ETV Bharat / bharat

Gunfight in Shopian : 24 ঘণ্টাত শ্বপিয়ানত দ্বিতীয়টো গুলীচালনা

author img

By

Published : Dec 25, 2021, 10:04 AM IST

Updated : Dec 25, 2021, 12:39 PM IST

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী । শনিবাৰে পুৱাৰ পৰা দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ চৌগাম গাঁৱত চলিছে এই সংঘৰ্ষ (Encounter at Chowgam village)। ২৪ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে দক্ষিণ কাশ্মীৰত সংঘটিত হৈছে গুলীয়াগুলী ।

Gunfight breaks out in Shopian
শ্বপিয়ানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা

নেশ্যনেল ডেস্ক, ২৫ ডিচেম্বৰ : মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দক্ষিণ কাশ্মীৰত দ্বিতীয়বাৰৰ বাবে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত আৰম্ভ হৈছে সংঘৰ্ষ । কাশ্মীৰ আৰক্ষীয়ে টুইটযোগে জানিবলৈ দিছে যে, শ্বপিয়ানৰ চৌগাম গাঁৱত গুলীয়াগুলী সংঘটিত হৈছে (Encounter underway in South Kashmir) । আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকা বুলিও জনাইছে কাশ্মীৰ আৰক্ষীয়ে ।

ইয়াৰ পূৰ্বে শুকুৰবাৰে, জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হৈছিল আন এক সংঘৰ্ষ ৷ নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হৈছিল এজন সন্ত্ৰাসবাদী । নিহত সন্ত্ৰাসবাদীটো এগৰাকী আৰক্ষী পৰিদৰ্শক, তিনিগৰাকী বিজেপি কৰ্মীক হত্যা কৰাৰ লগতে আন কেইবাটাও আক্ৰমণৰ ঘটনাৰে জড়িত আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

নিহত সন্ত্ৰাসবাদীটো কুলগামৰ চেহপোৰাৰ বাসিন্দা শ্বাহজাদ আহমেদ চেহ ৷ আৰক্ষীয়ে সদৰী কৰা অনুসৰি, সন্ত্ৰাসবাদীটোৱে বিগত বৰ্ষৰ ছেপ্তেম্বৰ মাহৰ পৰাই কূটনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছিল ৷

মৃত সন্ত্ৰাসবাদীটো হিজবুল মুজাহিদিনৰ সৈতে সম্পৰ্কিত এটা গোটৰ সদস্য আছিল । আৰক্ষীয়ে সন্ত্ৰাসবাদীটোৰ পৰা এটা এ কে ৪৭ ৰাইফল, দুটা এ কে মেগজিন, ৪০ জাঁই গুলী আৰু এটা গ্ৰেণেডৰ লগতে বহু অস্ত্ৰ-শস্ত্ৰ তথা গোলা-বাৰুদ জব্দ কৰিছে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত ভাৰতীয় সেনাৰ Mig 21 : নিহত এজন

Last Updated :Dec 25, 2021, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.