ETV Bharat / bharat

G20 summit in Delhi : জলবায়ু প্ৰত্যাহ্বানৰ মোকাবিলাৰে বহনক্ষম বিকাশৰ আহ্বান জি ২০ নেতাসকলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 6:42 PM IST

G20 summit in Delhi
G20 summit in Delhi

জলবায়ু পৰিৱৰ্তন, পাৰিপাৰ্শ্বিক অৱক্ষয়, অবহনযোগ্য ব্যৱহাৰ আৰু উৎপাদন আৰু সম্পদৰ অভাৱ হৈছে প্ৰত্যাহ্বান, যাক কেৱল সামূহিকভাৱে আৰু সংহতিৰে সমাধান কৰিব পাৰি ।

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : জি-২০ সন্মিলনৰ বাবে দিল্লীত একত্ৰিত হৈছে বিশ্বৰ শীৰ্ষ নেতাসকল । উক্ত সন্মিলনত জলবায়ুৰ ক্ষেত্ৰতো বিশ্বৰ সন্মুখত বিভিন্ন প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ আহ্বান জনায় । ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনাকে কয় যে বিত্তীয় সংকটৰ পিছত বিশ্বজুৰি বিকাশ পুনৰুদ্ধাৰ কৰিবলৈ ১৫ বছৰ পূৰ্বে জি-২০ নেতাসকল প্ৰথমবাৰৰ বাবে একত্ৰিত হৈছিল ।

"আমি বৰ্তমান এক বৃহৎ প্ৰত্যাহ্বানৰ সময়ত মিলিত হৈছোঁ । বিশ্বই নেতৃত্ব প্ৰদানৰ বাবে পুনৰবাৰ জি-২০লৈ চাই আছে । মই বিশ্বাস কৰোঁ যে আমি একেলগে এই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিব পাৰোঁ ।" তেওঁ কয় । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনচিও লুলা ডা চিলভাই তেওঁৰ দেশত অনুষ্ঠিত জি-২০ সভাপতিত্বকালত কৈছিল যে ই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে গোলকীয় সংগ্ৰামৰ বাবে এক টাস্ক ফ'ৰ্চ আৰম্ভ কৰিব ।

তেওঁ কয়, "আমি প্ৰশমন, অভিযোজন, লোকচান আৰু ক্ষতি আৰু বিত্তীয় যোগানৰ মাজত সন্তুলিত জলবায়ু কাৰ্যসূচীৰ সৈতে ২০২৫ চনত চিঅ'পি ৩০-ত উপনীত হ'ব বিচাৰোঁ । গ্ৰহটোৰ স্থিৰতা আৰু মানুহৰ মৰ্যাদা নিশ্চিত কৰাৰ বাবে এই লক্ষ্য ।" লগতে তেওঁ কয় যে ব্ৰাজিলে এই ক্ষেত্ৰত সকলোৱে অংশগ্ৰহণ কৰাটো আশা কৰিব যাতে পৃথিৱীৰ সৌন্দৰ্য কেৱল 'মহাকাশৰ পৰা চোৱা আলোকচিত্ৰ' হৈ নাথাকে ।

আনহাতে, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাই কয় যে জি-২০-য়ে আফ্ৰিকান ইউনিয়নক গ্ৰুপটোৰ সদস্য হিচাপে গ্ৰহণ কৰাত তেওঁলোক আনন্দিত । তেওঁ কয়, "কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিশ্বজনীন পুনৰ নিৰ্মাণে নিম্ন-কাৰ্বন, জলবায়ু স্থিতিস্থাপক, বহনক্ষম সমাজলৈ পৰিৱৰ্তন ত্বৰান্বিত কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰিছে ।"

তেওঁ কয় যে উন্নয়নশীল অৰ্থনীতিয়ে এই সংকটৰ বাবে আটাইতকৈ কম দায়িত্ব বহন কৰা সত্ত্বেও জলবায়ু পৰিৱৰ্তনৰ ফলাফল বহন কৰি আছে । "আফ্ৰিকান আৰু অন্যান্য উন্নয়নশীল অৰ্থনীতিৰ দেশ হিচাপে আমি দৰিদ্ৰতা, বৈষম্য আৰু নিবনুৱাৰ দৰে গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰত্যাহ্বানৰ মাজত আমাৰ জলবায়ু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে কাম কৰি আছোঁ ।" তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক :G20 summit 2023 : চীনে ব্যাখ্যা কৰক জি২০ সন্মিলনত ঝি জিনপিঙৰ অনুপস্থিতিৰ কাৰণ; আমেৰিকা যুক্তৰাষ্ট্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.