ETV Bharat / bharat

Tourist bus falls into gorge in Gujarat: যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ, আহত ৪৬ জন

author img

By

Published : Jul 11, 2022, 9:17 AM IST

গুজৰাটৰ দাং জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা(Fatal road accident in Dang district of Gujarat) । এটা দ খাৱৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ । ফলত দুগৰাকী মহিলা যাত্ৰী নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত ৪৬ গৰাকী যাত্ৰী(Two women passengers dead in road accident in Gujarat) ।

gujarat two dead 46 injured as bus falls into gorge in dang
গুজৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা : যাত্ৰীবাহী বাছ বাগৰি মৃত্যু দুজনৰ-আহত ৪৬ জন

নেশ্যনেল ডেস্ক,১১ জুলাই: শনিবাৰে নিশা গুজৰাটৰ দাং জিলাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা(Fatal road accident in Dang district of Gujarat) । পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলা যাত্ৰীয়ে(Two women passengers dead in road accident in Gujarat) । গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৪৬ গৰাকী ব্যক্তি । গুজৰাটৰ দাং জিলাৰ মালেগাঁৱৰ সমীপত এটা দ খাৱৈত বাগৰি পৰিছিল বাছখন । চুৰাট গৰ্বা গোটৰ বাছখন চাপুতাৰা অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা ।

জানিব পৰা মতে বাছখনৰ চকা ফুটাৰ ফলত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই বগৰি পৰিছিল দ খাৱৈত । বাছখনত আছিল ৫০ ৰো অধিক মহিলা যাত্ৰী । দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল । আৰক্ষী আৰু স্থানীয় ৰাইজে উদ্ধাৰ কৰে ৫০ গৰাকী যাত্ৰীক । ইয়াৰে দুগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হয় যদিও আহত ৪৬ গৰাকী যাত্ৰীক আঘাটপ্ৰাপ্ত অৱস্থাত প্ৰেৰণ কৰে চিকিৎসালয়লৈ ।

আৰক্ষীয়ে জনোৱা অনুসৰি আহত ৪৬ জনৰ ভিতৰত ২১ গৰাকী যাত্ৰীক চিকিৎসাৰ বাবে নিকটতম PHC লৈ লৈ যোৱা হৈছিল । আনহাতে আন ১৫ জনক অহৱা অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল । ইফালে আঠগৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে চুৰাটলৈ প্ৰেৰণ কৰা হয় । গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ সংঘৱীয়ে নিহতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

লগতে পঢ়ক: Kanhaiya Lal murder case: উদয়পুৰ হত্যাকাণ্ডত জড়িত সপ্তমটো অভিযুক্তত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.