ETV Bharat / bharat

Kedarnath Dham : ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে কেদাৰনাথ ধামত

author img

By

Published : Aug 14, 2023, 4:37 PM IST

ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে কেদাৰনাথ ধামত
Kedarnath Dham

ধাৰাসাৰ বৰষুণে কেদাৰনাথলৈ খোজকাঢ়ি যোৱা পথবোৰ ভাঙি পেলাইছে । ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি ধামী চৰকাৰে দুদিনৰ বাবে কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিছে । বতৰ স্বাভাৱিক হ'লে যাত্ৰা পুনৰ আৰম্ভ কৰা হ'ব ।

নিউজ ডেস্ক, ১৪ আগষ্ট : উত্তৰাখণ্ডত হৈ থকা ধাৰাবাহিক বৰষুণে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিছে । আনহাতে, ৰাজ্য চৰকাৰে ধাৰাসাৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰ আৰু মঙলবাৰে চাৰধাম যাত্ৰা বন্ধ ৰাখিছে । লগতে প্ৰশাসনৰ বিষয়াসকলক চাৰধাম তীৰ্থযাত্ৰীসকলৰ বাবে উপযুক্ত স্থানত অস্থায়ী ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । ইফালে বৰষুণে কেদাৰনাথ ধামত বৃহৎ ধ্বংসলীলাৰ সৃষ্টি কৰিছে । ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ধ্বংসৰ পিছত এজন ব্যৱসায়ী সন্ধানহীন হৈ থকাৰ সময়তে এজন নেপালী লোকৰ মৃত্যু হৈছে ।

ইয়াৰ লগতে ৰুদ্ৰপ্ৰয়াগ জিলাত অলকানন্দা আৰু মন্দাকিনী নদী পানীৰে উপচি পৰিছে । দুয়োখন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । কেদাৰনাথৰ পথচাৰী পথৰ ছানি কেম্প আৰু বাদি লিনচোলিত নিশা ধাৰাসাৰ বৰষুণৰ ফলত নলাবোৰ উপচি পৰে । যাৰ ফলত বহুতো দোকান খহি পৰে আৰু বহুতো ঘৰ আৰু দোকানত ধ্বংসাৱশেষবোৰ সোমাই পৰে । ইফালে তম্বুৰ ভিতৰত শুই থকা এটা নেপালী পৰিয়ালৰ ওপৰত শিল খহি পৰি পৰে । এই ঘটনাত তিনিজন লোকক সাহায্যকাৰী দলে সুৰক্ষিতভাৱে উদ্ধাৰ কৰে । আনহাতে, ঘটনাস্থলীতে এজন নেপালী লোকৰ মৃত্যু হয় ।

ইয়াৰ উপৰি ঘটনাটোত এজন ব্যৱসায়ীও সন্ধানহীন হৈ আছে । জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া নন্দন সিং ৰাজৱাৰে কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে কেদাৰনাথ যাত্ৰা বন্ধ কৰি দিছে । পথচাৰীৰ পথবোৰ বহু ঠাইত বন্ধ হৈ পৰিছে । সেইবোৰ খোলাৰ চেষ্টা কৰা হৈছে । আনহাতে, ৰুদ্ৰপ্ৰয়াগ জিলাত অলকানন্দা আৰু মন্দাকিনী নদী পানীৰে উপচি পৰিছে । ৰুদ্ৰপ্ৰয়াগত অলকানন্দা নদীৰ পানী ঘৰত প্ৰৱেশ কৰিছে । বেলানিৰ হনুমান মন্দিৰটোও জলমগ্ন হৈ পৰিছে । আনহাতে, মন্দাকিনী নদীয়ে কেদাৰনাথ ঘাইপথকে ধৰি আন বহুতো পথ বুৰাই পেলাইছে ।

ৰুদ্ৰপ্ৰয়াগত অলকানন্দা নদীৰ পাৰত অৱস্থিত হনুমান মন্দিৰত পানী সোমোৱাত মন্দিৰত ৰখা সামগ্ৰীবোৰ উটি যায় । লগতে মূৰ্তিটোও ধ্বংসাৱশেষত সোমাই পৰে । পুৱা প্ৰায় ৪ বজাত হনুমান মন্দিৰত থকা সাধু আৰু দৰ্শকৰ ভৰিলৈকে পানীত ডুব যোৱাত তেওঁলোক আতংকিত হৈ পৰে । লগে লগে স্থানীয় লোকসকলক খবৰ দিয়া হয় । স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ হনুমানৰ মূৰ্তিটো সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰে । আনহাতে, মন্দাকিনী নদী পানীৰে ওফন্দি উঠাৰ ফলত কেদাৰনাথ ঘাইপথকে ধৰি আন বহুতো সংযোগী পথ নদীৰ সোঁতে উটুৱাই নিয়ে । বৰ্তমানো তাত বৰষুণ অব্যাহত আছে । অলকানন্দাৰ পানীৰ স্তৰ ৬২৮.৮০ আৰু মন্দাকিনীৰ পানীৰ স্তৰ ৬২৭.৮০ । দুয়োখন নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে । আনহাতে, বিপদত থকা পৰিয়ালবোৰক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

ইফালে মদমহেশ্বৰ ধামক সংযোগ কৰা নদীৰ দলং এন পানীয়ে উটুৱাই লৈ যায় । যাৰ ফলত অঞ্চলটো সংযোগবিহীন হৈ পৰে । জানিব পৰা মতে, তাত শতাধিক তীৰ্থযাত্ৰী আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক :Cloudburst in Solan : হিমাচলত কৃত্ৰিম বান আৰু ভূমিস্খলনৰ ফলত ২২ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.