ETV Bharat / bharat

Men's Health Tips: পুৰুষৰ বাবে পালেং শাকৰ উপকাৰিতা কি কি ?

author img

By

Published : Apr 17, 2023, 3:26 PM IST

বহু সময়ত পৰিয়ালৰ যত্ন ল’বলৈ চেষ্টা কৰি পুৰুষে নিজৰ স্বাস্থ্যৰ যত্ন ল’বলৈ পাহৰি যায় । যদি তেওঁলোকে দৈনন্দিন খাদ্যত এইবিধ সেউজীয়া শাক অন্তৰ্ভুক্ত কৰে তেন্তে বহু ৰোগৰ পৰা হাত সাৰিব পাৰে ।

health benefits of Spinach for Men
পুৰুষৰ প্ৰকৃত বন্ধু এইবিধ শাক, শৰীৰত ৰক্ত সঞ্চালনৰ লগতে বৃদ্ধি কৰিব শক্তি

ব্যস্ততাৰে ভৰা এই জীৱনত পুৰুষৰ কান্ধত বহু দায়িত্ব থাকে, এই কাৰণেই বহু সময়ত তেওঁলোকে নিজৰ সঠিক যত্ন ল’বলৈ আহৰি নাপায় ৷ যাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে (male health problems) । বৰ্তমান যুগত পুৰুষে নিজৰ দৈনন্দিন খাদ্যাভ্যাসৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াৰ প্ৰয়োজন যাতে তেওঁলোকৰ শৰীৰ ভিতৰৰ পৰা শক্তিশালী হৈ থাকে (Health benefits of Spinach for Men)।

পুৰুষে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইবিধ শাক

বিশেষজ্ঞসকলৰ মতে, যদি পুৰুষে সুস্থ হৈ থাকিব বিচাৰে তেন্তে সেউজীয়া শাক-পাচলি খোৱাটো উচিত । শাক-পাচলিৰ ভিতৰত পালেং শাক খাবলৈ পৰামৰ্শ দিয়া হয় । এই শাকবিধৰ পৰা শৰীৰে বহু প্ৰকাৰৰ পুষ্টিকৰ উপাদান লাভ কৰে যিসমূহ স্বাস্থ্যৰ বাবে অতি উপকাৰী (Spinach health benefits)।

পুৰুষৰ বাবে পালেং শাক খোৱাৰ ৭টা ডাঙৰ লাভালাভ

  1. পালেং শাকত ভৰপূৰ মাত্ৰাত আইৰণ থাকে, যিয়ে ৰক্ত সঞ্চালন ক্ৰিয়া উন্নত কৰে লগতে শৰীৰত শক্তি তথা তেজৰ কোনো অভাৱ হ'বলৈ নিদিয়ে (Men's Health Tips)।
  2. এই সেউজীয়া শাক-পাচলিত ভিটামিন-কে পোৱা যায়, যি শৰীৰত কেলচিয়াম শোষণ কৰে, যি হাড় শক্তিশালী কৰে (7 health benefits of eating spinach)।
  3. পালেং শাকত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । ইয়াৰ ফলত বহু ৰোগ আঁতৰি থাকে । ই বহুতো ৰোগ নিৰাময়ৰ বাবে উপকাৰী, লগতে শৰীৰৰ সামগ্ৰিক বিকাশত ই সহায় কৰে ।
  4. পালেং শাক খালে শৰীৰত ভিটামিন-এ পোৱা যায়, যাৰ ফলত চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায় ।
  5. পালেং শাক খোৱাটোৱে মেগনেছিয়াম আৰু জিংক প্ৰদান কৰে, যাৰ ফলত শৰীৰে আৰাম অনুভৱ কৰে ।
  6. পালেং শাকক মানসিক স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়, সেয়েহে ইয়াক নিয়মীয়া আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে ।
  7. পালেং শাক খোৱাৰ পিছত, আপুনি সোনকালে ভোক অনুভৱ নকৰে, যাৰ ফলত শৰীৰ সুস্থ থাকে আৰু ওজন অধিক বৃদ্ধি নাপায়(What are the health benefits of spinach)।

লগতে পঢক: Benefits Of Pineapple: গৰমৰ দিনত আনাৰস খোৱাৰ লাভালাভৰ বিষয়ে জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.