ETV Bharat / bharat

G20 summit 2023 : চীনে ব্যাখ্যা কৰক জি২০ সন্মিলনত ঝি জিনপিঙৰ অনুপস্থিতিৰ কাৰণ; আমেৰিকা যুক্তৰাষ্ট্ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 4:34 PM IST

G20 summit 2023
G20 summit 2023

ভাৰতে হাই-প্ৰফাইল সন্মিলনখনত দুয়োগৰাকী নেতাৰ অনুপস্থিতিৰ বিষয়টোৰ আঁতৰি গৈ কয় যে বহুপাক্ষিক ক্ষেত্ৰত সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত সকলো সদস্যৰ মাজত সহমত বিকশিত কৰাটোৱেই মুখ্য লক্ষ্য ।

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : দিল্লীত চলি আছে বহু প্ৰতীক্ষিত জি-২০ শীৰ্ষ সন্মিলন । আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল এই সন্মিলনত উপস্থিত হৈছে । আনহাতে, বহু দেশৰ প্ৰতিনিধিসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিছে । অৱশ্যে তাৰ মাজতে চীন আৰু ৰছিয়াৰ ৰাষ্ট্ৰপ্ৰধানে এই সন্মিলনত উপস্থিত থকাৰ পৰা বিৰত আছে ।

ইফালে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে নতুন দিল্লীৰ জি-২০ সন্মিলন বাদ দিয়াৰ সময়ত আমেৰিকাই শনিবাৰে কৈছে যে বহুপাক্ষিক অনুষ্ঠানত তেওঁৰ অনুপস্থিতি ব্যাখ্যা কৰাটো বেইজিং চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে । "তেওঁলোকৰ নেতাই কিয় অংশগ্ৰহণ কৰিব বা নকৰিব সেয়া ব্যাখ্যা কৰাটো চীন চৰকাৰৰ দায়িত্ব ।" নতুন দিল্লীত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আমেৰিকাৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জন ফাইনাৰে কয় ।

তেওঁ আৰু কয় যে যদি চীন গ্ৰুপটোৰ সফলতাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ নহয় তেন্তে, এইটো 'দুৰ্ভাগ্যজনক' । "কিছুমানে অনুমান কৰিছে যে চীনৰ অনুপস্থিতিয়ে ইংগিত দিয়ে যে চীনে জি-২০ ত্যাগ কৰি এক বৈকল্পিক বিশ্ব শৃংখলা গঢ়ি তুলিছে, যিয়ে ব্ৰিকছৰ দৰে গ্ৰুপসমূহক বিশেষাধিকাৰ প্ৰদান কৰিব ।" ফাইনাৰে লগতে কয় । চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে জি-২০ নেতা সন্মিলনত দেশক প্ৰতিনিধিত্ব কৰিছে ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইউক্ৰেইনৰ বিৰুদ্ধে মস্কোৰ চলিত যুদ্ধৰ মাজত সন্মিলনখন এৰাই গৈছে । তেওঁৰ হৈ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভে প্ৰতিনিধিত্ব কৰিছে । আনহাতে, ভাৰতে হাই-প্ৰফাইল সন্মিলনৰ পৰা দুয়োগৰাকী নেতাৰ অনুপস্থিতিৰ বিষয়টোৰ পৰা কৌশলেৰে আঁতৰি গৈ কয় যে বহুপাক্ষিক ক্ষেত্ৰত সন্মুখীন হোৱা গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত সকলো সদস্যৰ মাজত সহমত বিকশিত কৰাটোৱেই মুখ্য লক্ষ্য ।

উল্লেখ্য যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি চীনৰ সৰ্বোচ্চ নেতা ঝি জিনপিঙৰ অনুপস্থিতিয়ে কিছু পৰিমাণে জি-২০ সন্মিলনৰ উৎসাহ হ্ৰাস কৰিছে । কিয়নো এই দুয়োখন দেশৰ সৰ্বোচ্চ নেতাৰ অনুপস্থিতিত সহমত গঢ়ি তোলাত এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে ।

জি-২০ সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বৰ আন বিশিষ্ট নেতাসকল হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেন, জাৰ্মান চেঞ্চেলৰ ওলাফ শ্চোলজ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ন, ছৌদি আৰবৰ কোঁৱৰ মহম্মদ বিন ছলমান আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ' কিশিডা । চীনৰ ৰাজ্যিক পৰিষদৰ প্ৰধানমন্ত্ৰী লি কিয়াং আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভেও ক্ৰমে ঝি জিনপিং আৰু ভ্লাদিমিৰ পুটিনৰ পৰিৱৰ্তে সন্মিলনত অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :G20 Summit 2023 : জিনপিং-পুটিন সন্মিলনত নাথাকিলেও ভাৰত বিশ্বৰ এক গুৰুত্বপূৰ্ণ কণ্ঠস্বৰ হৈ থাকিব; কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.