ETV Bharat / bharat

Kedarnath Yatra : কেদাৰনাথৰ মোডী গুহা সংযোগী দলং ক্ষতিগ্ৰস্ত

author img

By

Published : May 5, 2023, 4:39 PM IST

কেদাৰনাথ ধামস্থিত মোডী গুহালৈ যোৱা ফুট অভাৰব্ৰীজৰ ক্ষতিসাধন (Foot bridge leading to Modi cave damaged)। সমস্যাত পৰিছে ভক্তসকল । উত্তৰাখণ্ড চৰকাৰে প্ৰতিকূল বতৰৰ বাবে কেদাৰনাথৰ বাবে পঞ্জীয়ন ৮ মে'লৈ স্থগিত ৰাখিছে ।

Kedarnath Yatra
মোডী গুহা সংযোগী দলং ক্ষতিগ্ৰস্ত

নেশ্যনেল ডেস্ক,৫ মে' : কেদাৰনাথ ধামৰ মোডী গুহা সংযোগী পথ ক্ষতিগ্ৰস্ত । যাৰ বাবে সেই গুহালৈ যাতায়ত বন্ধ হৈ পৰিছে । কেদাৰনাথ ধামৰ গৰুড়তী আৰু মোডী গুহাক সংযোগ কৰিবলৈ স্থাপন কৰা দলংখনৰ বিস্তৰ ক্ষতি হয় (Foot bridge leading to Modi cave damaged)।

এনে পৰিস্থিতিত, কেদাৰনাথ ধামলৈ যোৱা তীৰ্থযাত্ৰীসকলে মন্দাকিনী নদীৰ পাৰত অৱস্থিত গড়ৱাল মণ্ডল বিকাশ নিগমৰ শিবিৰ, মোডী গুহা, গৰুড়চাট্টি আৰু ললিত দাস মহাৰাজৰ আশ্ৰমৰ টেণ্ট কলনীত উপস্থিত হোৱাত সমস্যাৰ সন্মুখীন হৈছে । নদী পাৰ হ'বলৈ মন্দাকিনী নদীৰ ওপৰত থকা দলংখনত বৰ্তমান যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে ।

উল্লেখ্য যে গৰুড়চাট্টিৰ পুৰণি পথটো মাদাকিনী নদীৰ পাৰত অৱস্থিত । এইবাৰ, গড়ৱাল মণ্ডল বিকাশ নিগমে যাত্ৰীসকলক নদীৰ পাৰত থাকিবলৈ এটা শিবিৰো নিৰ্মাণ কৰিছে । মোডী গুহাকে ধৰি অন্যান্য গুহাসমূহো ইয়াত আছে । নিৰন্তৰ বৰষুণৰ ফলত, দলংখনৰ চাৰিওফালে থকা পদপথটো ক্ষতিগ্ৰস্ত হৈছে । এনে পৰিস্থিতিত মোডী গুহাৰ উপৰিও শিবিৰত থাকিবলৈ যোৱা যাত্ৰীসকলে বৃহৎ সমস্যাৰ সন্মুখীন হৈছে (Modi cave in Kedarnath)।

ইয়াৰ উপৰিও, ললিত মহাৰাজৰ আশ্ৰমো তাতে অৱস্থিত । হাজাৰ হাজাৰ ভক্তই প্ৰসাদ গ্ৰহণৰ বাবে আৰু মুক্ত ভাণ্ডাৰাত থাকিবলৈ প্ৰতিদিনে আশ্ৰমলৈ যায় । এতিয়া পথটো ক্ষতিগ্ৰস্ত হোৱাৰ বাবে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে । বিভাগীয় বিষয়াসকলে কৈছে যে মন্দাকিনী নদীৰ ওপৰত নিৰ্মিত দলঙৰ গাৰ্ডৱালবোৰ ক্ষতিগ্ৰস্ত হৈছে । নতুন গাৰ্ডৱাল নিৰ্মাণৰ কাম অব্যাহত আছে । বৰ্তমান, দলংখনেৰে যান-বাহনৰ চলাচল বন্ধ হৈ আছে । যিসকল যাত্ৰীয়ে নদী পাৰ হ'ব বিচাৰে তেওঁলোকে এতিয়া মন্দিৰৰ পিছফালৰ পথেৰে যাব লাগিব ।

চাৰধাম মহাপঞ্চায়তৰ উপ-সভাপতি সন্তোষ ত্ৰিবেদীয়ে কোৱা মতে মোডী গুহা আৰু গৰুড়চাট্টিলৈ যোৱা ফুট অভাৰব্ৰীজখন ক্ষতিগ্ৰস্ত হৈছে । উক্ত পথটোৱে মোডী গুহাকো সংযোগ কৰে । ললিত মহাৰাজ আশ্ৰমো দলঙৰ সিপাৰে আছে । শ শ ভক্ত আৰু সাধু সেই স্থানৰ বিনামূলীয়া শিবিৰত আশ্ৰয় লয় । ত্ৰিবেদীয়ে উল্লেখ কৰা মতে দলঙখন সোনকালে মেৰামতি কৰাটো প্ৰয়োজনীয় । কিয়নো বহুলোকে মোডী গুহাৰ বাবে বুকিং কৰিছে ।

ইফালে কেদাৰনাথত বতৰ নিৰন্তৰ অৱনতি হৈ আছে । উত্তৰাখণ্ড চৰকাৰে পৰৱৰ্তী ৪ দিনলৈ অৰ্থাৎ ৮ মে'লৈকে কেদাৰ উপত্যকাত প্ৰতিকূল বতৰৰ সম্ভাৱনাৰ বাবে পঞ্জীয়ন স্থগিত ৰাখিছে (Registration for Kedarnath postponed till May 8)। ইয়াৰ পূৰ্বে, প্ৰতিকূল বতৰৰ বাবে, যাত্ৰা ৩ মে'ত বন্ধ কৰিব লগা হৈছিল । যাত্ৰা পথত হিমবাহবোৰ নিৰন্তৰ ভাৱে ভাঙি আছে, যাৰ ফলত পথটো মুকলি কৰাত যথেষ্ট অসুবিধা হৈছে ।

লগতে পঢ়ক :Manipur Violence update : মণিপুৰৰ হিংসাত আহত বিজেপিৰ বিধায়ক; অনুচ্ছেদ 355 জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.