ETV Bharat / bharat

Woman targeted by snatchers in Delhi: দিল্লীত হাংগেৰীৰ পৰ্যটকৰ বেগ কাঢ়ি নিলে দুস্কৃতিকাৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 9, 2023, 12:57 PM IST

Woman targeted by snatchers in Delhi
হাংগেৰীৰ মহিলাৰ বেগ কাঢ়ি পলায়ন দুস্কৃতিকাৰীৰ

দিল্লীত হাংগেৰীৰ এগৰাকী মহিলাৰ বেগ আৰু ফোন লুটি নিলে দুস্কৃতিকাৰীয়ে । সম্প্ৰতি অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে । ঘটনাস্থলীৰ আশে-পাশে থকা চিচিটিভিৰ ফুটেজ পৰীক্ষণ কৰিছে আৰক্ষীয়ে ৷ এগৰাকী বিদেশী মহিলাৰ সৈতে বিষয়টো জড়িত থকাৰ বাবে আৰক্ষীয়ে অভিযুক্তক বিচাৰি দ্ৰুতগতিত কাম কৰি আছে ৷

নিউজ ডেস্ক, ৯ অক্টোবৰ: দক্ষিণ দিল্লীৰ লোধি কলনী অঞ্চলত দেওবাৰে দুৰ্বৃত্তই চলন্ত অটো এখনৰ পৰা হাংগেৰীৰ এগৰাকী মহিলাৰ বেগ কাঢ়ি লৈ ​​পলায়ন কৰে । ভুক্তভোগী মহিলাগৰাকী বিশেষ কামৰ বাবে হাংগেৰীৰ দূতাবাসলৈ গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি দুষ্কৃতিকাৰীক বিচাৰি তদন্ত আৰম্ভ কৰিছে । অৱশ্যে এই পৰ্যন্ত দুস্কৃতিকাৰীৰ কোনো তথ্য লাভ কৰিবলৈ আৰক্ষী সক্ষম হোৱা নাই ।

দক্ষিণ দিল্লী জিলাৰ উপ আৰক্ষী আযুক্ত চন্দন চৌধুৰীয়ে জনোৱা মতে, দেওবাৰে সন্ধিয়া প্ৰায় ৩ বজাত মহিলাগৰাকীয়ে হুমায়ুন সমাধি হৈ অটোৰে হাংগেৰী দূতাবাসলৈ গৈ থকা সময়তে পিছফালৰ পৰা এখন বাইকত অহা দুজনীয়া দুস্কৃতিকাৰীৰ দলে মহিলাগৰাকীৰ বেগটো কাঢ়ি পলায়ন কৰে ৷ মহিলাগৰাকীয়ে নিজৰ বেগটো বচাবলৈ বহু চেষ্টা কৰে যদিও দুস্কৃতিকাৰীয়ে বেগটো কাঢ়ি লৈ ​​পলায়ন কৰিবলৈ সক্ষম হয় । ইয়াৰ পিচতে ভুক্তভোগী মহিলাগৰাকী লোধি কলনী আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰে । ভুক্তভোগী মহিলাগৰাকীয়ে জনোৱা মতে, বেগটোত ১২ হাজাৰ টকা, মোবাইল আৰু ডেবিট কাৰ্ড আৰু অন্যান্য গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল ৷

হাংগেৰীৰ নাগৰিকত্বপ্ৰাপ্ত মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি অভিযুক্তৰ সন্ধানত তালাচী অব্যাহত আছে । উক্ত অঞ্চলৰ সকলো চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষণ কৰি আছে আৰক্ষীয়ে । অৱশ্যে এতিয়ালৈকে দুস্কৃতিকাৰীৰ কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী । বিষয়টো এগৰাকী বিদেশী মহিলাৰ সৈতে জড়িত হোৱাৰ বাবে আৰক্ষীয়ে অভিযুক্তক বিচাৰি দ্ৰুতগতিত কাম কৰি আছে, যাতে অতি সোনকালে দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা যায় ।

লগতে পঢ়ক: Theft incident: চুৰি কৰি ধৰা পৰিল গোপাল; ঘৰত চুৰি কৰা বহু সামগ্ৰী ওলাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.