 24(28)

স্মৃতি মান্ধানা- 87 (56)

8.2 বলত 2 টা উইকেট হেৰুৱাই 52 ৰাণ সংগ্ৰহ আয়াৰলেণ্ডৰ ৷

বৰষুণৰ বাবে খেল স্থগিত আৰু DLS পদ্ধতিত 5 ৰাণত ভাৰতৰ জয় ৷

লগতে পঢ়ক: Border Gavaskar trophy 2023 : জাদেজাৰ যাদুৰ শৰত ধৰাশায়ী কেংগেৰু বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.