ETV Bharat / bharat

ভাৰতীয় সামৰিক একাডেমীত পাছিং আউট পেৰেড, দেশে লাভ কৰিলে ৩৪৩ গৰাকী সামৰিক বিষয়া

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 1:18 PM IST

ভাৰতীয় সেনাই লাভ কৰিলে ৩৪৩ গৰাকী সেনা বিষয়া । আজি ভাৰতীয় সামৰিক একাডেমীত পাছিং আউট পেৰেডত অংশ ল'লে ভাৰতৰ লগতে বন্ধুত্বপূৰ্ণ দেশৰ ২৯ গৰাকী কেডেটে ।

IMA passing out parade
দেশে লাভ কৰিব ৩৪৩ গৰাকী সামৰিক বিষয়া

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : ডেৰাডুনত ভাৰতীয় সামৰিক একাডেমীৰ চেটউড ভৱনৰ সন্মুখত পাছিং আউট পেৰেড অনুষ্ঠিত হয় । কুচকাৱাজৰ জৰিয়তে দেশৰ পৰৱৰ্তী সামৰিক বিষয়াসকলে অনুশাসন আৰু দেশ সেৱাৰ মনোভাৱ প্ৰদৰ্শন কৰে । উল্লেখ্য যে এতিয়ালৈকে ৬৫,২৩৪ গৰাকী কেডেট ভাৰতীয় সামৰিক একাডেমীৰ পৰা উত্তীৰ্ণ হৈছে ।

ভাৰতীয় সামৰিক একাডেমীত পাছিং আউট পেৰেডৰ সময়ত কেডেটসকলক অধিক উৎসাহিত দেখা গৈছে । কুছকাৱাজৰ সময়ত উৎকৃষ্ট অনুশাসন আৰু প্ৰশিক্ষণো দেখা গৈছে । ভাৰতীয় সামৰিক একাডেমীত ভাৰতীয় কেডেটসকলৰ লগতে বন্ধুত্বপূৰ্ণ দেশবোৰৰ বিদেশী কেডেটসকলো আছিল । এতিয়ালৈ ভাৰতীয় সামৰিক একাডেমীৰ পৰা মুঠ ২৯১৪ গৰাকী বিদেশী কেডেটে প্ৰশিক্ষণ লৈছে ।

এইবছৰ ৩৪৩ গৰাকী ভাৰতীয় জিচিয়ে পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে । একে সময়তে, ১২ খন বন্ধুত্বপূৰ্ণ দেশৰ ২৯ গৰাকী কেডেটেও পাছিং আউট পেৰেডত অংশগ্ৰহণ কৰে । মুঠ ৩৭২ গৰাকী জিচি উত্তীৰ্ণ হোৱাৰ পাছত সেনাৰ অংশ হ'ব । এইবাৰৰ পাছিং আউট পেৰেডৰ ৩৪৩ গৰাকী কেডেটৰ ভিতৰত ৬৮ গৰাকী জিচি উত্তৰ প্ৰদেশৰ আৰু আনহাতে উত্তৰাখণ্ডৰ ৪২ গৰাকী আছে । ৰাজস্থানৰ পৰা ৩৪ গৰাকী জিচি আছে । ইয়াৰ উপৰিও মহাৰাষ্ট্ৰৰ ২৮ গৰাকী, বিহাৰৰ ২৭ গৰাকী, হাৰিয়ানাৰ ২২ গৰাকী আৰু পঞ্জাবৰ ২০ গৰাকী জিচিও পাছিং আউট পেৰেডৰ অংশ হয় ।

একেদৰে, কৰ্ণাটকৰ ১১ গৰাকী, হিমাচল প্ৰদেশৰ ১৪ গৰাকী, জম্মু-কাশ্মীৰৰ ১০ গৰাকী, পশ্চিমবংগ আৰু কেৰালাৰ ৯ গৰাকী, দিল্লীৰ ৮ গৰাকী, ঝাৰখণ্ড, মধ্য প্ৰদেশ আৰু ওড়িশাৰ ৫ গৰাকীকৈ, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু নেপালৰ পৰা ৪ গৰাকী, নতুন দিল্লী আৰু গুজৰাটৰ পৰা ২ গৰাকীকৈ আনহাতে তেলেংগানা, মেঘালয়, মণিপুৰ, অসম আৰু অৰুণাচল প্ৰদেশৰ ১ গৰাকীকৈ কেডেটে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । আজিৰ পাছিং আউট পেৰেডৰ পাছত দেশৰ সেনাই মুঠ ৩৪৩ গৰাকী সামৰিক বিষয়া লাভ কৰে ।

লগতে পঢ়ক :Gaya OTA ত পাছ আউট পেৰেডৰ আয়োজন; দেশে লাভ কৰিব ১২১ জন নতুন সামৰিক বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.