ETV Bharat / bharat

Punjub Jail Minister Allegation : গেংষ্টাৰ মুখতাৰ আনছাৰীয়ে পত্নীৰ সৈতে কাৰাগাৰত বাস কৰিছিল !

author img

By

Published : Jun 29, 2022, 6:38 PM IST

a
a

কাৰাগাৰ মন্ত্ৰী হৰজ্যোত বেইন্সে দাবী কৰে যে আনছাৰীক ভুৱা এজাহাৰ পঞ্জীয়ন কৰাৰ অভিযোগত ২ বছৰ আৰু ৩ মাহৰ বাবে পঞ্জাবৰ কাৰাগাৰত ৰখা হৈছিল (Ansari was lodged in Punjab jail for fake FIR) । উক্ত সময়ছোৱাতে আনছাৰীয়ে তেওঁৰ পত্নীৰ সৈতে একেলগে আছিল বুলি তেওঁ লগতে কয় (Ansari was lived with his wife in jail) ।

নিউজ ডেস্ক, ২৯ জুন : পঞ্জাবৰ কাৰাগাৰ মন্ত্ৰী হৰজ্যোত সিং বেইন্সে (Punjab Jail Minister Harjot Singh Bains allegation) মঙলবাৰে অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ শাসনৰ দিনত (Congress regime) গেংষ্টাৰৰ পৰা ৰাজনীতিক হোৱা মুখতাৰ আনছাৰীক (gangster-turned-politician Mukhtar Ansari) পঞ্জাব কাৰাগাৰত (Punjab jail) বন্দী হৈ থকাৰ সময়ত বিশেষ সুবিধা প্ৰদান কৰিছিল । যাৰ ফলত কাৰাগাৰ মন্ত্ৰী আৰু বিৰোধী দলৰ নেতা পৰতাপ সিং বাজৱাৰ (Leader of Opposition Partap Singh Bajwa) মাজত তীব্ৰ বাদানুবাদৰ সৃষ্টি হয় ।

কাৰাগাৰ মন্ত্ৰী হৰজ্যোত বেইন্সে দাবী কৰে যে আনছাৰীক ভুৱা এজাহাৰ পঞ্জীয়ন কৰাৰ অভিযোগত ২ বছৰ আৰু ৩ মাহৰ বাবে পঞ্জাবৰ কাৰাগাৰত ৰখা হৈছিল (Ansari was lodged in Punjab jail for fake FIR) । উক্ত সময়ছোৱাতে আনছাৰীয়ে তেওঁৰ পত্নীৰ সৈতে একেলগে আছিল বুলি তেওঁ লগতে কয় (Ansari was lived with his wife in jail) । ইয়াৰ পিছতে বিধানসভাৰ মজিয়াত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । উল্লেখ্য, উত্তৰ প্ৰদেশ চৰকাৰে আনছাৰীক নিজৰ জিম্মাত ল'বলৈ উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাবলগা হৈছিল (Uttar Pradesh government move to Supreme Court) । কিয়নো তেওঁৰ বিৰুদ্ধে ২৬টাকৈ পৰোৱানা জাৰি কৰাৰ পিছতো কিন্তু তেওঁক পঞ্জাবৰ পৰা উত্তৰ প্ৰদেশলৈ প্ৰেৰণ কৰা হোৱা নাছিল ।

হৰজ্যোত বেইন্সে পঞ্জাব বিধানসভাৰ চলিত বাজেট অধিবশনৰ সময়ত বক্তব্য ৰাখি এই অভিযোগ কৰে (Harjot Bains speaking budget session) । "আনছাৰীক বিশেষ সুবিধা প্ৰদান কৰা হৈছিল আৰু তেওঁ তেওঁ পত্নীৰ সৈতে আছিল । তেওঁক পঞ্চতাৰকা বিশিষ্ট সুবিধা প্ৰদান কৰা হৈছিল, যিটো এটা গুৰুতৰ বিষয় । মই এজন কাৰাগাৰ মন্ত্ৰী আৰু মই এটা গোচৰৰ সন্মুখীন হৈ আহিছোঁ য'ত গেংষ্টাৰ মুখতাৰ আনছাৰীক (gangster Mukhtar Ansari) ৰূপনগৰ কাৰাগাৰত দুবছৰ আৰু তিনি মাহৰ বাবে ৰখা হৈছিল ।" কাৰাগাৰ মন্ত্ৰীজনে বিধানসভাত কয় ।

