ETV Bharat / bharat

Delhi Friends Tragedy : ছোৱালীৰ সৈতে কথা পতাটোৱেই অপৰাধ ! বন্ধুৱে কাটিলে বন্ধুৰ আঙুলি

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:45 AM IST

ছোৱালীৰ সৈতে কথা পতাটোৱেই অপৰাধ ! বন্ধুৱে কাটিলে বন্ধুৰ আঙুলি
Delhi Friends Tragedy

কোৱা হয় যে বন্ধুত্ব হৈছে এনে এক সম্পৰ্ক, যিটো তেজৰ সম্পৰ্কতকৈও অধিক গাঢ় । কিন্তু সমাজত এনে লোকো আছে, যিয়ে এই সম্পৰ্কক লজ্জানত কৰে । শেহতীয়াকৈ দিল্লীত তেনে এক ঘটনা পোহৰলৈ আহিছে । সন্দেহৰ বশৱৰ্তী হৈ এগৰাকী বন্ধুৱে আন এগৰাকী বন্ধুক আক্ৰমণ কৰি তেওঁৰ আঙুলি কাটি পেলায় ।

নিউজ ডেস্ক, ১১ নৱেম্বৰ : দেশৰ ৰাজধানীৰ দ্বাৰকা উপ-চহৰৰ দক্ষিণ আৰক্ষী থানা অঞ্চলত সংঘটিত এক অদ্ভুত ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে । এই ঘটনাত এগৰাকী বন্ধুৱে আন এগৰাকী বন্ধুৰ দুটা আঙুলি কাটি পেলায় । কিন্তু কিয় কৰিলে এই কাম ? ইয়াৰ অন্তৰালৰ কাহিনী জানিলে আচৰিত হৈ পৰিব । ঘটনাটো এনে ধৰণৰ । এগৰাকী বন্ধুৱে সন্দেহ কৰিছিল যে তেওঁৰ বন্ধুৱে টিউচনলৈ গৈ এগৰাকী ছোৱালীৰ সৈতে কথা পাতে । এই সন্দেহতে অভিযুক্তই তেওঁৰ বন্ধুৰ আঙুলি কাটে । কেৱল সিমানেই নহয়, অভিযুক্তই তেওঁৰ বন্ধুক হত্যাৰ ভাবুকিও দিয়ে । ভুক্তভোগী বন্ধুজন হৈছে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ।

তাতোকৈ আচৰিত কথা যে ভুক্তভোগীয়ে তেওঁৰ আঙুলি কটাৰ কথা কাকো ক'বলৈ অস্বীকাৰ কৰে । ইয়াৰ বিপৰীতে তেওঁৰ পৰিয়াল আৰু চিকিৎসকক কয় যে তেওঁৰ আঙুলি মটৰচাইকেলৰ চেইনত সোমাই আঘাতপ্ৰাপ্ত হৈছে । অৱশ্যে এই কথা অভিযুক্তই ভুক্তভোগী বন্ধুজনক ক'বলৈ বাধ্য কৰাইছিল । ভুক্তভোগীৰ পৰা এই প্ৰতিশ্ৰুতি লৈ অভিযুক্ত বন্ধুজনে তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল । কিন্তু তেওঁ এই কথা বেছি দিন পৰিয়ালৰ পৰা লুকুৱাই ৰাখিব পৰা নাছিল । অৱশেষত ৮ নৱেম্বৰত পৰিয়ালটোৱে আৰক্ষীক এই বিষয়ে অৱগত কৰে ।

তেওঁলোকে আৰক্ষীৰ আগত কয় যে ভুক্তভোগী দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । অভিযুক্তই একাদশ শ্ৰেণীত অনুত্তীৰ্ণ হৈছিল । আনহাতে, তেওঁৰ সৈতে পঢ়া বন্ধুজন দ্বাদশ শ্ৰেণীলৈ উত্তীৰ্ণ হৈ মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল । যোৱা ২১ অক্টোবৰত অভিযুক্তই তেওঁৰ ভুক্তভোগী বন্ধুক ফোন কৰি মাতে । তাৰ পিছত তেওঁলোক এখন পাৰ্কত মিলিত হয় । কিন্তু তাত উপস্থিত হোৱাৰ পিছত অভিযুক্তই তেওঁৰ বন্ধুক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে । লগতে এগৰাকী ছোৱালীৰ বিষয়ে সুধি কয়ে যে তেওঁ কিয় ছোৱালীগৰাকীৰ সৈতে কথা পাতে ।

ভুক্তভোগীয়ে প্ৰকাশ কৰা অনুসৰি ছোৱালীজনীয়েও তেওঁৰ সৈতে একেলগে টিউচন কৰে । কিন্তু তেওঁ ছোৱালীগৰাকীৰ সৈতে কোনো কথা-বতৰা নাপাতে । কিন্তু অভিযুক্তই তেতিয়াও তেওঁৰ কথা মানি লোৱা নাছিল । বৰঞ্চ ভুক্তভোগীক আক্ৰমণ কৰিবলৈ লয় আৰু তেওঁৰ আঙুলিত আঘাত কৰে । কেৱল সিমানেই নহয়, তেওঁৰ দুটা আঙুলিও কাটি পেলায় । আনহাতে, অভিযুক্তই তেওঁক হত্যা কৰাৰো ভাবুকি দিয়ে । ঘটনা সন্দৰ্ভত দ্বাৰকা দক্ষিণ আৰক্ষী থানাৰ আৰক্ষীৰ দলে অভিযুক্তক জেৰা আৰু তদন্তৰ পিছত এটা গোচৰ ৰুজু কৰিছে আৰু এতিয়া পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ বাবে আগবাঢ়িছে ।

লগতে পঢ়ক :Fire Broke Out In A Passenger Bus: যাত্ৰীবাহী বাছত হোৱা অগ্নিকাণ্ডৰ ফলত মৃত্যু এজন, আহত 30

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.