ETV Bharat / bharat

ত্ৰিপুৰাৰ ব্ৰু জনবসতি অঞ্চলত অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ

author img

By

Published : Sep 17, 2021, 6:10 PM IST

Bru people
ত্ৰিপুৰাৰ ব্ৰু জনবসতি অঞ্চলত অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ সিদ্ধান্ত চৰকাৰৰ

ব্ৰু সম্প্ৰদায়ৰ লোকসকলৰ বাবে নতুন পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । পুনৰ সংস্থাপন, সুলভ মূল্যৰ দোকান আৰু এইবাৰ অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰো সিদ্ধান্ত লৈছে চৰকাৰে ।

আগৰতলা,১৭ ছেপ্টেম্বৰ : ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে । প্ৰথমে তেওঁলোকক স্থায়ী বাসস্থানলৈ স্থানান্তৰ কৰিছে চৰকাৰে । এইবাৰ সেইসকল লোকৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । শিশুসকলৰ কথা চিন্তা কৰি ব্ৰু (Bru) সম্প্ৰদায়ৰ লোকসকলক স্থানান্তৰ কৰা অঞ্চলত চৰকাৰে অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ত্ৰিপুৰা কেবিনেটে (Tripura cabinet) ইতিমধ্যে এই ক্ষেত্ৰত অনুমোদন জনাইছে । ইফালে কেন্দ্ৰীয় চৰকাৰেও ত্ৰিপুৰাৰ বাবে ২৩৪ টা নতুন অংগনৱাড়ী কেন্দ্ৰ স্থাপনৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে ৷ ইয়াৰ ভিতৰত ব্ৰু পুনৰ সংস্থাপন (rehabilitation) এলেকাত ২০ টা অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা হ'ব ।

সূত্ৰ অনুসৰি, ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰাত ব্ৰু সম্প্ৰদায়ৰ লোকসকলক কেৱল পুনৰ সংস্থাপন কৰিয়ে ক্ষান্ত নাথাকে । বিজেপি-আইপিএফটি মিত্ৰজোঁট চৰকাৰে তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰা আৰু তেওঁলোকৰ সন্তানৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব ল'ব ।

ত্ৰিপুৰাত বৰ্তমান ৯,৯১১ টা অংগনৱাড়ী কেন্দ্ৰ আৰু ৫৬ টা আইচিডিএছ (ICDS) কেন্দ্ৰ আছে । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ২৩৪ টা নতুন অংগনৱাড়ী কেন্দ্ৰ খোলাৰ অনুমতি দিছে । স্বাভাৱিকতে নিযুক্তিৰ ক্ষেত্ৰতো ব্ৰু সম্প্ৰদায়ৰ লোকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে । কিয়নো, যদি এটা নতুন অংগনৱাড়ী কেন্দ্ৰ খোলা হয়, ইয়াত সহায়ক আৰু কৰ্মী নিযুক্তি দিব লাগিব ।

ধলাই জিলাত ১০ টা আৰু উত্তৰ ত্ৰিপুৰা জিলাত ১০ টা ব্ৰু পুনৰ সংস্থাপন অঞ্চল আছে । এই অঞ্চলত ৬,৯৫৯ টা ব্ৰু শৰণাৰ্থী পৰিয়ালক স্থানান্তৰ কৰা হ'ব । ১,৩০০ টা পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ ইতিমধ্যে আৰম্ভ হৈছে । ইয়াৰে ৪,৬০ টা পৰিয়ালৰ ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে । সূত্ৰ অনুসৰি, ত্ৰিপুৰা চৰকাৰে এতিয়া তেওঁলোকৰ ভৱিষ্যতৰ বাবে পথ নিৰ্মাণ, খোৱা পানীৰ সুবিধা, শৌচালয় আৰু সুলভ মূল্যৰ দোকান স্থাপনৰো পৰিকল্পনা কৰিছে । কেৱল সেয়াই নহয়, ত্ৰিপুৰা চৰকাৰে তেওঁলোকৰ বাবে বজাৰ নিৰ্মাণ কৰিব ।

লগতে পঢ়ক:কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীয়ে বন্ধ কৰি দিলে ঝাৰোদা কলন সীমান্তৰ পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.