ETV Bharat / bharat

Health insurance Policy: স্বাস্থ্য বীমাত পৰিপূৰক আঁচনিৰে পাব অতিৰিক্ত সুৰক্ষা

author img

By

Published : Jun 14, 2023, 11:15 AM IST

Health insurance Policy
Health insurance Policy

বেছিভাগ লোকে স্বাস্থ্য বীমা আঁচনি এখন লোৱাৰ সময়ত কম প্ৰিমিয়ামৰ কথা ভাবে। কিন্তু আপুনি এবাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত স্বাস্থ্য বীমা আঁচনিৰ লাভালাভবোৰ উপলব্ধি কৰিব । সেয়েহে নাই মোমাতকৈ কণা মোমাই সাৰৰ লেখীয়াকৈ এতিয়াই এখন স্বাস্থ্য বীমা আঁচনি এখন লওক । কিন্তু ইয়াৰ উপৰি পৰিপূৰক আঁচনি গ্ৰহণ কৰিলে আপোনাক অতিৰিক্ত লাভালাভ প্ৰদান কৰিব ।

নিউজ ডেস্ক, ১৪ জুন : অপ্ৰত্যাশিতভাৱে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত আপোনাক আৰ্থিকভাৱে সহায় কৰিবলৈ বীমা থকাটো এক ডাঙৰ সকাহ হ'ব পাৰে । বেছিভাগ লোকে স্বাস্থ্য বীমা আঁচনি লোৱাৰ সময়ত কম প্ৰিমিয়ামৰ কথা ভাবে । কিন্তু বৰ্তমানৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যাপ্ত পৰিমাণৰ বীমা আঁচনি এখন ল'ব লাগে । অৱশ্যে এখন সামগ্ৰিক স্বাস্থ্য বীমা আঁচনি থাকিলেও কিছুমান ক্ষেত্ৰত ইয়াৰ লাভালাভ সীমিত হ'ব পাৰে । তেনে ক্ষেত্ৰতেই পৰিপূৰক আঁচনিবোৰ কামত আহে ।

স্বাস্থ্য বীমা আঁচনি এখন বাছনি কৰোঁতে বীমাৰাশি হৈছে এক গুৰুত্বপূৰ্ণ কাৰক । ইয়াৰ বাবে প্ৰয়োজনীয় এড-অন আৰু ৰাইডাৰো ল'ব লাগে । বহু বীমাকৰ্তাই বৰ্তমান এক সামগ্ৰিক স্বাস্থ্য বীমা আঁচনিত অতিৰিক্ত ক'ভাৰেজ আগবঢ়ায় । অতিৰিক্ত আঁচনি (এড-অন) হৈছে কিছুমান বিশেষ আঁচনি, যিবোৰ বৈকল্পিকৰ লগতে মৌলিক স্বাস্থ্য বীমা আঁচনি । বীমাকৃতৰ কিছুমান প্ৰয়োজনীয়তা থাকিলেহে এই আঁচনিবোৰ উপযোগী হয় । এইবোৰৰ বাবে কিছু অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব । ব্যক্তিগত আৰু পাৰিবাৰিক আঁচনি থকা যিকোনো লোকে এই এড-অন ক'ভাৰেজবোৰ লাভ কৰিব পাৰে ।

ভাৰতীয় বীমা নিয়ামক বিকাশ প্ৰাধিকৰণৰ (IRDAI) নিয়ম অনুসৰি, পৰিপূৰক বা ৰাইডাৰৰ বাবে লোৱা প্ৰিমিয়াম ষ্টেণ্ডাৰ্ড আঁচনিৰ ৩০ শতাংশতকৈ অধিক হ'ব নালাগে । ইয়াত কিছুমান মুখ্য পৰিপূৰক আঁচনিৰ কথা উল্লেখ কৰা হৈছ :

গুৰুত্বপূৰ্ণ ৰোগ ক'ভাৰ : সাধাৰণতে স্বাস্থ্য বীমা আঁচনিয়ে সকলো প্ৰকাৰৰ চিকিৎসা ক'ভাৰ কৰে । এই ক্ষেত্ৰত গুৰুতৰ ৰোগক কিয় বিশেষভাৱে সামৰি লয় সেই প্ৰশ্নটো উত্থাপিত হয় । ষ্টেণ্ডাৰ্ড আঁচনিবোৰে কেৱল চিকিৎসা ব্যয় সামৰি লয় । গুৰুতৰ ৰোগৰ ক্ষেত্ৰত একেলগে বৃহৎ পৰিমাণৰ ধন প্ৰদান নকৰিব । যদি পলিচীহল্ডাৰে গুৰুত্বপূৰ্ণ ৰোগ ক'ভাৰ গ্ৰহণ কৰোঁতে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হয়, আঁচনিখনে তৎক্ষণাৎ আঁচনিৰ মূল্যৰ পৰিমাণলৈকে ক্ষতিপূৰণ প্ৰদান কৰিব । এইটো কেৱল আঁচনিখনত নিৰ্ধাৰিত ৰোগৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।

