ETV Bharat / bharat

Delhi Crime : ৭০ হাজাৰ দি বিয়া পাতিছিল; মাতৃৰ ঘৰলৈ বাৰে বাৰে গৈ থকাৰ বাবেই পত্নীক হত্যা

author img

By

Published : Aug 10, 2023, 8:39 PM IST

Delhi Crime
Delhi Crime

দক্ষিণ দিল্লীৰ ফতেহপুৰ বেৰী অঞ্চলৰ খুৰ্দ সীমান্তৰ এখন অৰণ্যত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছে । আৰক্ষীয়ে এই গোচৰটোত অভিযুক্ত স্বামী আৰু আন দুজন আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে । জেৰাৰ সময়ত প্ৰকাশ কৰিছে যে অভিযুক্ত স্বামী ধৰমবীৰে পত্নীৰ স্বভাৱ সঠিক লগা নাছিল । যাৰ বাবে তেওঁ এই চৰম সিদ্ধান্ত লয় ।

নিউজ ডেস্ক, ১০ আগষ্ট : দিল্লী আৰক্ষীয়ে ৰাজধানীত এগৰাকী মহিলাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ বিষয়ে প্ৰকাশ কৰিছে । এই হত্যাৰ গোচৰত তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে গোচৰৰ বিষয়ে প্ৰকাশ কৰি কয় যে হত্যাকাৰী মহিলাগৰাকীৰ স্বামী । লগতে এইটোও কোৱা হৈছে যে অভিযুক্ত স্বামীয়ে তেওঁৰ দুজন আত্মীয়ৰ সৈতে এই ঘটনাটো সংঘটিত কৰিছিল ।

আৰক্ষীয়ে কয় যে ধৰমবীৰে এগৰাকী অজ্ঞাত মহিলাক ৭০ হাজাৰ টকা দিয়াৰ বিনিময়ত চুইটিক বিয়া কৰাইছিল । কিন্তু তেওঁৰ সৈতে বিবাহত সুখী নাছিল । ইয়াৰ আঁৰৰ মুখ্য কাৰণটো আছিল যে পত্নী চুইটিয়ে তেওঁক নজনোৱাকৈ পিতৃ-মাতৃৰ ওচৰলৈ গৈছিল আৰু কেইবা মাহ ধৰি অহা নাছিল । আনহাতে, ধৰমবীৰৰ ওচৰত চুইটিৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে কোনো তথ্য নাছিল । তেওঁ কেৱল কৈছিল যে তেওঁৰ পৰিয়ালৰ সদস্যসকল বিহাৰৰ পাটনাৰ বাসিন্দা । কিন্তু পত্নীয়ে বাৰে বাৰে মাকৰ ঘৰলৈ গৈ থকাৰ বাবে স্বামীৰ খং উঠিছিল আৰু সেয়ে তেওঁক হত্যা কৰ ।

ডিচিপি চন্দন চৌধুৰীয়ে জনোৱা মতে, ৫ আগষ্টত খুৰ্দ সীমান্তৰ ফতেহপুৰ বেৰী হ্ৰদৰ ওচৰৰ অৰণ্যত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিষয়ে এটা পিচিআৰ ফোন আহে । তথ্য পোৱাৰ পিছত আৰক্ষী ঘটনাস্থলীত গৈ উপস্থিত হয় আৰু এগৰাকী ৩০ বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে । যথেষ্ট প্ৰচেষ্টাৰ পাছতো মহিলাগৰাকীক আৰম্ভণিতে চিনাক্ত কৰিব পৰা যোৱা নাছিল । কিন্তু অনুসন্ধানৰ পিছত পুৱা প্ৰায় ১.৪০ বজাত চিচিটিভিত এখন সন্দেহজনক অটো দেখা যায় । অটোখনৰ নম্বৰৰ ভিত্তিত ছত্ৰপুৰৰ বাসিন্দা অটোচালক অৰুণক গদাইপুৰ বান্ধ পথৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

জেৰাৰ সময়ত অৰুণে প্ৰকাশ কৰে যে মৃত মহিলাগৰাকী ধৰমবীৰৰ পত্নী । তেওঁৰ স্বামী ধৰমবীৰ মৃত চুইটিৰ কিছু অভ্যাসত বহুত বিৰক্ত হৈছিল । চুইটিয়ে একো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু কেইবা মাহ ধৰি ঘৰলৈ অহা নাছিল । সেই কাৰণে নাংলোইৰ বাসিন্দা ধৰমবীৰে তেওঁৰ ভাতৃ সত্যভান আৰু অৰুণৰ সৈতে তেওঁৰ পত্নীক শ্বাসৰুদ্ধ কৰি হত্যা কৰে । তাৰ পিছত তেওঁলোকে মৃতদেহটো অৰুণৰ অটোত লৈ ফতেহপুৰ বেৰীলৈ লৈ যায় আৰু তাত অৰণ্যত পেলাই দিয়ে । আৰক্ষীয়ে মহিলাগৰাকীৰ স্বামী আৰু তেওঁৰ দুজন আত্মীয়ক গ্ৰেপ্তাৰ কৰিছে আৰু অপৰাধটোত ব্যৱহৃত অটোখন জব্দ কৰিছে ।

লগতে পঢ়ক :Landslide in Arunachal Pradesh: অৰুণাচল প্ৰদেশত ভূমিস্খলন কথমপি প্ৰাণৰক্ষা বলে’ৰ বাহনৰ চালক-আৰোহীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.