ETV Bharat / bharat

Manipur violence update: মণিপুৰত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

author img

By

Published : Jun 3, 2023, 9:26 PM IST

Manipur violence update
Manipur violence update

কাঢ়ি নিয়া অস্ত্ৰ-শস্ত্ৰৰ সন্ধানত মণিপুৰত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান ৷ শনিবাৰে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ (Manipur news update) ৷

তেজপুৰ, 3 জুন: হিংসাজৰ্জৰ মণিপুৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ ৷ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱটে সদৰী কৰিছে এই তথ্য ৷ মণিপুৰৰ বিভিন্ন অঞ্চলত অসম ৰাইফলছ,ভাৰতীয় সেনা, আৰক্ষী আৰু চিআৰপিএফে শনিবাৰে চলোৱা যৌথ অভিযানত উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি (Arms recovered in Manipur) ৷

Manipur violence update
মণিপুৰত সেনাৰ অভিযান অব্যাহত

প্ৰতিৰক্ষা মুখপাত্ৰগৰাকীয়ে কয় যে হিংসাত্মক ঘটনাৰ সময়ত নিৰাপত্তাৰক্ষীৰ পৰা উত্তেজিত লোকে কাঢ়ি নিয়া অস্ত্ৰসমূহ উদ্ধাৰ বাবে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখা হৈছে ৷ শনিবাৰে এই অভিযানকালত 40 টা স্বয়ংক্ৰিয় (Automatic) ৰাইফল, মৰ্টাৰ, সক্ৰিয় গুলী, গ্ৰেণেড আৰু ৱাকি টকি উদ্ধাৰ কৰা হয় (Manipur violence update) ৷

Manipur violence update
নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি নিয়া অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

সম্প্ৰতি মণিপুৰত চলি থকা অভিযানসমূহ যাৱতীয় প্ৰতিষেধক ব্যৱস্থা আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰি চলাই থকা হৈছে বুলিও উল্লেখ কৰে প্ৰতিৰক্ষা মুখপাত্ৰ মহেন্দ্ৰ ৰাৱটে ৷ ম্যানমাৰ সমৰ্থতি কুকি উগ্ৰপন্থী গোটৰ চাল-চনলৰ ওপৰতো চোকা দৃষ্টি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ অনুসৰি শান্তি-শৃংখলা পুনৰ ঘূৰাই আনিবলৈ নিৰাপত্তাৰক্ষীয়ে ৰাইজক বলপূৰ্বকভাৱে কাঢ়ি নিয়া অস্ত্ৰসমূহ শীঘ্ৰেই সম্বৰণ কৰাৰ বাবে আহ্বান জনাইছে ৷ অন্যথা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সকীয়নি প্ৰদান কৰিছে (Arms snatched in Manipur) ৷

উল্লেখ্য যে মণিপুৰত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা বিভিন্ন সংঘৰ্ষত হিংসাত্মক পৰিস্থিতি আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে 40 টা উগ্ৰপন্থী নিধন কৰা হৈছে ৷ কিছুদিন পূৰ্বে এক সংবাদমেলযোগে এই কথা সদৰী কৰে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে (Terrorist killed in Manipur) ৷

ইফালে তিনিদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘‘উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ দ্বাৰা মণিপুৰৰ হিংসাৰ তদন্ত কৰা হ’ব ৷ মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ছটা গোচৰৰ তদন্ত চিবিআইৰ এটা বিশেষ দলে কৰিব (Amit Shah Manipur visit) ৷’’

লগতে পঢ়ক: Manipur violence: মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন কৰা হ’ব পেনেল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.