ETV Bharat / bharat

দক্ষিণ কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

author img

By

Published : Apr 8, 2021, 7:43 PM IST

দক্ষিণ কাশ্মীৰৰ ছ'পিয়ান জিলাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি । সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰে ।

দক্ষিণ কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ
দক্ষিণ কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল: বৃহস্পতিবাৰে দক্ষিণ কাশ্মীৰৰ ছ'পিয়ান জিলাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তালাচী অভিযান চলায় আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, তেওঁলোকে অঞ্চলটোত সন্ত্ৰাসবাদী আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছিল ।

ইয়াৰ পিছতে আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটো ঘেৰাও কৰে আৰু দুয়ো পক্ষই গুলীচালনা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ছ'পিয়ান চহৰত এনকাউণ্টাৰ আৰম্ভ হৈছে । আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:জীৱনশৈলী সলনি কৰিব পাৰিলেই নিয়ন্ত্ৰণ কৰিব পাৰিব মেদবহুলতা : বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.