ETV Bharat / bharat

Skin Care Tips: উজ্বল ছালৰ বাবে প্ৰসাধন সামগ্ৰীয়েই জৰুৰী নেকি ?

author img

By

Published : Feb 4, 2023, 12:32 PM IST

শীতকালৰ ঠাণ্ডা বতাহে প্ৰায়ে ছালৰ সৌন্দৰ্যতা ম্লান কৰি পেলায় । সেয়ে দামী ক্ৰীম বা অন্য কেমিকেলযুক্ত সামগ্ৰীৰ সলনি কিছুমান ঘৰুৱা উপায়েৰে আপুনি আপোনাৰ মুখমণ্ডল সতেজ আৰু উজ্বল কৰি ৰাখিব পাৰে ৷ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক..

Home Remedies For Glowing Skin
উজ্বল ছালৰ বাবে প্ৰসাধন সামগ্ৰীয়েই জৰুৰী নেকি ?

ব্যস্ততাৰে ভৰা জীৱনত আমি দৈনন্দিন বিভিন্ন কামত ব্যস্ত থাকিবলগীয়া হয় ৷ যাৰ ফলত আমাৰ ছালত যি পুষ্টি যত্নৰ প্ৰয়োজন হয় সেয়া আমি সঠিক পৰিমাণে দিব নোৱাৰো ৷ যাৰ ফলত আমি আমাৰ মুখৰ উজ্বলতা হেৰুওৱাবলগীয়া হয় । বিভিন্ন সময়ত আমি সৌন্দৰ্যতা বৃদ্ধিৰ বাবে বিভিন্ন কেমিকেলযুক্ত সামগ্ৰী ব্যৱহাৰ কৰো যাৰ ফলত আমাৰ ছালখনৰ লাহে লাহে নষ্ট হ'বলৈ আৰম্ভ কৰে(Home Remedies For Glowing Skin)। সেয়ে এনে পৰিস্থিতিত ছালৰ বিশেষ যত্ন লোৱাটো খুবেই জৰুৰী(Skin Care Tips)। জানো আহক কেইটামান এনে সহজ ঘৰুৱা পদ্ধতি যাৰ সহায়ত আপুনি এখন সতেজ আৰু সুস্থ ছালৰ অধিকাৰী হ'ব পাৰে-

১) মৌ

শীতকালত সুন্দৰ ছাল পাবলৈ মৌ ব্যৱহাৰ কৰিব পাৰে(Honey for skin)। মৌৰ দ্বাৰা নিয়মিতভাৱে মুখখন মালিচ কৰিব পাৰে । ইচ্ছা কৰিলে এচামুচ মৌত নেমুৰ ৰস মিহলাই মুখত লগাব, কেইমিনিটমান পিছত কুহুমীয়া পানীৰে ধুব । ইয়াৰ ফলত আপোনাৰ মুখমণ্ডলৰ ছালখন উজ্বল হোৱাত সহায় কৰিব । লগতে আপোনাৰ ৰ'দৰ ফলত হোৱা টেনিং আৰু দাগ সমূহ দূৰ কৰাৰ ক্ষেত্ৰতো লাভদায়ক ৷

২) কেঁচা গাখীৰ ব্যৱহাৰ কৰক

কেঁচা গাখীৰ ছালৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হৈছে(Milk For Skin)। ই প্ৰাকৃতিক টোনাৰ হিচাপে কাম কৰে(home remedies for glowing skin face pack)। ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ দ্বাৰা মুখৰ দাগ পৰাৰ পৰা সকাহ পাব পাৰি ।

৩) দৈ আৰু ভাতৰ সৈতে স্ক্ৰাব কৰক

মুখখন ঘঁহিবলৈ দৈ আৰু ভাত ব্যৱহাৰ কৰিব পাৰে(Curd for skin)। ইয়াৰ বাবে প্ৰথমে ভাতখিনি মিক্সিত পিহি গুড়ি কৰি তাত এচামুচ দৈ দিব । এতিয়া ইয়াৰে মুখখন ধুই লওক, প্ৰায় ৫-১০ মিনিটৰ পিছত পানীৰে ধুই লওক ।

৪) কলৰ দ্বাৰা মুখখন মালিচ কৰক

কলত এন্টি-অক্সিডেন্ট গুণেৰে সমৃদ্ধ(Banana For Skin) ৷ যিয়ে ছালখনক সুস্থ কৰি ৰাখে । ইয়াৰ বাবে প্ৰথমে এটা বাটিত কলখিনি গুড়ি কৰি মুখত মালিচ কৰক। প্ৰায় ১০-১৫ মিনিটৰ পিছত পানীৰে ধুই পেলাব ।

লগতে পঢ়ক: Sunflower Seeds Benefits: আপুনি জানেনে সূৰ্যমুখীৰ গুটিয়ে আমাৰ শৰীৰৰ কেনেদৰে উপকাৰ সাধন কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.