ETV Bharat / bharat

speeding car rams in Hyderabad : প্ৰাতঃভ্ৰমণকাৰীক মহতিয়ালে তীব্ৰবেগী বাহনে; মাতৃ-কন্যাসহ নিহত ৩

author img

By

Published : Jul 4, 2023, 6:09 PM IST

speeding car rams in Hyderabad
speeding car rams in Hyderabad

দুৰ্ঘটনাটোৰ চিচি টিভি ফুটেজত দেখুওৱা হৈছে যে গাড়ীচালকজনে এটা টাৰ্ণ লোৱাৰ সময়ত দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু তাৰ পিছত ৰাস্তাৰ পৰা পিছলি গৈ পথচাৰীকেইজনক খুন্দা মাৰে ।

তীব্ৰবেগী গাড়ীৰ খুন্দাত নিহত প্ৰাতঃভ্ৰমণকাৰী

নিউজ ডেস্ক, ৪ জুলাই : পুৱাৰ সজীৱ পৰিৱেশেৰে জীপাল হৈ দিনটো সুকলমেৰে অতিবাহিত কৰাৰ বাবে প্ৰাতঃভ্ৰমণলৈ ওলাইছিল তিনিগৰাকী ব্যক্তি । তেওঁলোকৰ মাজত আছিল মাতৃ-কন্যাও । কিন্তু সুমধুৰ পুৱাটোৱে যে তেওঁলোকৰ বাব কাল অমানিশা কঢ়িয়াই আনিব সেয়া হয়তো তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল । কিন্তু চৰণেহে জানে মৰণৰ ঠাই । সেই আপ্তবাক্যশাৰীয়ে যেন প্ৰতিপন্ন হ'ল বাস্তৱত । এক লোমহৰ্ষক দুৰ্ঘটনাত প্ৰাণ হেৰুৱালগীয়া হয় তিনিগৰাকী লোকে । তাৰে ভিতৰত আছে দুগৰাকী মাতৃ-কন্যাও । এই দুৰ্ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদত ।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, মঙলবাৰে পুৱা এজন গাড়ীচালকে নিয়ন্ত্ৰণ হেৰুৱাই তিনি পথচাৰীক খুন্দা মাৰে । সেই সময়ত তেওঁলোক প্ৰাতঃভ্ৰমণত ওলাই আহিছিল । ইফালে গাড়ীখনৰ খুন্দাত এগৰাকী মাতৃ আৰু কন্যাসহ তিনিগৰাকী লোক নিহত হয় । দুৰ্ঘটনাটো সংঘটিত হৈছে হায়দৰাবাদ চহৰৰ চানচিটি বান্দলাগুড়া অঞ্চলত ।

দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজত প্ৰকাশ পাইছে যে গাড়ীচালকজনে এটা টাৰ্ণ লোৱাৰ সময়ত দ্ৰুতবেগী বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । তাৰ পিছত গাড়ীখনে ৰাস্তাৰ পৰা পিছলি গৈ পথচাৰীকেইজনক খুন্দা মাৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত তিনিগৰাকী লোকে প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিল । উক্ত দুৰ্ঘটনাটোত তিনিওগৰাকী লোক ঘটনাস্থলীতে নিহত হয় । "দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে গাড়ীচালকজন ঘটনাস্থলীৰ পৰা পলাই যায় । আমি গাড়ীচালকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) প্ৰাসংগিক ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছোঁ ।" এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই দুৰ্ঘটনাটোৰ পিছত কয় । তেওঁ লগতে কয় যে দুৰ্ঘটনাৰ পিছত মৃতদেহকেইটা ওচমানিয়া চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

আৰক্ষী বিষয়াজনৰ মতে, মৃতকৰ পৰিচয় জানিব পৰা হোৱা নাই । উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত ২৬ জুনত কৰ্ণাটকৰ ৰাজধানীৰ ৰাজাজীনগৰ ট্ৰেফিক আৰক্ষী থানা এলেকাতো এখন গাড়ীৰ খুন্দাত এজন পথচাৰী নিহত হৈছিল । তীব্ৰবেগী গাড়ীখনে পথচাৰীজনক মহতিয়াই পলাই গৈছিল । পিছত মৃত ব্যক্তিজন প্ৰকাশ নগৰৰ বাসিন্দা ৫৫ বছৰীয়া কৃষ্ণাপ্পা প্ৰকাশ বুলি চিনাক্ত কৰা হয় ।

লগতে পঢ়ক :Maharashtra road accident: মহাৰাষ্ট্ৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 7 জনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.