Landslide in Arunachal Pradesh: অৰুণাচল প্ৰদেশত ভূমিস্খলনত কথমপি প্ৰাণৰক্ষা বলেৰ’ বাহনৰ চালক-আৰোহীৰ

By

Published : Aug 10, 2023, 6:41 PM IST

Updated : Aug 10, 2023, 10:15 PM IST

thumbnail

জোনাই, ১০ আগষ্ট: অৰুণাচল প্ৰদেশৰ লেপাৰাদা জিলাৰ ৰিলোত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন । ভূমিস্খলনৰ ফলত অঞ্চলটোত তেজপুৰ, লখিমপুৰ, ধেমাজি, ইটানগৰ আদি বিভিন্ন ঠাইৰ পৰা যাত্ৰীবাহী বাহনৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী কঢ়িয়াই নিয়া শ শ ট্ৰাক আৱদ্ধ হৈ পৰে ৷ যাৰবাবে এতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে যাত্ৰীসকলৰ লগতে গাড়ী-চালকসকল ।

ভূমিস্খনলৰ ফলত পাৱাৰ গ্ৰীডৰ বলেৰ’ বাহনৰ ওপৰত খহি পৰে পাহাৰৰ মাটি ৷ এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে পাৱাৰ গ্ৰীডৰ এখন বলেৰ’ বাহনৰ চালকৰ লগতে আৰোহীৰ । ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ তৰফৰ পৰা জেচিবিয়ে যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ ফলত তিনি ঘণ্টাৰ পাচত বলেৰ’ বাহনখন পাহাৰৰ বোকা-মাটিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । 

পথটো মুকলি কৰি আৱদ্ধ হৈ থকা বাহনসমূহ যাবলৈ দিয়া হৈছে যদিও এতিয়ালৈকে যাতায়ত ব্যবস্থা সম্পূৰ্ণৰূপে সুচল হৈ উঠা নাই । বিগত দুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ 

লগতে পঢ়ক: Landslide in Arunachal Pradesh  : ৫১৩ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন;শ শ যান-বাহন আৱদ্ধ

Last Updated : Aug 10, 2023, 10:15 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.