ETV Bharat / sports

Border Gavaskar trophy 2023 : জাদেজাৰ যাদুৰ শৰত ধৰাশায়ী কেংগেৰু বাহিনী

author img

By

Published : Feb 19, 2023, 6:58 PM IST

Border Gavaskar trophy 2023
জাদেজাৰ যাদুৰ শৰত ধৰাশায়ী কেংগেৰু বাহিনী

টেষ্ট কেৰিয়াৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ৰবিন্দ্ৰ জাদেজাৰ (Jadeja best test career)। ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী দ্বিতীয় টেষ্টৰ এটা ইনিংছত ৭ টাকৈ উইকেট দখল । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ দ্বিতীয়খন টেষ্টত জয়লাভ ।

স্পৰ্টছ ডেস্ক,১৯ ফেব্ৰুৱাৰী : ভাৰতীয় অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই পুনৰ দেখুৱালে তেওঁৰ স্পিন বলিঙৰ যাদু (All rounder Ravindra Jadeja)। আঘাতৰ পৰা সুস্থ হৈ খেলপথাৰলৈ উভতিয়ে আক্ৰমণাত্মক ৰূপ দেখুৱালে জাদেজাই । ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত অষ্ট্ৰেলিয়াক ধৰাশায়ী কৰিলে জাদেজাই (Jadeja bowling in Border Gavaskar trophy)।

মেচখনৰ দ্বিতীয় ইনিংছত সমগ্ৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোক ১১৩ ৰাণতে বান্ধি ৰাখিলে জাদেজা আৰু তেওঁৰ সহযোগী ভাৰতীয় বলাৰে । ইনিংছটোত ৰবীন্দ্ৰ জাদেজাই তেওঁৰ টেষ্ট ক্ৰিকেটৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হয় (Best Test of Ravindra Jadeja against Australia)। মাত্ৰ ৪২ ৰাণ দি ৭ টাকৈ উইকেট দখল কৰে জাদেজাই । অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এয়া তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ।

ৰবীন্দ্ৰ জাদেজাই ইয়াৰ পূৰ্বে ইংলেণ্ড দলৰ বিৰুদ্ধে ৪৮ ৰাণত ৭ টা উইকেট দখল কৰিছিল (Jadeja took 7 wicket in one innings)। কিন্তু তেওঁ তাতকৈও উন্নত প্ৰদৰ্শন দেখুৱাই অষ্ট্ৰেলিয়াক নিৰাশ কৰি তোলে । পূৰ্বে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ ৬৩ ৰাণত ৬ টা উইকেট লাভ কৰিছিল । ইফালে ৰবীন্দ্ৰ জাদেজাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৪ খন মেচত পঞ্চমবাৰৰ বাবে ৫ টাতকৈ অধিক উইকেট অৰ্জন কৰিছে ।

উল্লেখ্য যে নতুন দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত দ্বিতীয় টেষ্ট মেচৰ চতুৰ্থ দিনা ভাৰতীয় বলাৰৰ আধিপত্য আৰু অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ সমগ্ৰ বেটিং লাইন-আপক স্পিন বলাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজাৰ সন্মুখত শিৰনত কৰা দেখা গৈছে । ইনিংছটোত ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৭ টা উইকেট দখল কৰে (Jadeja best test career wickets)। আনহাতে ৰবিচন্দ্ৰন অশ্বিনে ৩ টা উইকেট লাভ কৰে ।

ৰবীন্দ্ৰ জাদেজাই ১২.১ অভাৰত ৪২ ৰাণ দি এই ৭ টা উইকেট দখল কৰে । আনহাতে স্পিন বলাৰ ৰবিচন্দ্ৰন অশ্বিনে ১৬ অভাৰত ৫৯ ৰাণ দি ৩ টা উইকেট দখল কৰে । তৃতীয় স্পিন বলাৰ অক্ষৰ পেটেলে দ্বিতীয় ইনিংছত মাত্ৰ ১ অভাৰ বল কৰিবলৈ সক্ষম হয় । ইফালে জাদেজাই প্ৰথম ইনিংছটো সুন্দৰ বলিং প্ৰদৰ্শন দেখুৱাইছিল আৰু তিনিটাকৈ উইকেট লৈছিল (Jadeja took 10 wickets in one test)।

ইফালে ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ২-০ৰে অগ্ৰগতি লাভ কৰিছে । দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতে অষ্ট্ৰেলিয়া দলক ৬ উইকেটৰ ব্যৱধানত পৰাস্ত কৰে । শৃংখলাটোৰ প্ৰথম টেষ্টত ভাৰতে এটা ইনিংছ আৰু ১৩২ ৰাণত জয়ী হৈছিল । ৪ খন টেষ্টৰ শৃংখলাটোত এতিয়া ভাৰতে মাত্ৰ এখনত জয়ী হ'লেই শৃংখলা নিজৰ হাতলৈ নিব পাৰিব । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত তৃতীয়খন টেষ্ট ১ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :Border Gavaskar trophy 2023 : অপ্ৰতিৰোধ্য ৰোহিত বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.