ETV Bharat / bharat

Maharashtra road accident: মহাৰাষ্ট্ৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 7 জনে

author img

By

Published : Jul 4, 2023, 1:55 PM IST

মহাৰাষ্ট্ৰত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে 7 জনে, আহত 15 গৰাকী ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

Maharashtra Madhya Pradesh border accident
শোকাৱহ পথ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, 4 জুলাই : মহাৰাষ্ট্ৰত পুনৰ শোকাৱহ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ ধুলে জিলাৰ মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশ সীমান্তৰ পালাছনেৰ গাঁৱত মুম্বাই-আগ্ৰা ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোৰ ফলত 7 জন লোক নিহত হোৱাৰ লগতে 15 জন আহত হোৱাৰ প্ৰাৰম্ভিক তথ্য লাভ কৰিব পৰা গৈছে । শ্বিৰপুৰ ক’টেজ হাস্পতালত আহতসকল চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ পৰা গৈছে ।

আনহাতে, ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু হোৱা 7 জন লোকৰ মৃতদেহ কুটিৰ চিকিৎসালয়ত ৰখা হৈছে বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে চাৰিৰ পৰা পাঁচখন বাহনৰ মাজত অদ্ভুত ধৰণে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে ।

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া অনুসৰি, শিলগুটি ভৰ্তি এখন দ্ৰুতবেগী কণ্টেইনাৰ বাহনে পিচফালৰ পৰা এখন গাড়ীত খুন্দা মাৰে আৰু চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । ইয়াৰ পিচত পিছফালৰ পৰা অহা আন এখন চলন্ত কণ্টেইনাৰ আৰু তিনিৰ পৰা চাৰিখন দুচকীয়া বাহন খুন্দা মাৰি উক্ত কণ্টেইনাৰ বাহনখন ঘাইপথৰ কাষৰ সৰু এখন হোটেলক মহতিয়াই যায় বুলি জানিবলৈ পৰা গৈছে ।

দুৰ্ঘটনাস্থলীত সহায় আৰু উদ্ধাৰ অভিযান চলি আছে বুলি জানিবলৈ পৰা গৈছে । ঘাইপথটোত শিলগুটি জমা হোৱাৰ বাবে যাতায়ত বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে । সুচল যাতায়তৰ বাবে প্ৰচেষ্টা অব্যাহত আছে । কণ্টেইনাৰৰ খুন্দাত দুৰ্ঘটনাগ্ৰস্থ গাড়ীখনৰ নম্বৰ MH 18BR 5057 ৷ গাড়ীখনৰ ভিতৰত স্বামী-স্ত্ৰী, দুটা সন্তান আৰু এগৰাকী চালকজন আছিল বুলি জানিবলৈ পৰা গৈছে । স্বামী, দুটা সন্তান আৰু চালক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে মহিলাগৰাকীৰ থিতাতে মৃত্যু হোৱা বুলি জানিবলৈ পৰা গৈছে ।

লগতে পঢ়ক : IndiGo Flight Emergency Landing : ৰাজ্যৰ কেইবাগৰাকীও ৰাজনৈতিক নেতাক কঢ়িয়াই নিয়া ইণ্ডিগ’ বিমানত বিজুতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.