ETV Bharat / bharat

Navratri Health Tips: আপুনি নৱৰাত্ৰিত ব্ৰত পালন কৰিছে নেকি ? তেন্তে নকৰিব এই ৪টা ভুল!

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 11:25 AM IST

If you are observing Navratri fast then do not make these 4 mistakes! Health will be harmed
আপুনি নৱৰাত্ৰিত ব্ৰত পালন কৰিছে নেকি ? তেন্তে নকৰিব এই ৪টা ভুল!

নৱৰাত্ৰিৰ ৯ দিন মানুহে দেৱী দুৰ্গাৰ আৰাধনা কৰে ৷ ইয়াৰ লগতে বহুলোকে ব্ৰতো পালন কৰে ৷ অৱশ্যে ব্ৰতৰ সময়তো স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ যদি আপুনিও নৱৰাত্ৰিত ব্ৰত পালন কৰি আছে তেন্তে এই ৪টা কাম ভুলতো নকৰিব ৷

আজিৰ পৰা ৮ দিনৰ বাবে উদযাপন কৰা হ'ব নৱৰাত্ৰি উৎসৱ ৷ নৱৰাত্ৰি উৎসৱৰ সময়ত ভক্তই মা দেৱী দুৰ্গাৰ নটা ৰূপৰ পূজা কৰে ৷ একে সময়তে অধিকাংশ লোকে দেৱীৰ ভক্তিত উপবাসেও থাকে ৷ স্বাস্থ্য বিশেষজ্ঞৰ মতে, উপবাসে স্বাস্থ্যৰ বহু উপকাৰ লাভ সাধন কৰে ৷

অৱশ্যে ইয়াৰ সমান্তৰালকৈ স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে, উপবাসৰ সময়ত স্বাস্থ্যৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ ৷ ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে ৷ কিন্তু যদি আপুনিও নৱৰাত্ৰিৰ সময়ত ব্ৰত ৰাখিছে, তেন্তে ভুলতেও এই ভুলবোৰ কৰাৰ পৰা বিৰত থাকক-

ভোকত নাথাকিব

যদি আপুনি নৱৰাত্ৰিৰ বাবে ব্ৰত ৰাখিছে তেন্তে ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি খোৱা বন্ধ কৰিব লাগে ৷ যদি আপুনি খাদ্য গ্ৰহণ বন্ধ কৰে তেন্তে শৰীৰত শক্তিৰ মাত্ৰা কমি যাব ৷ গৰ্ভাৱস্থাত শৰীৰত কমেও ১২০০ কেলৰিৰ প্ৰয়োজন হয় ৷ গতিকে কম সময়ৰ ব্যৱধানত কিবা এটা খাই থাকিব লাগে ৷

ব্যায়াম কৰা

কিছুমান মানুহ বেছি ফিটনেছ ফ্ৰিক ৷ ব্ৰতৰ সময়তো তেনেলোকে ৱৰ্কআউট কৰে ৷ কিন্তু এই কাম কৰিলে স্বাস্থ্যৰ বাবে একেবাৰেই উচিত নহয় ৷ উপবাসৰ সময়ত শৰীৰত শক্তিৰ মাত্ৰা পূৰ্বতকৈ কম হৈ থাকে, যাৰ ফলত মূৰ ঘূৰণিৰ সৃষ্টি হ’ব পাৰে ৷

তেলীয়া বস্তু পৰিহাৰ কৰক

গোটেই দিনটো ভোকত থকাৰ লগে লগে তেলীয়া খাদ্য খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে ৷ সন্ধিয়া আলু ভাজি, পুৰী বা পকৰি খালে শৰীৰত ৰক্তশৰ্কৰাৰ পৰিমাণ বৃদ্ধি পাব পাৰে ৷

ডিহাইড্ৰেচন

উপবাসৰ সময়ত বেছিভাগ মানুহেই সঠিক পৰিমাণে পানী নাখায়, যাৰ বাবে তেওঁলোকৰ শৰীৰত পানীৰ অভান হোৱাৰ আশংকা থাকে যাক ডিহাইড্ৰেচন বুলিও কোৱা হয় ৷ কিন্তু সেই সময়ত গম পোৱা নাযাবও পাৰে কিন্তু পিছলৈ ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ৷ গতিকে উপবাসৰ সময়ত এই সমস্যাৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে ৷ ইয়াৰ বাহিৰেও চাহ বা কফি খোৱাৰ পৰা বিৰত থাকক ৷ ইয়াৰ ফলত এচিডিটি আৰু হাৰ্টবাৰ্ণৰ দৰে সমস্যা হ’ব পাৰে ৷

লগতে পঢ়ক: Shardiya Navratri 2023 Bhog: নৱৰাত্ৰীৰ 9 দিনত আগবঢ়াওক এই 9 বিধ প্ৰসাদ, সন্তুষ্ট হ’ব মা দুৰ্গা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.