ETV Bharat / state

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন

author img

By

Published : May 9, 2022, 2:20 PM IST

union-home-minister-amit-shah-visits-indo-bangla-border
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন

সোমবাৰে দক্ষিণ শালমৰা-মানকাচৰত উপস্থিত(Minister Amit Shah in Assam on two day tour) হৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পৰিদৰ্শন কৰে ভাৰত-বাংলাদেশ সীমান্ত(Amit Shah visits Indo Bangla border) ৷ সীমান্তৰ মানকাচৰৰ ঠাকুৰণবাৰীস্থিত শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰো দৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ দাসৰ লগতে চৰকাৰী কেইবাগৰাকীও শীৰ্ষ বিষয়াই ৷

গুৱাহাটী, 9 মে': দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অসমলৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সোমবাৰে পুৱাৰ ভাগত উপস্থিত হয় দক্ষিণ শালমৰা-মানকাচৰত ৷ তাৰপিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন(Amit Shah visits Indo Bangla border) কৰে ৷

Union Home Minister Amit Shah visits Indo Bangla border
মন্ত্ৰী অমিত শ্বাহৰ ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন

তেওঁ সীমান্তৰ মানকাচৰৰ ঠাকুৰণবাৰীস্থিত শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰো দৰ্শন কৰে ৷ এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰণজিৎ দাসৰ লগতে চৰকাৰী কেইবাগৰাকীও শীৰ্ষ বিষয়া(Minister Amit Shah in Assam on two day tour) ই ৷

উল্লেখ্য যে, দেওবাৰে নিশা প্ৰায় ১২ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত বিমান বন্দৰত অৱতৰণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিমান বন্দৰত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাসকলে আদৰণি জনায় মন্ত্ৰী অমিত শ্বাহক ৷ দেওবাৰে নিশা কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছতে সোমবাৰে পুৱা ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ বাবে দক্ষিণ শালমৰা-মানকাচৰত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷

Union Home Minister Amit Shah visits Indo Bangla border
আশীৰ্বাদ গ্ৰহণ

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সোমবাৰে বি এছ এফ-ৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে ৷ আজি সন্ধিয়াই অমিত শ্বাহে উদ্বোধন কৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চুপাৰ স্পেচিয়েলিটি হাস্পতালখন ৷

Union Home Minister Amit Shah visits Indo Bangla border
কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ শ্ৰীশ্ৰী মা কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন

আনহাতে, মঙলবাৰে অমিত শ্বাহে ৰাষ্ট্ৰপতিৰ হৈ অসম আৰক্ষীক প্ৰদান কৰিব “ৰাষ্ট্ৰপতিৰ কালাৰ” সন্মান ৷ পৰৱৰ্তী সময়ত দিনৰ ১.৩০ বজাত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ এখন দলীয় সমাৱেশত অংশগ্ৰহণ কৰিব ৷ বিয়লিৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত অংশ লৈ গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ’বলগীয়া কামৰূপ(ম) জিলাৰ উপায়ুক্তৰ কাৰ্যালয়, মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, এটা প্ৰেক্ষাগৃহকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওক: গৃহমন্ত্ৰী আহি আছে; মহানগৰীৰ ৰাজপথত কেতবোৰ বাহন চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.