ETV Bharat / bharat

পত্নীৰ চিপ লোৱা দৃশ্য হাঁহি হাঁহি কেমেৰাত বন্দী কৰিলে স্বামীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 10:57 AM IST

Husband recorded wife suicide video
পত্নীৰ চিপ লোৱা দৃশ্য হাঁহি হাঁহি কেমেৰাত বন্দী কৰিলে স্বামীয়ে

সুৰাৰ ৰাগীত মাতাল হৈ কোনে যে কি নকৰে । কেতিয়াবা যদি ই হাঁহিৰ খোৰাক যোগায়, কেতিয়াবা আকৌ বেদনাদায়কো হয় । তেনে এক মাতাল স্বামীৰ আসুৰিক কাৰ্য সংঘটিত হৈছে হায়দৰাবাদত । হাঁহি হাঁহি পত্নীৰ আত্মহত্যাৰ দৃশ্য মোবাইল কেমেৰাত বন্দী কৰিলে মাতাল স্বামীয়ে ।

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : পতি-পত্নীৰ সম্বন্ধক লৈ বিভিন্ন উপমা আহে । কিন্তু সেই পতি-পত্নীৰ সম্বন্ধ কেতিয়াবা আকৌ অতি তিক্ততাপূৰ্ণও হয় । বিশেষকৈ স্বামীয়ে যদি অত্যধিক নিচাগ্ৰস্ত হৈ পত্নীৰ ওচৰলৈ আহে, তেন্তে সেই সম্বন্ধত আউল লগাটো স্বাভাৱিক । কিন্তু তাৰ মাজতো পত্নীয়ে হয়তো স্বামীৰ সৈতে আপোচ কৰি সংসাৰ আগবঢ়াই নিয়াৰ চেষ্টা কৰে । বা স্বামীক মূল পথলৈ ঘূৰাই অনাৰ চেষ্টা কৰে । কিন্তু সুৰাৰ ৰাগীত স্বামীয়ে যদি পত্নীকে মৃত্যুমুখলৈ ঠেলি দিবলৈ সংকোচবোধ নকৰে, তেন্তে তাতকৈ হয়তো নাৰকীয় ঘটনা একো নাথাকিব ।

তেনে এক ঘটনায়ে শেহতীয়াকৈ সংঘটিত হৈছে । দৈনিক সুৰাপান কৰা এজন স্বামীয়ে তেওঁৰ পত্নীক সদায় অত্যাচাৰ কৰি আহিছিল । তাৰ ফলতে পত্নীয়ে এদিন আত্মহত্যাৰ দৰে চৰম পথ বাছি লয় । কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে, পত্নীৰ চিপ লৈ আত্মহত্য়াৰ কৰাৰ দৃশ্য স্বামীয়ে নিজে ভিডিঅ' ৰেকৰ্ড কৰে । আনকি পত্নীৰ মৃত্যুৰ পিছত তেওঁ ভাতৃক মৃতদেহটো নিবলৈও মাতে । এই ঘটনাটো শেহতীয়াকৈ হায়দৰাবাদত পোহৰলৈ আহিছে ।

আৰক্ষী ঘটনাস্থলীলৈ আহি অভিযুক্তক দেখি আচৰিত হয় । কিয়নো তেওঁৰ পত্নীয়ে চিপ লৈ ওলমি আছে আৰু কাষত তেওঁৰ সন্তানে কান্দি আছে । কিন্তু স্বামীয়ে মৃতদেহটো লৈ চাই হাঁহি আছে । হায়দৰাবাদৰ আচিফনগৰ আৰক্ষী থানা অঞ্চলত সংঘটিত এই নাৰকীয় ঘটনাৰ বিষয়ে আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