ব্যক্তিগত দুৰ্ঘটনা বীমা : স্বাস্থ্য বীমাই কোনো অপেক্ষাৰ সীমা অবিহনেই দুৰ্ঘটনা ক'ভাৰ কৰে । কেৱল চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত হোৱা ব্যয় স্বাস্থ্য বীমাৰ দ্বাৰা ক'ভাৰ হয় । পলিচিহল্ডাৰে আংশিক বা স্থায়ী অক্ষমতাৰ বাবে বিত্তীয় সুৰক্ষা নাপায় । এনে ক্ষেত্ৰত ব্যক্তিগত দুৰ্ঘটনা বীমা ৰাইডাৰে সহায় কৰে । দুৰ্ভাগ্যজনক মৃত্যুৰ ক্ষেত্ৰত মনোনীত ব্যক্তিয়ে আঁচনিৰ মূল্য লাভ কৰিব ।

দৈনিক ব্যয়ৰ বাবে : পলিচীহল্ডাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ দিনৰ পৰা ব্যয়ৰ বাবে নগদ ধন পৰিশোধ কৰিবলৈ চিকিৎসালয়ৰ নগদ ক'ভাৰ আঁচনি এখন ল'ব পাৰে । এই সুবিধা লাভ কৰিবলৈ বীমাকৃতই কমেও ২৪ ঘণ্টা চিকিৎসালয়ত থাকিব লাগিব । চিকিৎসালয়ত ভৰ্তি হোৱাৰ তাৰিখৰ পৰা একেৰাহে ১৪ দিনৰ বাবে আৰু আঁচনি বৰ্ষত সৰ্বাধিক ৩০ দিনলৈকে প্ৰতিদিনে ১০০০ টকা হাৰত এই ক্ষতিপূৰণ উপলব্ধ ।

প্ৰসূতিৰ সময়ত : কিছুমান স্বাস্থ্য বীমা কোম্পানীয়ে পাৰিবাৰিক ফ্লোটাৰ আঁচনিৰ অধীনত মাতৃত্বকালীন ব্যয় ক'ভাৰ কৰে । জন্ম আৰু নৱজাতক কেঁচুৱাটোৰ চিকিৎসা ব্যয় সম্পৰ্কীয় সকলো খৰচ ইয়াত সামৰি লোৱা হয় । ইয়াৰ বাবে প্ৰসূতি ক'ভাৰ ল'ব লাগিব । কিছুমান আঁচনিয়ে অপেক্ষাৰ সীমা আৰোপ কৰে ।

টপ-আপ : যেতিয়া প্ৰচলিত স্বাস্থ্য বীমা আঁচনিৰ সীমা সৰ্বাধিক সীমাত উপনীত হয়, অতিৰিক্ত পৰিমাণ পৰিশোধ কৰিবলৈ টপ-আপ আঁচনি এখন ল'ব পাৰি । বীমাৰাশি বৃদ্ধি কৰাৰ বাবে টপ-আপ আঁচনি এখন উপযোগী আৰু টপ-আপৰ বাবে প্ৰিমিয়াম অলপ কম ।

অ'পিডি চিকিৎসাৰ বাবে : বহিৰ্বিভাগৰ পৰামৰ্শ চিকিৎসা বীমা আঁচনিৰ দ্বাৰা ক'ভাৰ নহয় । কেৱল কিছুমান চিকিৎসাৰ বাবে ডে'কেয়াৰ লাভান্বিত হয় । চিকিৎসাৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে । এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ মাচুল আৰু চিকিৎসা পৰীক্ষা আৰু ঔষধৰ ব্যয়ৰ বাবে এক অ'পিডি কেয়াৰ পৰিপূৰক আঁচনি গ্ৰহণ কৰিব পাৰি ।

পৰিপূৰক আঁচনি বাছনি কৰোঁতে আপোনাৰ প্ৰয়োজনীয়তাবোৰ কি সেয়া নিৰ্ধাৰণ কৰিব । সকলো আঁচনি যোগ কৰিবলৈ চেষ্টা কৰাটো ভাল নহয় । ইয়াৰ দ্বাৰা আৰ্থিকভাৱে ভাৰাক্ৰান্ত হ'ব পাৰে । সেয়েহে সম্পূৰ্ণ জ্ঞানেৰে সঠিক সিদ্ধান্ত লওক । এই পৰামৰ্শ ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্সৰ উপ-সভাপতি কোথা কাৰ্তিকৰ ।

লগতে পঢ়ক :Home loan : সলনি হৈ থাকে গৃহ ঋণৰ সূতৰ হাৰ..সেয়ে কোনটো সময়ত ঋণ লোৱাটো প্ৰয়োজন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.