ETV Bharat / bharat

Sikh of Afghanistan in trouble: আফগানিস্তানত শিখসকলৰ ধৰ্মীয় সম্পত্তি সুৰক্ষাৰ দাবী ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ

author img

By

Published : Jun 29, 2022, 3:12 PM IST

Minister of External Affairs S Jaishankar
Sikh of Afghanistan in trouble: আফগানিস্তানত শিখসকলৰ ধৰ্মীয় সম্পত্তি সুৰক্ষাৰ দাবী ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ

যুদ্ধবিধ্বস্ত আফগানিস্তানত জনসাধাৰণৰ নোহোৱা হৈছে নিৰাপত্তা । সকলোৱে জীৱনৰ নিৰাপত্তাক লৈ চিন্তিত । ইয়াৰ মাজতেই ১৮ জুনত গুৰুদ্বাৰা কাৰতে পাৰৱানৰ ওচৰত সংঘটিত হৈছিল কেইবাটাও বিস্ফোৰণৰ ঘটনা । ইয়াকে লৈ চিন্তিত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে দেশখনত শিখসকলৰ ধৰ্মীয়-সম্পত্তিৰ সুৰক্ষাৰ দাবী জনালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক (Sikh urge Minister of External Affairs S Jaishankar For protection in Afghanistan)।

নেচনেল ডেস্ক,২৯ জুন:যুদ্ধবিধ্বস্ত আফগানিস্তানৰ কাবুলৰ গুৰুদ্বাৰাত সংঘটিত আক্ৰমণৰ কেইদিনমান পিছতে এই দেশখনত শিখসকলৰ ধৰ্মীয়-সম্পত্তিৰ সুৰক্ষাৰ দাবী জনাইছে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে (এনচিএম)। ইতিমধ্য়ে এই বিষয়টো ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে (National Commission for Minorities) অৱগত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক (National Commission for Minorities urged Minister of External Affairs S Jaishankar)। ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ এক সূত্ৰই আফগানিস্তানত শিখসকলৰ ধৰ্মীয় সম্পত্তিৰ সুৰক্ষাৰ বিষয়টো আফগানিস্তান চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ আহ্বান জনোৱা বুলি সদৰি কৰিছে।

উল্লেখ্য় যে যুদ্ধবিধ্বস্ত আফগানিস্তানৰ এক সংখ্যালঘু সম্প্ৰদায়ৰ উপাসনাস্থলীত শেহতীয়াকৈ লক্ষ্য কৰি কৰা আক্ৰমণত ১৮ জুনত গুৰুদ্বাৰা কাৰতে পাৰৱানৰ ওচৰত কেইবাটাও বিস্ফোৰণৰ ঘটনা ঘটিছিল (Several blasts were reported near Gurdwara Karte Parwan in Afghanistan)। এনচিএমে এই প্ৰসংগত কয়,'ভাৰতত বাস কৰা শিখ জনগোষ্ঠী আৰু আফগানিস্তান ত্যাগ কৰা লোকসকল আফগানিস্তানৰ ঐতিহাসিক/ধৰ্মীয় গুৰুদ্বাৰাসমূহৰ সম্পত্তিৰ নিৰাপত্তাক লৈ গভীৰভাৱে চিন্তিত । কাৰণ এনে শিখ ধৰ্মীয় স্থানত আক্ৰমণত জড়িত শিখ বিৰোধীসকলৰ দ্বাৰা এইবোৰ স্থান পাছত হস্তগত কৰা হ'ব পাৰে ।'

এনচিএমৰ একেটা সূত্ৰই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক আফগানিস্তানত শিখসকলৰ ঐতিহাসিক/ধৰ্মীয় সম্পত্তিৰ সুৰক্ষা সন্দৰ্ভত আফগানিস্তান চৰকাৰৰ সৈতে আলোচনা কৰি পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনোৱা বুলিও সদৰী কৰিছে(Demand for protection of Gurdwara in Afghanistan)।ইপিনে, এনচিএমে আফগানিস্তানত শিখসকলৰ ধৰ্মীয় স্থানৰ এখনৰ তালিকাও বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ হাতত জমা দিয়া বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:etv comment image Thumbnail image আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি আলবাৰ্টো ফাৰ্ণাণ্ডেজৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা বৈঠক মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.