ETV Bharat / bharat

Agnipath scheme: অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন

author img

By

Published : Jul 1, 2022, 6:40 AM IST

অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন
অগ্নিপথ আঁচনিৰ অধীনত ৭ দিনত বায়ুসেনাত ২.৭২ লাখ আবেদন

বৃহস্পতিবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে জনোৱা মতে, অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত ভাৰতীয় বায়ুসেনাই (Indian Air Force) পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ এসপ্তাহৰ ভিতৰত ২.৭২ লাখ আবেদন লাভ কৰিছে (Agnipath recruitment scheme) ।

নিউজ ডেস্ক, 1জুলাই : পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ এসপ্তাহৰ ভিতৰত ভাৰতীয় বায়ুসেনাই অগ্নিপথ নিযুক্তি আঁচনিৰ অধীনত ২.৭২ লাখ আবেদন লাভ কৰিছে বুলি বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে (IAF receives 2 lakh applications under Agnipath scheme) । ২৪ জুনৰ পৰা আৰম্ভ হোৱা পঞ্জীয়ন প্ৰক্ৰিয়াত সোমবাৰৰ ভিতৰত ৯৪,২৮১ খন আবেদন দাখিল কৰা হৈছে (Registration process for agnipath) ।

১৪ জুনত এই আঁচনিখন উন্মোচন কৰাৰ পিছত ইয়াৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদে প্ৰায় এসপ্তাহ ধৰি দেশৰ কেইবাখনো ৰাজ্য কঁপাই তোলা পৰিলক্ষিত হয় ৷ বিভিন্ন বিৰোধী ৰাজনৈতিক দলে ইয়াক ৰোলবেক কৰাৰ দাবী জনায় । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ এ ভাৰত ভূষণ বাবুৱে টুইটাৰত কয় যে, “এতিয়ালৈকে ২,৭২,০০০ সম্ভাব্য অগ্নিবীৰে agnipathvayu.cdac.in ত নিজৰ নাম পঞ্জীয়ন কৰিছে, অৰ্থাৎ ভাৰতীয় বায়ুসেনাত যোগদান কৰিবলৈ বাছনি প্ৰক্ৰিয়াৰ মাজেৰে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে ।”

তেওঁ লগতে কয় যে নাম পঞ্জীয়নৰ অন্তিম তাৰিখ 2022 বৰ্ষৰ ৫ জুলাই (Agnipath scheme)। অগ্নিপথ আঁচনিৰ অধীনত ১৭ বছৰ 5 মাহৰ পৰা ২১ বছৰৰ ভিতৰৰ যুৱক-যুৱতীক চাৰি বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়া হ’ব আৰু ইয়াৰে ২৫ শতাংশক পৰৱৰ্তী সময়ত নিয়মীয়া সেৱাৰ বাবে নিযুক্তি দিয়া হ’ব । চৰকাৰে ১৬ জুনত আঁচনিৰ অধীনত নিযুক্তিৰ বাবে উচ্চতম বয়সৰ সীমা ২০২২ বৰ্ষৰ বাবে ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰিছিল, আৰু পৰৱৰ্তী সময়ত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীত অগ্নিবীৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ দৰে বহুকেইটা স্পষ্ট পদক্ষেপৰ কথা ঘোষণা কৰিছিল ।

দেশৰ বিজেপি শাসিত বহুকেইখন ৰাজ্যই ঘোষণা কৰে যে ‘অগ্নিবীৰ’ -- অগ্নিপথ আঁচনিৰ অধীনত নিযুক্তিপ্ৰাপ্ত জোৱানসকলক পৰৱৰ্তী সময়ত নিজৰ নিজৰ ৰাজ্যত আৰক্ষী বাহিনীত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব । ইফালে দেশৰ সশস্ত্ৰ বাহিনীয়ে স্পষ্ট কৰি দিছে যে, যিসকলে নতুন নিযুক্তি আঁচনিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ আৰু অগ্নিসংযোগত লিপ্ত হৈছিল তেওঁলোকক দেশৰ সশস্ত্ৰ সেৱাৰ বাবে নিযুক্তি দিয়া নহ’ব ।

লগতে পঢ়ক: Agnipath Scheme : অগ্নিপথৰ বিৰুদ্ধে পঞ্জাব বিধানসভাত প্ৰস্তাৱ গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.