ETV Bharat / bharat

প্ৰতিবাদী কৃষকক আলোচনালৈ আমন্ত্ৰণ হাৰিয়ানা চৰকাৰৰ

author img

By

Published : Sep 18, 2021, 1:08 PM IST

High Power Committee invited farmers to discuss opening one way Singhu Border
প্ৰতিবাদী কৃষকক আলোচনাৰ বাবে আহ্বান হাৰিয়ানা চৰকাৰৰ উচ্চ পৰ্যায়ৰ কমিটীৰ

কৃষি আইনৰ বিৰোধিতাৰে সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে হাৰিয়ানা চৰকাৰৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে ৷ এই বৈঠকত সিংঘু সীমান্তৰ এটা দিশৰ পথ খোলা দিয়াৰ বাবে কৃষকসকলৰ সৈতে আলোচনা কৰা হ’ব ৷

নেশ্যনেল ডেস্ক, 18 ছেপ্তেম্বৰ : কৃষি আইনৰ বিৰোধিতাৰে সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰখা কৃষকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনাইছে হাৰিয়ানা চৰকাৰৰ দ্বাৰা গঠিত ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে ৷ কমিটিখনে 19 ডিচেম্বৰত সংযুক্ত কিষাণ মৰ্চাৰ লগতে 43 গৰাকী কৃষক নেতাক আলোচনাৰ বাবে আহ্বান জনাইছে ৷ কিন্তু এই তালিকাত নাই কৃষক নেতা ৰাকেশ টিকেইটৰ নাম ৷

এই বৈঠকত সিংঘু সীমান্তৰ এটা দিশৰ পথ খোলা দিয়াৰ বাবে কৃষকসকলৰ সৈতে আলোচনা কৰা হ’ব ৷ মুৰথলত আয়োজন কৰা হৈছে এই বৈঠকৰ ৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়েও কৃষকসকলক পথ খোলা দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে হাৰিয়ানা চৰকাৰে উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল ৷

বৈঠকৰ পিছতে চৰকাৰে ইয়াক সমাধানৰ বাবে কমিটি গঠন কৰিছিল ৷ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজে কয় যে, হাৰিয়ানা চৰকাৰৰ বৈঠকৰ পিছতে উচ্চতম ন্যায়ালৰ আদেশ পালন কৰাৰ উদ্দেশ্য গৃহ সচিব ৰাজীৱ অৰোৰাৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ এক কমিটি গঠন কৰা হয় ৷

তেওঁ লগতে কয় যে, ‘এই কমিটিখনে কৃষকসকলক আলোচনাৰ বাবে আমন্ত্ৰণ কৰিছে ৷ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে হাৰিয়ানা চৰকাৰত পথ খোলা দিয়াৰ বাবে কৃষকসকলৰ সৈতে আলোচনাৰ কৰি সমাধান উলিওৱাৰ বাবে আদেশ দিছিল’ ৷ উল্লেখ্য যে, যোৱা প্ৰায় 9 মাহতকৈও অধিক সময় ধৰি কৃষকসকলে কৃষক আইনৰ বিৰোধিতাৰে সিংঘু আৰু টিকৰী সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ কৃষকসকলে সীমান্তত দুয়ো দিশৰ পথ বন্ধ কৰি ৰাখিছে ৷

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ তৎপৰতাত মুম্বাইত আটক সন্দেহযুক্ত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.