ETV Bharat / bharat

GST য়ে কৰৰ সংখ্যা হ্ৰাস কৰিছে : নৰেন্দ্ৰ মোডী

author img

By

Published : Jun 30, 2021, 9:16 PM IST

GST decreased number of taxes
GSTয়ে কৰৰ সংখ্যা হ্ৰাস কৰিছে আৰু স্বচ্ছতা বৃদ্ধি কৰিছে

জিএছটি(GST) প্ৰৱৰ্তনৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি কয় যে GST য়ে কৰৰ সংখ্যা হ্ৰাস কৰি স্বচ্ছতা বৃদ্ধি কৰিছে ৷ ই সাধাৰণ মানুহৰ ওপৰত কৰ, অনুপালনৰ বোজা আৰু সামগ্ৰিক কৰৰ বোজা হ্ৰাস কৰিছে ৷ তদুপৰি স্বচ্ছতা, অনুপালন আৰু সামগ্ৰিক সংগ্ৰহ যথেষ্ট বৃদ্ধি কৰিছে ।

নেশ্যনেল ডেস্ক, ৩০ জুন : দেশত জিএছটি(GST) প্ৰৱৰ্তনৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ সময়ত প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ টুইট । দেশবাসীলৈ #4yearsofGST ৰ সৈতে টুইট কৰি দেশত জিএছটিয়ে কি ধৰণে প্ৰভাৱ পেলাইছে তাক উল্লেখ কৰা দেখা যায় । সামগ্ৰী আৰু সেৱা কৰক (Goods and Services Tax) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে "ভাৰতৰ অৰ্থনৈতিক দৃশ্যপটত এক মাইলৰ খুঁটি" বুলি অভিহিত কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে GST য়ে কৰৰ সংখ্যা হ্ৰাস কৰি স্বচ্ছতা বৃদ্ধি কৰিছে ৷ ই সাধাৰণ মানুহৰ ওপৰত কৰ, অনুপালনৰ বোজা আৰু সামগ্ৰিক কৰৰ বোজা হ্ৰাস কৰিছে ৷ তদুপৰি স্বচ্ছতা, অনুপালন আৰু সামগ্ৰিক সংগ্ৰহ যথেষ্ট বৃদ্ধি কৰিছে ।

এক টুইটযোগে বিত্ত মন্ত্ৰালয়ে কয় যে, বিগত বছৰবোৰত জিএছটিৰ প্ৰৱৰ্তন আঁচনিখন (GST Composition Scheme) পুনৰ নিৰ্মাণ কৰা হৈছিল । সেৱা প্ৰদানকাৰীসকলক আঁচনিখনৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছিল ৷ নিৰ্মাতা আৰু ব্যৱসায়ীসকলৰ সীমা বছৰি ১ কোটি টকাৰ পৰা ১.৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে ।

মন্ত্ৰালয়ৰ মতে এই পদক্ষেপবোৰে ২৫ লাখতকৈও অধিক কৰদাতাক লাভান্বিত কৰিছিল । জিএছটি প্ৰৱৰ্তনৰ ৪ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে ৫ জুনত বিত্ত মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত মে'ত সংগ্ৰহ কৰা মুঠ জিএছটি ৰাজহ আছিল ১,০২,৭০৯ কোটি টকা ৷ ইয়াৰ ভিতৰত কেন্দ্ৰীয় জিএছটি আছিল ১৭,৫৯২ কোটি টকা, ৰাজ্যিক জিএছটি ২২,৬৫৩ কোটি টকা, একত্ৰিত জিএছটি (integrated GST) ৫৩,১৯৯ কোটি টকা (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ২৬,০০২ কোটি টকা সহ) আৰু ৯,২৬৫ কোটি টকা (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ৮৬৮ কোটি টকা সহ) উপকৰ আছিল ।

মে' মাহত চৰকাৰে নিয়মীয়া নিষ্পত্তি হিচাপে আইজিএছটিৰ(IGST) পৰা চিজিএছটিলৈ(CGST) ১৫,০১৪ কোটি টকা আৰু এছজিএছটিলৈ(SGST) ১১,৬৫৩ কোটি টকা নিষ্পত্তি কৰিছে । বিত্ত মন্ত্ৰীগৰাকীয়ে বুধবাৰে এক টুইট কৰি কয় যে জিএছটিয়ে মানুহে কৰ পৰিশোধ কৰিব লগা হাৰ হ্ৰাস কৰিছে । আৰ এন আৰ(RNR) সমিতিয়ে পৰামৰ্শ দিয়া অনুসৰি ৰাজহ-নিৰপেক্ষ হাৰ (revenue-neutral rate) আছিল ১৫.৩ শতাংশ । ইয়াৰ তুলনাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (RBI) মতে বৰ্তমান জিএছটি হাৰ মাত্ৰ ১১.৬ শতাংশ ।

লগতে পঢ়ক: ৬.২৯ লাখ কোটি টকাৰ সাহায্য পেকেজত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.