Theft incident: চুৰি কৰি ধৰা পৰিল গোপাল; ঘৰত চুৰি কৰা বহু সামগ্ৰী ওলাল

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 6:44 PM IST

thumbnail

ধেমাজি, 8 অক্টোবৰ: ধেমাজিত ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ ধেমাজি জিলাৰ মাছখোৱা আৰক্ষী চকীৰ অধীনৰ মাছখোৱা বজাৰ তিনি আলিত গোবিন শৰ্মা নামৰ এজন লোকৰ দোকানৰ পৰা দেওবাৰে পুৱতি নিশা চোৰে AS 22 H 9728 নম্বৰৰ এখন স্কুটী চুৰি কৰি উধাও হয় ৷ 

ইয়াৰ পিচতে একেজন চোৰে তিনিজনীয়া দল এটা দলৰ সৈতে ঢকুৱাখনাৰ কঠালগুৰি গাঁৱলৈ পুনৰ চুৰি কৰিবলৈ গৈছিল ৷  তাৰ পিচতেই স্থানীয় ৰাইজৰ তৎপৰতাত তিনি জনীয়া চোৰৰ দলটোৰ ভিতৰত গোপাল লেবাৰ নামৰ এটা চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ৰাইজে চোৰটোক উত্তম মধ্যম সোধাই ঢকুৱাখনা আৰক্ষীক গতাই দিয়ে ৷ লগতে চোৰকেইটাৰ পৰা গোবিন শৰ্মাৰ স্কুটীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

পৰৱৰ্তী সময়ত মাছখোৱা আৰক্ষীয়ে ধৃত গোপালৰ ঘৰত তালাচী চলাই কিছু চোৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে ৷ তদুপৰি আটকাধীন চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মাছখোৱা আৰক্ষীয়ে মাছখোৱা 2 নং খলিহামাৰী গাঁৱত অভিযান চলাই কুশ শইকীয়াৰ লগতে তেওঁৰ পিতৃ যতীন শইকীয়াক থানালৈ আনে ৷ লগতে চিলাপথাৰ নিলখৰ চেনীৰাম চমুৱাক আটক কৰি সোধা পোচা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Crime in Nagaon:ধিঙত কুখ্যাত মাফিয়াসহ গ্ৰেপ্তাৰ ৫ তীৰৰ বুকি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.