ETV Bharat / bharat

Save Tax From Investments : শিশুৰ ভৱিষ্যতৰ বাবে বিনিয়োগ কৰ ৰাহি কৰক

author img

By

Published : Feb 3, 2023, 2:54 PM IST

business
business

শিশুৰ শিক্ষাৰ বাবে পৰিশোধ কৰা টিউচন মাচুলৰ বাবে আয়কৰ ৰেহাই দাবী কৰিব পাৰি (Income tax exemption) । লগতে শৈক্ষিক ঋণৰ সুত আৰু কোম্পানীবোৰে পৰিশোধ কৰা শিশু ভাট্টাৰ ওপৰতো ৰেহাই দাবী কৰিব পাৰি (exemptions on interest on educational loans) । সৰ্বাধিক সম্ভৱ কৰ ৰাহি কৰিবলৈ এই সকলোবোৰ দিশ পৰীক্ষা কৰক । কিয়নো বিত্তীয় বৰ্ষ 2022-23 দ্ৰুতগতিত সমাপ্ত হ'বলৈ গৈ আছে ।

নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী : শিশুৰ বাবে শিক্ষাত সকলোৱে যথেষ্ট বিনিয়োগ কৰে (investment on children education) । তেওঁলোকৰ এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাত সহায়ক হোৱাৰ আশাতে এই বিনিয়োগ কৰা হয় (Governments reward tax payers on education) । চৰকাৰে কৰদাতাসকলক শিশু শিক্ষাৰ ওপৰত হোৱা ব্যয়ৰ বাবে ৰেহাই আগবঢ়াই পুৰস্কৃত কৰে । এই ৰেহাই কেনেদৰে সম্পূৰ্ণৰূপে দাবী কৰিব লাগে সেয়া পৰীক্ষা কৰাৰ সময় হৈছে । কিয়নো চলিত বিত্তীয় বৰ্ষটো সোনকালেই শেষ হ'বলৈ গৈ আছে ।

চলিত বিত্তীয় বৰ্ষত আয়কৰ ৰেহাইৰ বাবে প্ৰয়োজনীয় বিনিয়োগ কৰাৰ অন্তিম তাৰিখ হৈছে 31 মাৰ্চ, 2023 । আপুনি কৰ ৰেহাই সম্পৰ্কীয় সকলো নথি কাৰ্যালয়ত দাখিল কৰিব পাৰে । কিন্তু সেয়া দাখিল কৰাৰ পূৰ্বে এবাৰ পৰীক্ষা কৰক যে সেইবোৰ সকলো শুদ্ধ হয়নে নহয় আৰু সম্পূৰ্ণ কৰ ৰেহাই তাত উপলব্ধ আছেনে নাই ।

বিনিয়োগৰ উপৰি কৰ ৰেহাইৰ বাবে কিছুমান ব্যয়ো দাবী কৰিব পাৰি । শিশুৰ টিউচন মাচুল সেইবোৰৰ ভিতৰত এটা । স্বীকৃত বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে পৰিশোধ কৰা মাচুল এই উদ্দেশ্যৰ বাবে প্ৰদৰ্শন কৰিব পাৰি । এইটো সৰ্বাধিক দুটা শিশুৰ ক্ষেত্ৰত প্ৰযোজ্য । আয়কৰ আইনৰ ধাৰা (Income Tax Act 80c) 80চি অনুসৰি, এই ৰেহাই 1,50,000 টকালৈকে লাভ কৰিব পাৰি ।

এই ৰেহাইৰ সুবিধা প্ৰতিজন কৰদাতাৰ বাবে উপলব্ধ । অৱশ্যে এইটো বিদেশত অধ্যয়ন কৰি থকা সন্তানৰ বাবে পৰিশোধ কৰা মাচুলৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় । আনহাতে, শিশুৰ কল্যাণৰ বাবে নিয়োগকৰ্তাই দিয়া যিকোনো বিশেষ ভাট্টাকো ৰেহাই দিয়া হৈছে । কিন্তু ই সীমাসাপেক্ষ । আয়কৰ আইনৰ ধাৰা 10 অনুসৰি, শিক্ষা ভাট্টাৰ অধীনত প্ৰতি বছৰে 1,200 টকাৰ অধিক আৰু হোষ্টেল ভাট্টাৰ অধীনত 3,600 টকাৰ বাবে ৰেহাই দাবী কৰিব পাৰি ।

জানি থোক যে ভাট্টা আৰু টিউচন মাচুলৰ মাজত পাৰ্থক্য আছে । শিক্ষাদান মাচুলৰ বাবে ৰেহাই ধাৰা ৮০ চিৰ অধীনত দাবী কৰিব পাৰি । আনহাতে, শিক্ষা ভাট্টাৰ দিশত ধাৰা ১০-ৰ অধীনত একেটা দাবী কৰিব পাৰি । একেদৰে শিক্ষা ঋণৰ বাবে ৰেহাই আন এটা শাখাৰ অধীনত দাবী কৰিব পাৰি ।

যদি আপুনি শৈক্ষিক ঋণ (educational loan) লৈছে তেন্তে বিত্তীয় বৰ্ষত ইয়াৰ বাবে পৰিশোধ কৰা সুতৰ ওপৰত সম্পূৰ্ণ ৰেহাই দাবী কৰিব পাৰি । দাবীটো ধাৰা '৮০ই'ৰ অধীনত কৰা হ'ব পাৰে । বৰ্তমান বেছিভাগ লোকেই তেওঁলোকৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ঋণ লৈ আছে । এই ৰেহাই আমাৰ দেশত বা বিদেশত অধ্যয়নৰ বাবে লোৱা ঋণৰ ক্ষেত্ৰত উপলব্ধ ।

সুত পৰিশোধ আৰম্ভ হোৱাৰ পিছত আঠ বছৰৰ বাবে শৈক্ষিক ঋণৰ সুতৰ ওপৰত ৰেহাই প্ৰযোজ্য (Exemption on interest of educational loans) । লগতে এজন কৰদাতাই তেওঁৰ নিজৰ পত্নী আৰু সন্তানৰ বাবেও শিক্ষা ঋণ ল'ব পাৰে ।

লগতে পঢ়ক :Tips of Using Credit Card : ক্ৰেডিট কাৰ্ড বুদ্ধিমত্তা আৰু কাৰ্যকৰীভাৱে ব্যৱহাৰৰ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.