ETV Bharat / bharat

ভাৰত-বাংলাদেশ সীমান্তত একেলগে 14 জন বাংলাদেশী নাগৰিক আটক

author img

By

Published : May 9, 2022, 5:49 PM IST

fourteen-suspected-bangladesh-detained-in-tripura
ভাৰত-বাংলাদেশ সীমান্তত একেলগে 14 জন বাংলাদেশী নাগৰিক আটক

ইন্দো-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে কমেও ১৪ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছে (Suspected Bangladeshi detained in Tripura) ৷ প্ৰাথমিক জেৰাৰ সময়ত আটকাধীন লোক কেইজনক ৰহিংগীয়া বুলি ধাৰণা কৰা হৈছিল ৷

আগৰতলা, ৮ মে': ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ অন্তৰ্গত মধুপুৰৰ ইন্দো-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে কমেও ১৪ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিছে (suspected Bangladeshi detained in Tripura) ৷ সূত্ৰ অনুসৰি, নিয়মীয়া টহলৰ সময়ত বিএছএফে ১৪ জন লোকক আটক কৰিছে (BSF detained fourteen persons) ৷

প্ৰাথমিক জেৰাৰ সময়ত আটকাধীন লোক কেইজনক ৰহিংগীয়া বুলি ধাৰণা কৰা হৈছিল (Suspected Rohingya turned out to be Bangladeshi citizens) ৷ কিন্তু পিছত জানিব পৰা যায় যে, তেওঁলোক কামৰ সন্ধানত আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰা বাংলাদেশী নাগৰিক ।

নাম প্ৰকাশ নকৰাকৈ ত্ৰিপুৰা আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰে যে, " বিএছএফ জোৱানসকলে ৰহিংগীয়াৰ সন্দেহত ১৪ জন লোকক আটক কৰিছে । অৱশ্যে পিছত তেওঁলোকক আৰক্ষীৰ হাতত গতাই দিয়া হৈছে। পৰৱৰ্তী জেৰাৰ সময়ত তেওঁলোক আটাইয়ে স্বীকাৰ কৰে যে, তেওঁলোক বাংলাদেশী নাগৰিক আৰু কামৰ সন্ধানত সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ আহিছে "।

লগতে পঢ়ক : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.