"লগতে জ্যেষ্ঠ অধিবক্তাসকলক তদানীন্তন ৰাজ্য চৰকাৰে আনছাৰীক বচাবলৈ নিযুক্ত কৰিছিল (senior lawyers were engaged to save Ansari) আৰু গোচৰটোত হাজিৰ হোৱাৰ বাবে এজন উকীলৰ মাচুল আছিল ১১ লাখ টকা (fee of a lawyer was Rs 11 lakh) । মুখতাৰ আনছাৰীৰ বাবে উকীলৰ মাচুলৰ বাবে ৫৫ লাখ টকা খৰচ কৰা হৈছে আৰু এতিয়া মোৰ ওচৰত এই সন্দৰ্ভত এখন বিল আছে । এজন গুণ্ডাক ৰখাৰ বাবে আমি কিয় ৫৫ লাখ টকাৰ বিল দিব লাগে ? মই বিষয়টো সন্দৰ্ভত এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছোঁ (ordered for registration of FIR) ।" বেইন্সে লগতে কয় ।

বৰ্তমানৰ কাৰাগাৰ মন্ত্ৰী বেইন্সৰ দাবীৰ পিছত, বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ বিধায়ক পাৰতাপ সিং বাজৱাই (Leader of Opposition and Congress MLA Partap Singh Bajwa) কয় যে যদি আনছাৰীৰ পত্নী কাৰাগাৰত আছিল, তেন্তে কাৰাগাৰ মন্ত্ৰী বেইন্সে সেইটো প্ৰমাণ কৰা উচিত । যদি তেওঁ নিজৰ দাবী প্ৰমাণ কৰিব নোৱাৰে তেন্তে তেওঁ তেওঁৰ পদৰ পৰা পদত্যাগ কৰা উচিত । তেওঁ আৰু কয় যে যদি গুণ্ডাৰ ওপৰত বিতৰ্ক হ'ব লগা হয় তেন্তে সেইটো লৰেন্স বিষ্ণোইৰ পৰা আৰম্ভ হোৱা উচিত (Lawrence Bishnoi) । যিহেতু বিষ্ণো তিহাৰ কাৰাগাৰত আছে আৰু এইটো দিল্লী চৰকাৰৰ (Delhi government) নিয়ন্ত্ৰণলৈ আহে ।

এই সন্দৰ্ভত আপৰ বিধায়কসকলে কয় যে লৰেন্স বিষ্ণোইক পঞ্জাবলৈ অনা হৈছে (AAP MLAs said Lawrence Bishnoi brought to Punjab) । মুখতাৰ আনছাৰীক বাণ্ডা কাৰাগাৰলৈ স্থানান্তৰ কৰিবলৈ যোৱা বছৰ এপ্ৰিলত উত্তৰ প্ৰদেশ আৰক্ষীক জিম্মাত দিয়া হৈছিল । আনছাৰীক পঞ্জাবৰ ৰূপনগৰ কাৰাগাৰত ৰখা হৈছিল । তেওঁক ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা এটা ধনদাবীৰ গোচৰত তাত ৰখা হৈছিল । উচ্চতম ন্যায়ালয়ে পঞ্জাব চৰকাৰক (Supreme Court directed Punjab government) আনছাৰীৰ জিম্মা উত্তৰ প্ৰদেশ আৰক্ষীক হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দি কৈছিল যে চিকিৎসাজনিত সমস্যাৰ যি ভাও ধৰিছে সেয়া অস্বীকাৰ কৰা হৈছে ।

লগতে পঢ়ক :Sikh of Afghanistan in trouble: আফগানিস্তানত শিখসকলৰ ধৰ্মীয় সম্পত্তি সুৰক্ষাৰ দাবী ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.