ETV Bharat / bharat

কলকাতাত আয়কৰ বিভাগৰ অভিযান

author img

By

Published : Mar 11, 2021, 7:55 PM IST

কলকাতাত আবকাৰী বিভাগৰ অভিযান
কলকাতাত আবকাৰী বিভাগৰ অভিযান

কমিছনৰ আশাত বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰা কলকাতাত দুজনকৈ লোকৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান । বিভাগীয় বিষয়াই এতিয়াও ৰাজহুৱা কৰা নাই উক্ত লোক দুজনৰ নাম ।

নেশ্যনেল ডেস্ক,১১ মাৰ্চ: যোৱা ৩ মাৰ্চত কলকাতাৰ দুজন লোকৰ বাসগৃহত আয়কৰ বিভাগে অভিযান চলায় । কমিছনৰ আশাত এই ব্যক্তি দুজনে বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰাৰ সন্দেহত আয়কৰ বিভাগে অভিযান চলাইছে । গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে বিভাগীয় বিষয়াই অনুসন্ধান চলায় ।

এই অভিযানৰ সময়ত বে-আইনীভাৱে ৰখা নগদ ১২১.৫০ লাখ টকা জব্দ কৰা হয় । অৱশ্যে, এই লোক দুজনৰ পৰিচয় ৰাজহুৱা কৰা নাই বিভাগীয় কৰ্তৃপক্ষই । এই সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে বুলি জানিবলৈ দিছে আয়কৰ বিভাগে ।

লগতে পঢ়ক: হায়দৰাবাদত স্বামীক হত্যা কৰি ৰঙাঘৰৰ আলহী পত্নী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.