আচিফনগৰ আৰক্ষী থানাৰ অন্তৰ্গত চৈয়দ আলিগুড়া (ৰবীন্দ্ৰনগৰ) অঞ্চলৰ শ্বেখ ৰছুলৰ (৩৯) দুগৰাকী পত্নী । প্ৰথমা পত্নীৰ চাৰিটা সন্তান । তেওঁ চাৰি বছৰ পূৰ্বে আৰছা বেগমৰ (২২) প্ৰেমত পৰে আৰু দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ দুটা সন্তান আছে । পেছাত কাঠমিস্ত্ৰী ৰছুলে দুয়োটা পৰিয়ালকে ভৰণ-পোষণ দিয়ে । কিন্তু শেহতীয়াভাৱে তেওঁ সুৰাৰ প্ৰতি আসক্ত হয় ।

সুৰাৰ ৰাগীত প্ৰায়ে তেওঁৰ দ্বিতীয় পত্নীক শাৰীৰিক আৰু মানসিকভাৱে উৎপীড়ন কৰিবলৈ আৰম্ভ কৰে । পতি-পত্নীৰ মাজত এই বিষয়ক লৈ কাজিয়া হ'বলৈ ধৰে । দ্বিতীয় পত্নীয়ে তেওঁৰ পৰিয়ালক অৱহেলা কৰা আৰু সুৰাপানৰ প্ৰতি আসক্ত হোৱাৰ বাবে স্বামীৰ লগত সদায় কাজিয়া কৰিবলৈ ধৰে ।

চলিত মাহৰ ১১ তাৰিখেও আৰছা বেগমে তেওঁৰ স্বামীৰ সৈতে কাজিয়া কৰে । সেই সময়ত তেওঁ সুৰাপান কৰি আছিল । আহাতে, আৰছাই ভাবুকি দিছিল যে যদি তেওঁ সুৰাপান ত্যাগ নকৰে তেন্তে নিজকে মৃত্যুৰ মুখলৈ ঠেলি দিব । কিন্তু সেই সময়ত ৰছুল উন্মাদৰ দৰে হৈ পৰিছিল । কিয়নো তেওঁ ইতিমধ্যে সুৰাৰ নিচাত আছিল ।

সেই সময়ত তেওঁ আৰছাক ঠাট্টা কৰে যে যদি তেওঁ মৰে তেন্তে তেওঁ প্ৰথম পত্নীৰ ওচৰলৈ যাব । এই কথা কোৱাৰ পিছতে আৰছাই আত্মহত্যা কৰিবলৈ উদ্যত হয় । আনকি যেতিয়া তেওঁ পিন্ধি থকা শাৰীৰে ফেনৰ পৰা চিপ লৈছিল, তেতিয়াও ৰছুলে হাঁহি হাঁহি পত্নীৰ আত্মহত্যাৰ দৃশ্য তেওঁৰ মোবাইল ফোনেৰে ভিডিঅ' কৰিছিল । লগতে কৈছিল যে এতিয়ালৈকে তেওঁ প্ৰত্যক্ষভাৱে মৃত্যুৰ দৃশ্য দেখা নাই । সেয়ে তেওঁ পত্নীৰ মৃত্যুৰ দৃশ্য চাব বিচাৰে ।

ইতিমধ্যে দ্বিতীয় পত্নীয়ে চিপ লৈ আত্মহত্যা কৰে আৰু তাৰ এটা ভিডিঅ' ৰছুলে মোবাইলত বন্দী কৰে । ইয়াৰ পিছত মৃত্যু নিশ্চিত হোৱাত তেওঁ পত্নীৰ ভায়েকক ফোন কৰি জনায় যে আৰছা বেগমে আত্মহত্যা কৰিছে । ইতিমধ্যে ঘটনাস্থলীত স্থানীয় লোকো আহি উপস্থিত হয় আৰু আৰক্ষীক ফোন কৰে । ততালিকে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । লগতে অভিযুক্ত ৰছুলক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে জিম্নাত লয় । এই ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে ।

লগতে পঢ়ক :শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই কেঁচিৰে ডিঙিত খুচি হত্যা প্ৰেমিকাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.