ETV Bharat / bharat

কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

author img

By

Published : Nov 12, 2020, 9:42 AM IST

কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ
কাৰাগাৰৰ পৰা মুকলি হৈয়ে উদ্ধৱ থাকৰেক প্ৰত্যাহ্বান অৰ্ণৱ গোস্বামীৰ

কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছতে উদ্ধৱ থাকৰেৰ ওপৰত খৰ্গহস্ত হৈ পৰিল অৰ্ণৱ গোস্বামী ৷ কাৰগাৰৰ পৰা মুক্ত হৈ বুধবাৰে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ বাবে গোস্বামীয়ে টেলিভিছন ষ্টুডিঅ'ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ 2018 চনত সংঘটিত এটা আত্মহত্যা কাণ্ডৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা গোস্বামীয়ে মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ বিৰুদ্ধে অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ৷

মুম্বাই, 12 নৱেম্বৰ: এসপ্তাহৰ বাবে ন্যায়িক জিম্মাত থকাৰ পাছত টেলিভিছন নিউজৰুমৰ চিনাকী পৰিৱেশলৈ উভতি আহি সাংবাদিক অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা বুলি থাকৰেৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি গোস্বামীয়ে কয়,"উদ্ধৱ থাকৰে আপুনি শুনক ৷ আপুনি হাৰিলে ৷ আপোনাক পৰাজিত কৰা হৈছে ৷"

মুম্বাইৰ ওচৰৰ তালোজা কাৰাগাৰৰ পৰা বুধবাৰে ৰাতি প্ৰায় 8:30 বজাত মুক্তি লাভ কৰাৰ ঠিক পাছতেই ল'ৱাৰ পেৰেল ষ্টুডিঅ'লৈ বুলি গোস্বামী ৰাওনা হয়,য'ত তেওঁ মুখ্য সম্পাদক হিচাপে কাম কৰি আছে ৷

2018 চনৰ এটা আত্মহত্যাৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰাৰ বাবে মুম্বাইৰ আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙৰ ওপৰতো গোস্বামীক খৰ্গহস্ত হৈ পৰা পৰিলক্ষিত হ'ল ৷ গোস্বামীয়ে অভিযোগ কৰে যে এটা ভুৱা গোচৰত তেওঁক অবৈধ ভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল ৷

গোস্বামীয়ে কয় যে নৱেম্বৰ 8 তাৰিখৰ পৰা কাৰগাৰত থকা দিনকেইটাত তেওঁ মুঠ তিনিটা ৰাউণ্ড সোধ-পোচৰ চিকাৰ হৈছিল ৷ তেওঁ কয়, "উদ্ধৱ থাকৰে,মোক এটা পুৰণি আৰু ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ আৰু আপুনি মোক ক্ষমা নুখুজিলে ৷ "

"খেল এতিয়া মাথো আৰম্ভহে হৈছে ৷ " বুলি কৈ তেওঁ ঘোষণা কৰে যে প্ৰত্যেকটো আঞ্চলিক ভাষাতে তেওঁ নিজা চেনেল আৰম্ভ কৰিব আৰু আন্ত:ৰাষ্ট্ৰীয় মাধ্যমতো এই চেনেলৰ উপস্থিতি থাকিব ৷

তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত গোস্বামীয়ে কয়,"মই কাৰগাৰৰ ভিতৰৰ পৰাও চেনেল আৰম্ভ কৰিম আৰু আপুনি (উদ্ধৱ থাকৰে ) একো কৰিব নোৱাৰে ৷

তেওঁক ইনটেৰিম বেইল প্ৰদান কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক ধন্যবাদ জনোৱাৰ লগতে জয় মহাৰাষ্ট্ৰ শ্ল'গান দি তেওঁ মাৰাঠী ভাষাতেই কেইটামান শব্দ কয় ৷

বুধবাৰে ৰাতি উচ্চতম ন্যায়ালয়ে ব্যক্তি স্বাধীনতাৰ প্ৰতি লক্ষ্য ৰাখি ইনটেৰিম বেইল প্ৰদান কৰাৰ পাছতে গোস্বামীক মুকলি কৰি দিয়া হয় ৷

লগতে পঢ়ক: গুজৰাটৰ ষ্টেচু অফ ইউনিটিত অধ্যক্ষ সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.